অসম

assam

ETV Bharat / technology

৮ এপ্ৰিলত পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণ, ভাৰতৰ পৰা দৃশ্যমান হ'ব নে ? - Solar Eclipse of 2024 - SOLAR ECLIPSE OF 2024

Solar Eclipse of 2024: প্ৰায় ৫০ বছৰৰ পিচত কানাডা আৰু উত্তৰ আমেৰিকাত পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণ দৃশ্যমান হ'ব । এই মহাজাগতিক পৰিঘটনাৰ বাবে বিশ্বজুৰি ব্যাপক কৌতূহল দেখা গৈছে । ভাৰতত দৃশ্যমান হ'ব নে ?

Solar Eclipse of 2024
৮ এপ্ৰিলত পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণ

By ETV Bharat Assamese Team

Published : Mar 30, 2024, 1:01 PM IST

নেশ্যনেল ডেস্ক,৩০ মাৰ্চ : ২৫ মাৰ্চৰ চন্দ্ৰগ্ৰহণৰ পিচত এইবছৰৰ প্ৰথমটো পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণ ৮ এপ্ৰিলত হ'ব । ই এক মহাজাগতিক পৰিঘটনা । বিশ্বজুৰি ইয়াক লৈ চৰ্চা হৈছে । জ্যোতিৰ্বিজ্ঞানীসকলৰ মতে ই আটাইতকৈ দীঘলীয়া সূৰ্যগ্ৰহণ হ'ব ।

সূৰ্যগ্ৰহণৰ সময়

৮ এপ্ৰিলত পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণ ভাৰতীয় সময় অনুসৰি বিয়লি ০২.১২ বজাত আৰম্ভ হ'ব আৰু ৯ এপ্ৰিলৰ পুৱা ০২.২২ বজাত সমাপ্ত হ'ব । বিশ্বজুৰি এই মহাজাগতিক পৰিঘটনাক লৈ কৌতূহল অব্যাহত আছে যদিও ভাৰতৰ পৰা ই দৃশ্যমান নহ'ব । ইয়াৰ পৰিৱৰ্তে ই কানাডা আৰু উত্তৰ আমেৰিকাত দৃশ্যমান হ'ব । মেক্সিকোৰ প্ৰশান্ত মহাসাগৰীয় উপকূলৰ পৰা আৰম্ভ কৰি আমেৰিকাৰ মাজেৰে পাৰ হৈ পূব কানাডাত সমাপ্ত হ'ব ।

সূৰ্যগ্ৰহণৰ ম্যাদ

৪ মিনিট ২৮ ছেকেণ্ড হ'ব এই পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণ । ২০১৭ চনৰ সূৰ্যগ্ৰহণৰ সময়ৰ ই দুগুণ হ'ব ।

মেক্সিকোৰ পৰা নিউফাউণ্ডলেণ্ডলৈকে বিস্তৃত সামগ্ৰিকতাৰ ১১৫ মাইল বহল কৰিডৰৰ ভিতৰত প্ৰায় ৪৪ নিযুত ব্যক্তি বাস কৰে ৷ যাৰ এক গুৰুত্বপূৰ্ণ অংশ আমেৰিকাত আছে ৷ ফলত জনবহুল অঞ্চলবোৰত নিশ্চিতভাৱে এই মহাজাগতিক পৰিঘটনাটো চাবলৈ লোকসকলে ভিৰ কৰিব ।

পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণ কি ?

যেতিয়া চন্দ্ৰ সূৰ্য আৰু পৃথিৱীৰ মাজেৰে পাৰ হৈ যায় আৰু সূৰ্য সম্পূৰ্ণৰূপে ঢাক খায় । তেতিয়া ইয়াক পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণ বুলি কোৱা হয় । চন্দ্ৰৰ ছাঁই সূৰ্যক সম্পূৰ্ণৰূপে আৱৰি থাকে । এনে সময়ত আকাশখন অন্ধকাৰ হৈ পৰে । পুৱা বা সন্ধিয়া যেন অনুভৱ হয় ।

পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণ কিয় বিৰল ?

পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণ প্ৰত্যক্ষ কৰিব পৰা স্থান বিচাৰি উলিওৱা এক লজিষ্টিক প্ৰত্যাহ্বান । কিয়নো পৃথিৱী পৃষ্ঠৰ প্ৰায় ৭০ শতাংশতকৈও অধিক স্থান আৱৰি আছে মহাসাগৰে । ফলস্বৰূপে, এনে ঘটনাবোৰ প্ৰায়ে দূৰৱৰ্তী স্থানত সংঘটিত হয় ৷যাৰ ফলত ইয়াৰ প্ৰতি আকৰ্ষণ আৰু ৰহস্য বৃদ্ধি হয় ।

নাছাৰ চাউণ্ডিং ৰকেট

নেশ্যনেল এৰ'নটিক্স এণ্ড স্পেচ এডমিনিষ্ট্ৰেশ্যনে (নাছা) ৮ এপ্ৰিলত পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণৰ সময়ত তিনিটা চাউণ্ডিং ৰকেট উৎক্ষেপণ কৰিব । যেতিয়া পৃথিৱীৰ এটা অংশত সূৰ্যৰ পোহৰ কিছু সময়ৰ বাবে নোহোৱা হয় তেতিয়া গ্ৰহটোৰ ওপৰৰ বায়ুমণ্ডল কেনেদৰে প্ৰভাৱিত হয় তাক অধ্যয়ন কৰিবলৈ এই ৰকেট উৎক্ষেপণ কৰা হ'ব ।

মহাকাশ সংস্থাৰ মতে, চাউণ্ডিং ৰকেটবোৰ তিনিটা পৃথক সময়ত উৎক্ষেপণ কৰা হ'ব : সূৰ্যগ্ৰহণৰ ৪৫ মিনিট আগতে, সূৰ্যগ্ৰহণ সময়ত আৰু ইয়াৰ ৪৫ মিনিট পিছত । এই সময়ৰ ব্যৱধানে সূৰ্যগ্ৰহণৰ ফলত আয়নোস্ফিয়াৰক কেনেদৰে প্ৰভাৱিত কৰে তাৰ তথ্য সংগ্ৰহ কৰাটো গুৰুত্বপূৰ্ণ ।

লগতে পঢ়ক :৮ এপ্ৰিলত বছৰৰ প্ৰথমটো সূৰ্যগ্ৰহণ, ভাৰতত ইয়াৰ প্ৰভাৱ কি হ'ব ? - Solar Eclipse 2024

ABOUT THE AUTHOR

...view details