নিউজ ডেস্ক, 16 ছেপ্টেম্বৰ:ভাৰতত মুকলি হ’ল Realme Pad 2 Lite 4G টেবলেট । ইয়াৰ দাম আৰু বৈশিষ্ট্যসমূহ জানো আহক ---
শেহতীয়াকৈ টেবলেটৰ বজাৰখন পূৰ্বতকৈ যথেষ্ট নিস্তব্ধ হৈ থকাৰ বিপৰীতে Realme, Xiaomi, Lenovo, আৰু Samsung আদি ব্ৰেণ্ডে এণ্ড্ৰইড টেবলেট এতিয়াও সময়ে সময়ে মুকলি কৰি আছে । শেহতীয়াকৈ Realme এ বহু প্ৰত্যাশিত Realme Pad 2 Lite 4G টেবলেট অতি সুলভ মূল্যত মুকলি কৰিছে, বিভিন্ন বৈশিষ্ট্যসংযুক্ত এই টেবলেটটো ব্যৱহাৰকাৰীয়ে ব্যৱহাৰ কৰি ভাল পাব বুলি আশা কৰা হৈছে । ইয়াৰ কিছুমান ষ্টেণ্ডআউট বৈশিষ্ট্যৰ ভিতৰত আছে 4G কলিং সমৰ্থন, এটা 2K ডিছপ্লে, আৰু এটা শক্তিশালী 8,300mAh বেটাৰী ।
Realme Pad 2 Light মুকলি
ই-কমাৰ্চ প্লেটফৰ্ম Flipkar এ ইতিমধ্যে Realme Pad 2 Lite মুকলিৰ বাবে এটা নিৰ্দিষ্ট মাইক্ৰ’ছাইট স্থাপন কৰিছে । 13 ছেপ্টেম্বৰৰ দিনা দিনৰ 12 বজাত মুকলি কৰা হয় এই টেবলেটটো । গ্ৰাহকে Flipkart আৰু Realme India website দুয়োটাতে Realme Pad 2 Lite ৰ অৰ্ডাৰ দিবলৈ আৰম্ভ কৰিব পাৰিব ।