নগাঁও: পুনৰ এবাৰ ড্ৰাম বাদকৰ ৰূপত বুধবাৰে সন্ধিয়া দেখা গ'ল নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাক । নেহৰুবালিত সোমবাৰৰ পৰা অনুষ্ঠিত হোৱা নগাঁও ভোগালী উৎসৱৰ বুধবাৰে সন্ধিয়া অনুষ্ঠিত সাংস্কৃতিক অনুষ্ঠানত পুনৰ এবাৰ ড্ৰাম বজাই নগাঁওবাসীৰ দৃষ্টি আকৰ্ষণ কৰিলে স্থানীয় বিধায়কগৰাকীয়ে ।
ৰাজনীতিৰ উপৰি সাংস্কৃতিক জগতৰ সৈতেও জড়িত বিধায়ক ৰূপক শৰ্মাই দীৰ্ঘদিনৰ বিৰতিৰ অন্তত ড্ৰাম বজাই কঁপালে নগাঁও ভোগালী উৎসৱৰ মঞ্চ । বুধবাৰে সন্ধিয়াৰ পৰা অনুষ্ঠিত হোৱা সাংস্কৃতিক সন্ধিয়াত গীত পৰিবেশন কৰে শিল্পী তৰী আৰু জাশিনে । দুয়োগৰাকী শিল্পীৰ গীত পৰিবেশনৰ সময়ত আন আন বাদ্যযন্ত্ৰীসকলৰ লগতে ড্ৰাম বাদকৰ ৰূপত দেখা গ'ল সদৌ নগাঁও ভোগালী উৎসৱ উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি তথা বিধায়ক ৰূপক শৰ্মাক ।
মঞ্চত প্ৰায় দুই-তিনিঘণ্টা সময় ড্ৰাম বজাই উপস্থিত দৰ্শকক আপ্লুত কৰিলে বিধায়কগৰাকীয়ে । অনুষ্ঠানৰ শেষত সাংবাদিকৰ আগত তেওঁ কয়- "মাত্ৰ এঘণ্টা অনুশীলন কৰিছিলো ৷ প্ৰায় আঢ়ৈ-তিনিঘণ্টা সময় ড্ৰাম বজালোঁ ৷ খুব ভাল লাগিল ৷ বহুদিনৰ মূৰত বজাইছোঁ ৷ সেয়ে হাত-ভৰিবোৰ অলপ বিষাইছে ৷ আচলতে দেখিলে ৰৈ থাকিব নোৱাৰো ৷ তেজতেই সংগীত আছে ৷"
পূৰ্বে শিল্পী কৃষ্ণমণি নাথৰ সৈতে একেলগে মঞ্চত ড্ৰাম বজোৱাৰ কথাও সুঁৱৰে বিধায়ক ৰূপক শৰ্মাই । উল্লেখ্য যে সোমবাৰৰ পৰা বাৰেৰহণীয়া কাৰ্যসূচীৰে কলঙৰ বাকৰি নেহৰুবালিত অনুষ্ঠিত হোৱা ১১৩ সংখ্যক ভোগালী উৎসৱত বুধবাৰে দিনৰ ভাগত নগাঁও চহৰত উলিওৱা হয় এক বিশাল সাংস্কৃতিক শোভাযাত্ৰা ৷ সন্ধিয়া কলঙৰ বাকৰিত অনুষ্ঠিত হয় সাংস্কৃতিক সন্ধিয়া । আজিৰ ভোগালী উৎসৱৰ এই সাংস্কৃতিক সন্ধিয়াত সহস্ৰাধিক দৰ্শকৰ সমাগম হয় ।