হায়দৰাবাদ: ফিনলেণ্ডৰ মোবাইল কোম্পানী ন’কিয়াই জাষ্টিন হোটাৰ্ডক মুখ্য কাৰ্যবাহী বিষয়া হিচাপে নিযুক্তি দিছে । ৰয়টাৰৰ এক প্ৰতিবেদন অনুসৰি 1 এপ্ৰিলৰ পৰা হ’টাৰ্ডে দায়িত্ব গ্ৰহণ কৰিব । বৰ্তমান পেক্কা লুণ্ডমাৰ্কে ন’কিয়াৰ শীৰ্ষ কাৰ্যবাহী বিষয়া হিচাপে নিযুক্ত হৈ আছে । প্ৰাপ্ত তথ্য অনুসৰি জাষ্টিন হোটাৰ্ডে বৰ্তমান ইণ্টেলৰ ডাটা চেণ্টাৰ আৰু AI গ্ৰুপৰ উপ-অধ্যক্ষ আৰু জেনেৰেল মেনেজাৰ হিচাপে কাম কৰি আছে ।
AI ত প্ৰৱেশৰ বাবে কোম্পানীটোৰ সংগ্ৰাম
জানিব পৰা মতে, 5G সামগ্ৰীৰ চাহিদা হ্ৰাস হোৱাৰ বাবে সংগ্ৰাম কৰি থকা কোম্পানীটোৱে বজাৰলৈ বেলেগ কিবা এটা আনি AI ৰ দৰে সম্ভাৱনাপূৰ্ণ ক্ষেত্ৰত প্ৰৱেশ কৰাৰ উপায় বিচাৰিছে । ন’কিয়াৰ সভাপতি ছাৰী বালডফে কয়, "কোম্পানীটোৰ টেক কোম্পানী বৃদ্ধিৰ এক শক্তিশালী ট্ৰেক ৰেকৰ্ড আছে । ইয়াৰ উপৰিও ভৱিষ্যতৰ বৃদ্ধিৰ বাবে এআই আৰু ডাটা চেণ্টাৰ বজাৰতো ন'কিয়াৰ ভাল দখল আছে ।" সংবাদ সংস্থা ৰয়টাৰৰ পৰা পোৱা তথ্য অনুসৰি 2020 চনত ন’কিয়াৰ চিইঅ’ হিচাপে নিযুক্তি পোৱা লেণ্ডমাৰ্কে বছৰৰ শেষলৈকে হ’টাৰ্ডৰ উপদেষ্টা হিচাপে কাম কৰিব বুলি ন’কিয়াই জনাইছে । যোৱা বছৰৰ ছেপ্টেম্বৰ মাহত ন’কিয়াই নতুন চিইঅ’ নিযুক্তিৰ কথা অস্বীকাৰ কৰিছিল ।