ETV Bharat / technology

এণ্ড্ৰইড ডিভাইচটো উপলব্ধ হ’ল এপল টিভি এপ - HOW TO DOWNLOAD APPLE TV ON ANDROID

অৱশেষত এপলে নিজৰ এপল টিভি এপ এণ্ড্ৰইড ডিভাইচৰ বাবেও উপলব্ধ কৰিলে । কেনেকৈ ডাউনলোড কৰিব বিস্তৃত প্ৰতিবেদনযোগে জানো আহক---

the-apple-tv-app-is-now-available-on-android-know-how-to-download-it-in-details-in-assamese
এণ্ড্ৰইড ডিভাইচটো উপলব্ধ হ’ল এপল টিভি এপ (Apple)
author img

By ETV Bharat Tech Team

Published : Feb 13, 2025, 5:15 PM IST

হায়দৰাবাদ: এণ্ড্ৰইড ডিভাইচ ব্যৱহাৰকাৰীসকলে বহু বছৰ ধৰি এপল টিভি এপ ব্যৱহাৰ কৰাৰ সপোন দেখি আহিছে । অৱশেষত তেওঁলোকৰ সপোন বাস্তৱ হ’ল ৷ কাৰণ শেহতীয়াকৈ এপলে এণ্ড্ৰইড ডিভাইচৰ বাবেও এপল টিভি এপ মুকলি কৰিছে । অৰ্থাৎ এতিয়া এণ্ড্ৰইড ডিভাইচ ব্যৱহাৰকাৰীয়ে এপল টিভি এপে আগবঢ়োৱা সকলো বস্তুৰ সুবিধা ল’ব পাৰিব, য’ত আছে এপল টিভি প্লাছৰ কন্টেন্ট, মেজৰ লীগ ছকাৰ (এমএলএছ) ছিজন পাছ ।

এপল টিভি এপ এণ্ড্ৰইড অপাৰেটিং চিষ্টেমত চলি থকা সকলো ডিভাইচ অৰ্থাৎ স্মাৰ্টফোন, টেবলেট আদিত উপলব্ধ হ’ব । ব্যৱহাৰকাৰীয়ে যিকোনো এণ্ড্ৰইড ডিভাইচত এপল টিভি এপৰ বিষয়বস্তু চাব পাৰিব । এণ্ড্ৰইড ব্যৱহাৰকাৰীয়ে এপল টিভিত Continue Watching ৰ বৈশিষ্ট্য লাভ কৰিব, যাৰ সহায়ত ব্যৱহাৰকাৰীয়ে এটা খণ্ড অথবা এখন চিৰিজ য’ত এৰিছিল তাৰ পৰাই পৰৱৰ্তী কন্টেন্ট পুনৰ চাব পাৰিব ।

এণ্ড্ৰইড ডিভাইচত এপল টিভি এপ

এণ্ড্ৰইড ব্যৱহাৰকাৰীয়ে এপল টিভি এপত Watchlist নামৰ এটা বৈশিষ্ট্যও লাভ কৰিব, যাৰ জৰিয়তে ব্যৱহাৰকাৰীয়ে ভৱিষ্যতে চাব বিচৰা চিনেমা আৰু শ্ব’সমূহ ট্ৰেক কৰিব পাৰিব । ব্যৱহাৰকাৰীয়ে ৱাই-ফাই বা চেলুলাৰ নেটৱৰ্কৰ জৰিয়তে কন্টেন্ট ষ্ট্ৰীম কৰিব পাৰিব । ইয়াৰ উপৰিও ব্যৱহাৰকাৰীয়ে অফলাইন ডাউনলোডৰ সুবিধাও ল’ব পাৰিব ।

এতিয়া এণ্ড্ৰইড ফোন বা টেবলেট ব্যৱহাৰ কৰা ব্যৱহাৰকাৰীয়ে তেওঁলোকৰ গুগল প্লে একাউণ্টৰ পৰা পোনপটীয়াকৈ এপল টিভি+ আৰু এমএলএছ ছিজন পাছ চাবস্ক্ৰাইব কৰিব পাৰিব । কেৱল এয়াই নহয়, এপলে এণ্ড্ৰইড ব্যৱহাৰকাৰীৰ বাবে এপল টিভি প্লাছৰ 7 দিনৰ বিনামূলীয়া ট্ৰাইলৰ সুবিধাও আগবঢ়াইছে ।

এণ্ড্ৰইডত এপল টিভি এপ কেনেকৈ ডাউনলোড কৰিব ?

  • ইয়াৰ বাবে আপুনি Android ত Apple TV App ডাউনলোড কৰিব লাগিব ।
  • আপোনাৰ এণ্ড্ৰইড ফোন বা টেবলেটত গুগল প্লে ষ্ট’ৰ খোলক ।
  • এতিয়া এপল টিভি ছাৰ্জ কৰক ।
  • এতিয়া Install option ত ক্লিক কৰি এপটো ডাউনলোড কৰক ।

এই প্ৰক্ৰিয়া অনুসৰণ কৰাৰ ঠিক পিছতেই আপুনি এণ্ড্ৰইড ফোনত এপল টিভি এপটো ডাউনলোড কৰি ইয়াৰ সকলো বিষয়বস্তু চাব পাৰিব । 2019 চনৰ 1 নৱেম্বৰত মুকলি কৰা হৈছিল এপল টিভি প্লাছ । এইটো হৈছে বিশ্বৰ প্ৰথমটো অৰিজিনেল ষ্ট্ৰীমিং সেৱা প্ৰদান কৰা এপ । তেতিয়াৰ পৰাই 500 ৰো অধিক বঁটা লাভ কৰাৰ লগতে ইয়াৰ মূল অনুষ্ঠানসমূহে হাজাৰ হাজাৰবাৰ মনোনয়ন লাভ কৰিছে ।

লগতে পঢ়ক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.