হায়দৰাবাদ: অতি সোনকালে বজাৰত মুকলি হ’ব আন এটা স্মাৰ্টফোন । এই স্মাৰ্টফোনটোৰ দ্বাৰা পানীৰ তলত ফটো তুলিব পাৰিব । এই স্মাৰ্টফোনটোৰ প্ৰি-বুকিং 18 নৱেম্বৰৰ পৰা আৰম্ভ হ’ব, আনহাতে ইয়াক মাত্ৰ 1000 টকা আদায় দিয়ে প্ৰি-অৰ্ডাৰ কৰিব পাৰিব । এই স্মাৰ্টফোনটো হৈছে Realme ৰ শেহতীয়া স্মাৰ্টফোন Realme GT 7 Pro । যিটো অতি সোনকালে বজাৰত উপলব্ধ হ’ব ।
Realme GT7 Pro প্ৰি-বুকিং
18 নৱেম্বৰৰ পৰা Realme ৰ নতুন স্মাৰ্টফোন Realme GT7 Pro ৰ প্ৰি-বুকিং আৰম্ভ হ’ব । তাৰ পিছত গ্ৰাহকে Realme ৰ অফিচিয়েল ৱেবছাইট বা অফলাইন ষ্ট’ৰ আৰু Amazon ৰ পৰা কিনিব পাৰিব । 26 নৱেম্বৰৰ 1 বজাৰ পৰা realme.com ত বিক্ৰীৰ বাবে উপলব্ধ হ’ব Realme GT 7 Pro ।
Realme GT 7 Pro ৰ বৈশিষ্ট্যসমূহ
এই স্মাৰ্টফোনটোৰ কিছুমান মূল বৈশিষ্ট্য প্ৰকাশ কৰিছে Realme-এ । Realme GT7 Pro ৰ কেমেৰা ছেটআপ যথেষ্ট অনন্য । ইয়াত 50MP চ’নী IMX882 টেলিফ’টো লেন্স থাকিব যিয়ে 3x অপটিকেল জুম আৰু 120x ডিজিটেল জুম সমৰ্থন কৰিব । ইয়াৰ উপৰিও ইয়াত থাকিব 50 এমপি চ’নী আইএমএক্স906 প্ৰাইমেৰী কেমেৰা আৰু 8এমপি ৱাইড এংগল লেন্স ।
পানীৰ তলৰ ফটোগ্ৰাফী মোড
এই ফোনটোৰ আটাইতকৈ আকৰ্ষণীয় কথাটো হ’ল ইয়াৰ পানীৰ তলত ফটোগ্ৰাফী মোডো আছে, যাৰ সহায়ত ব্যৱহাৰকাৰীয়ে পানীৰ তলত ফটো তুলিব পাৰে । ফোনটো 2 মিটাৰ গভীৰতালৈকে পানীত 30 মিনিট পৰ্যন্ত ডুবাই ৰাখিব পাৰিব ।