অসম

assam

ETV Bharat / technology

বৰ্ধিত চাইবাৰ অপৰাধত উদ্বেগ প্ৰকাশ কেন্দ্ৰৰ ! নিষিদ্ধ কৰিলে কেবাহাজাৰৰো অধিক হোৱাটছএপ একাউণ্ট - CYBER FRAUD OPERATION

দেশত বৃদ্ধি হৈছে অনলাইন অপৰাধ ৷ বৰ্ধিত ঘটনাত উদ্বিগ্ন কেন্দ্ৰীয় চৰকাৰ ৷ কেইবাহাজাৰৰো অধিক হোৱাটছএপ একাউণ্ট নিষিদ্ধ কৰিলে চৰকাৰে ৷

over-17000-whatsapp-accounts-blocked-in-major-cyber-fraud-operation
বৰ্ধিত চাইবাৰ অপৰাধত উদ্বেগ প্ৰকাশ কেন্দ্ৰৰ ! নিষিদ্ধ কৰিলে কেবাহাজাৰৰো অধিক হোৱাটছএপ একাউণ্ট (File Photo)

By ETV Bharat Tech Team

Published : 5 hours ago

হায়দৰাবাদ: দেশত ভয়ানক হাৰত বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে ইণ্টাৰনেটযোগে অপৰাধ ৷ এই অনলাইন অপৰাধ তথা ডিজিটেল এৰেষ্ট ৰোধৰ উদ্দেশ্যে কেন্দ্রীয় চৰকাৰে বিগত সময়ছোৱাত গ্ৰহণ কৰি আহিছে বিভিন্ন পদক্ষেপ ৷ শেহতীয়াকৈ 17 হেজাৰৰো অধিক হোৱাটছএপ একাউন্ট বন্ধ কৰিছে কেন্দ্রীয় চৰকাৰে । জানিব পৰা মতে, দক্ষিণ-পূব এছিয়াৰ দেশসমূহৰ পৰা অনলাইন অপৰাধীসকলে সেই হোৱাটছএপ একাউণ্টসমূহ ব্যৱহাৰ কৰি আহিছে আৰু ইয়াৰ জৰিয়তে ডিজিটেল এৰেষ্টৰ পৰা আৰম্ভ কৰি নতুন নতুন চাইবাৰ প্ৰতাৰণাৰ ঘটনা সংঘটিত কৰি আহিছে ।

ভুক্তভোগীৰ অভিযোগ

কেন্দ্ৰীয় চৰকাৰৰ গৃহ মন্ত্ৰণালয়ে বন্ধ কৰা এই একাউন্টসমূহৰ পঞ্চাশ শতাংশৰো অধিক একাউন্ট বিগত জানুৱাৰী মাহৰ পৰাহে সক্রিয় কৰা হৈছিল বুলি জানিব পৰা গৈছে । এই অভিযান অনলাইন প্লেটফৰ্মৰ জৰিয়তে ভুক্তভোগীয়ে দাখিল কৰা ধাৰাবাহিক অভিযোগৰ পাচতে চলোৱা হয় । এম এইচ এৰ চাইবাৰ অপৰাধ সমন্বয় কেন্দ্ৰই অভিযোগসমূহ পৰ্যালোচনা কৰি সন্দেহজনক একাউণ্ট চিনাক্ত কৰি এই নম্বৰসমূহ ব্লক কৰিবলৈ হোৱাটছএপক নিৰ্দেশ দিয়ে । ভাৰতীয় লোকক বিভিন্ন প্রযুক্তিৰ সহায়ত ডিজিটেল এৰেষ্ট প্ৰতাৰণাৰে লুণ্ঠন চলোৱা ঘটনাৰ বিষয়ে সংবাদ মাধ্যমৰ পৰা আৰম্ভ কৰি বিভিন্ন মাধ্যমত বাতৰি প্রকাশ হৈছিল আৰু ইয়াৰ পাচৰে পৰাই কেন্দ্ৰীয় চৰকাৰে বিষয়টোৰ ওপৰত চোকা দৃষ্টি ৰাখিছিল ।

ক’ৰ পৰা নিয়ন্ত্ৰিত হৈছিল অপৰাধজনিত কামবোৰ ?

উল্লেখ্য যে, দক্ষিণ-পূব এছিয়াৰ দেশ কম্বোডিয়া, ম্যানমাৰ, লাউচ আৰু থাইলেণ্ড আদিৰ পৰা ভাৰতত অনলাইন অপৰাধ চক্ৰটোৱে কাম-কাজ চলোৱাৰ তথ্য পোহৰলৈ আহিছে । আনকি কম্বোডিয়াৰ চীনা কেচিনোৰ ভিতৰৰ পৰাও কাম-কাজ নিয়ন্ত্ৰিত হৈছিল, যাৰ ফলত এই অভিযান আৰু অধিক জটিল হৈ পৰিছিল ।

আৰ্থিক ক্ষেত্ৰত প্ৰভাৱ আৰু চৰকাৰৰ সতৰ্কবাণী

গৃহ মন্ত্ৰণালয়ৰ চাইবাৰ কোষে সদৰী কৰা তথ্য অনুসৰি এই দুষ্কাৰ্যৰ জৰিয়তে দেশত দৈনিক প্রায় 6 কোটি টকাৰ প্ৰৱঞ্চনা সংঘটিত হৈছে । চলিত বৰ্ষৰ যোৱা দহ মাহত আশ্চর্যজনকভারে 2140 কোটি টকা হৰলুকী কৰে প্ৰৱঞ্চকে । চাইবাৰ কোষে জনাই যে যোৱা অক্টোবৰ মাহ পৰ্যন্ত 92,334 টা ডিজিটেল এৰেষ্ট প্ৰতাৰণাৰ গোচৰ ৰুজু হৈছে ।

ক্ৰমবৰ্ধমান এই পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শেহতীয়াকৈ ৰাজহুৱা সতৰ্কবাণী জাৰি কৰি নাগৰিকসকলক এনেধৰণৰ যিকোনো ঘটনাৰ বিষয়ে চাইবাৰ হেল্পলাইনত অৱগত কৰিবলৈ আহ্বান জনাইছে ।

লগতে পঢ়ক: অনলাইন বেংকিং এপৰ জৰিয়তে আপোনাক ঠগিবলৈ পিয়াপি দি ফুৰিছে কিছু ধুৰন্ধৰ !

চাইবাৰ অপৰাধীৰ বৃহৎ জাল: ভুলতো ক্লিক নকৰিব WhatsApp-ৰ লিংক

ABOUT THE AUTHOR

...view details