অসম

assam

ETV Bharat / technology

কৃত্ৰিম বুদ্ধিমত্তা খণ্ডৰ উন্নয়নৰ বাবে হাত মিলালে ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজ আৰু Nvidia ই - NVIDIA AND RELIANCE

Nvidia and Reliance partnership: Nvidia এআই সন্মিলনৰ সময়ত ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ অধ্যক্ষ মুকেশ আম্বানীয়ে Nvidia নামটোৰ নিজা ব্যাখ্যা আগবঢ়ায় ।

Nvidia and Reliance partnership
Nvidia ৰ শীৰ্ষ কাৰ্যবাহী বিষয়া জেনচেন হুয়াঙৰ সৈতে ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ অধ্যক্ষ মুকেশ আম্বানী (Nvidia)

By ETV Bharat Tech Team

Published : Oct 25, 2024, 12:14 PM IST

হায়দৰাবাদ: ভাৰতত এআই আন্তঃগাঁথনি নিৰ্মাণৰ বাবে Nvidia ই ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ সৈতে অংশীদাৰিত্বৰ কথা ঘোষণা কৰিছে । মুম্বাইৰ জিঅ’ ৱৰ্ল্ড কনভেনশ্যন চেণ্টাৰত অনুষ্ঠিত Nvidia ৰ প্ৰথমখন কৃত্ৰিম বুদ্ধিমত্তা সন্মিলনত এই ঘোষণা কৰে ।

মূল অধিবেশনৰ পিছত Nvidia ৰ শীৰ্ষ কাৰ্যবাহী বিষয়া জেনচেন হুয়াঙে ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ অধ্যক্ষ তথা এমডি মুকেশ আম্বানীক আলোচনাৰ বাবে আমন্ত্ৰণ জনায় । কোটিপতি দুগৰাকীয়ে ভাৰতত Nvidia ৰ এআই পৰিকল্পনাৰ লগতে ভাৰতক বিশ্বব্যাপী এআই দৌৰত নেতৃত্ব দিয়াৰ বাবে এক গুৰুত্বপূৰ্ণ সম্পদ হিচাপে গঢ়ি তোলা সম্ভাৱনাৰ বিষয়েও আলোচনা কৰে ।

আম্বানীয়ে Nvidia ক হিন্দী ভাষাত জ্ঞানৰ বাবে ব্যৱহৃত বিদ্যা শব্দৰ সৈতে সংযোগ কৰি কয় যে ৰিলায়েন্সে হিন্দীত শ্ৰেষ্ঠ বৃহৎ ভাষাৰ আৰ্হি (এল এল এম) নিৰ্মাণৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ । অৱশ্যে Nvidia আৰু ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ অংশীদাৰিত্ব বা ইয়াৰ পৰিসৰৰ বিষয়ে কোনো তথ্য শ্বেয়াৰ কৰা হোৱা নাই ।

ভাৰতত এআইৰ সুযোগ সন্দৰ্ভত আলোচনা

আলোচনাত মুকেশ আম্বানীয়ে কয় যে ৰিলায়েন্সৰ মূল নীতি হ’ল জ্ঞান বিপ্লৱৰ নেতৃত্ব দি ইয়াক বুদ্ধিমত্তা বিপ্লৱলৈ ৰূপান্তৰ কৰা । ভাৰত বৰ্তমান সেই যুগত ভৰি দিছে বুলি তেওঁ কয় ৷

হুয়াঙে প্ৰশ্ন কৰে যে Nvidia আৰু ৰিলায়েন্সে ভাৰতক বিশ্বব্যাপী এআই হাব হিচাপে গঢ়ি তোলাত কেনেদৰে সহায় কৰিব পাৰে । ইয়াৰ উত্তৰত আম্বানীয়ে ভাৰতৰ যুৱ জনসংখ্যা, প্ৰধানমন্ত্ৰীৰ দৃষ্টিভংগী আৰু বিশেষকৈ শক্তি কোম্পানীসমূহৰ বাবে উদ্ভাৱনৰ কেন্দ্ৰ হিচাপে দেশৰ ক্ৰমবৰ্ধমান ভূমিকাক আলোকপাত কৰে ।

তেওঁ উল্লেখ কৰে যে ৰিলায়েন্স বিশ্বৰ সৰ্ববৃহৎ ডাটা কোম্পানীত পৰিণত হৈছে আৰু ই 4G, 5G আৰু ব্ৰডবেণ্ড নেটৱৰ্কৰ দৰে সংযোগ আন্তঃগাঁথনিৰ ক্ষেত্ৰত উদ্ভাৱনত মনোনিৱেশ কৰিছে । ভাৰতৰ বৃহৎ বজাৰখনক ব্যৱসায়ৰ বাবে মূল সুবিধা বুলি অভিহিত কৰি হুয়াঙে এই কথাত সন্মতি প্ৰকাশ কৰে । ভাৰতৰ বৃহৎ জনসংখ্যা আৰু কম্পিউটাৰ বিজ্ঞান উদ্যোগক মূল সুবিধা হিচাপে উল্লেখ কৰে ।

হুয়াঙে কয় যে প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰতৰ তথ্য ব্যৱহাৰ কৰি বুদ্ধিমত্তা বিকশিত কৰাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰে আৰু হুয়াঙক এআই প্ৰযুক্তিৰ ক্ষেত্ৰত তেওঁৰ মন্ত্ৰীসভাক পৰামৰ্শ দিবলৈ কয় । আম্বানীয়ে মেটাৰ চিইঅ’ মাৰ্ক জুকাৰবাৰ্গক মুক্ত উৎসৰ এআই মডেল মুকলি কৰাৰ বাবেও প্ৰশংসা কৰে, যিয়ে ভাৰতীয় ব্যৱসায়ক দ্ৰুতগতিত বৃদ্ধি কৰাত সহায় কৰিছে ।

লগতে পঢ়ক: 6G নেটৱৰ্কৰ ক্ষেত্ৰত ভাৰতক নেতৃত্ব গ্ৰহণৰ আহ্বান প্ৰধানমন্ত্ৰী মোদীৰ

বজাৰত আধিপত্য বৃদ্ধি হ’ব জেনেৰেটিভ এআইৰ

বৃদ্ধি হৈছে কৃত্ৰিম বুদ্ধিমত্তাৰ গুৰুত্ব; পাৰমাণৱিক শক্তিৰ চুক্তিত স্বাক্ষৰ Google ৰ

ABOUT THE AUTHOR

...view details