অসম

assam

ETV Bharat / technology

পাঁচজনতকৈ অধিক লোকলৈ হোৱাটছএপ মেছেজ ফৰৱাৰ্ড কৰিব বিচাৰে নেকি ? অৱলম্বন কৰক এই পদ্ধতি

WhatsApp: হোৱাটছএপত এটা সময়ত মাত্ৰ পাঁচজন মানুহলৈহে এটা মেছেজ ফৰৱাৰ্ড কৰিব পাৰি, কিন্তু এনে এক উপায় আছে যাৰ জৰিয়তে একাধিকলৈ মেছেজ ফৰৱাৰ্ড কৰাটো সম্ভৱ ।

By ETV Bharat Tech Team

Published : 5 hours ago

Etv Bharat
পাঁচজনতকৈ অধিক লোকলৈ হোৱাটছএপ মেছেজ ফৰৱাৰ্ড কৰিব বিচাৰে নেকি ? অৱলম্বন কৰক এই পদ্ধতি (Getty Images)

নিউজ ডেস্ক, 9 অক্টোবৰ:বিশ্বৰ ভিতৰতে সৰ্বাধিক ব্যৱহৃত মেছেজিং এপসমূহৰ ভিতৰত অন্যতম হ’ল হোৱাটছএপ ৷ কেৱল ভাৰততে হোৱাটছএপৰ 50 কোটিৰো অধিক সক্ৰিয় ব্যৱহাৰকাৰী আছে । পেছাদাৰী হওক বা ব্যক্তিগত হওক, ছ’চিয়েল মিডিয়া গ্ৰুপ মেটাৰ ইনষ্টেণ্ট মেছেজিং এপে সকলোতে মানুহৰ জীৱন বহু সহজ কৰি তুলিছে ।

উৎসৱৰ সময়ত হোৱাটছএপৰ ব্যৱহাৰ আৰু অধিক বৃদ্ধি পায় । এতিয়া দেশত দুৰ্গা পূজা চলি থকাৰ লগতে দীপাৱলী উৎসৱ ওচৰ চাপি আহিছে আৰু আমাৰ বেছিভাগেই হোৱাটছএপক ব্যৱহাৰ কৰি আমাৰ বন্ধু-বান্ধৱী আৰু পৰিয়ালৰ লোকলৈ শুভেচ্ছা প্ৰেৰণ কৰিম । কিন্তু আটাইতকৈ ডাঙৰ সমস্যাটো তেতিয়াই উদ্ভৱ হয় যেতিয়া আমি একেলগে বহু লোকলৈ বাৰ্তা প্ৰেৰণ কৰিবলগীয়া হয় ।

ইয়াত আমি আপোনালোকক জনাইছো যে কেনেকৈ আপুনি WhatsApp ত একেলগে একাধিক আপুনি বিচৰা ব্যক্তিলৈ শুভেচ্ছা বাৰ্তা প্ৰেৰণ কৰিব পাৰে । তাৰ মাজতে আমি আপোনালোকক একাধিক যোগাযোগলৈ বাৰ্তা প্ৰেৰণ কৰাৰ এটা সাধাৰণ উপায়ৰ বিষয়ে ক'ম । যদি আপুনি একেলগে একাধিক লোকলৈ বাৰ্তা প্ৰেৰণ কৰিব বিচাৰে তেন্তে হোৱাটছএপত Broadcast ৰ তালিকা তৈয়াৰ কৰিব পাৰে । ইয়াক কেনেকৈ সৃষ্টি কৰিব লাগে জানো আহক:

প্ৰথম পৰ্যায়: আপোনাৰ মোবাইলত WhatsApp app খুলি Settings লৈ যাওক ।

দ্বিতীয় পৰ্যায়: 'Broadcast List' ৰ বিকল্প বাছি লওক আৰু দীপাৱলীৰ শুভেচ্ছা পঠিয়াব বিচৰা যোগাযোগৰ লোকসকলক নিৰ্বাচন কৰি নতুন তালিকা তৈয়াৰ কৰক ।

তৃতীয়পৰ্যায়: শুভেচ্ছা পঠিয়াব বিচৰা মানুহবোৰক যোগ কৰিবলৈ টিক মাৰ্কত ক্লিক কৰি থাকিব ।

চতুৰ্থপৰ্যায়: আপুনি এবাৰ Broadcast তালিকা সৃষ্টি কৰিলে, আপুনি Broadcast তালিকাত যোগ কৰা সকলো যোগাযোগলৈ বাৰ্তা বা শুভেচ্ছা প্ৰেৰণ কৰিব পাৰিব ।

এটা Broadcast তালিকা ব্যৱহাৰ কৰি, আপুনি এটা গ্ৰুপ সৃষ্টি নকৰাকৈ একেলগে একাধিক পৰিচয়লৈ বাৰ্তা প্ৰেৰণ কৰিব পাৰিব । ইয়াৰ দ্বাৰা উৎসৱৰ শুভেচ্ছা আৰু শুভেচ্ছা বাৰ্তা সহজে প্ৰেৰণ কৰিব পাৰি । মন কৰিবলগীয়া যে হোৱাটছএপ Broadcast ত প্ৰতিখন তালিকাত সৰ্বোচ্চ সীমা 256 জন, যিটো ব্যক্তিগত আৰু ব্যৱসায়িক একাউণ্ট দুয়োটাতে প্ৰযোজ্য ।

লগতে পঢ়ক:বিকল হৈ পৰিল ইনষ্টাগ্ৰাম সেৱা; সামাজিক মাধ্যমত মিমৰ পয়োভৰ - Instagram is down

মোবাইলত নম্বৰ চেভ নকৰাকৈ হোৱাটছএপ মেছেজ প্ৰেৰণ কৰাটো সম্ভৱনে ? - WhatsApp Without Saving Number

আৰ্কাইভ অবিহনেও আপুনি লুকুৱাই ৰাখিব পাৰিব WhatsApp ৰ বিশেষ Chat; কেনেকৈ ? - WhatsApp Chat Hide

ABOUT THE AUTHOR

...view details