হায়দৰাবাদ:গুগল চাৰ্চ, এচিষ্টেণ্ট, জিঅ’, এডছ, কমাৰ্চ এণ্ড পেমেণ্টছ প্ৰডাক্টৰ দায়িত্বত থকা গুগলৰ জ্যেষ্ঠ উপ-সভাপতি প্ৰভাকৰ ৰাঘৱনে চাৰ্চ ইঞ্জিন ঔদ্যোগটোৰ মুখ্য প্ৰযুক্তিবিদ হ’ব বুলি গুগলৰ শীৰ্ষ কাৰ্যবাহী বিষয়া সুন্দৰ পিচাইয়ে 17 অক্টোবৰ বৃহস্পতিবাৰে প্ৰকাশ কৰে ।
এইটো এনে এটা সময়ত ঘটিছে যেতিয়া গুগলৰ মূল ব্যৱসায় অৰ্থাৎ চাৰ্চে মাইক্ৰ’ছফ্ট, অ’পেনএআইৰ দৰে প্ৰতিদ্বন্দ্বী আনকি পাৰ্প্লেক্সিটিৰ দৰে ষ্টাৰ্টআপৰ পৰাও ক্ৰমাৎ প্ৰতিযোগিতাৰ সন্মুখীন হৈছে । গ্ৰাহকৰ আচৰণৰ অবিৰত পৰিৱৰ্তনেও ভূমিকা ল’ব পাৰে ।
পিচাইয়ে কৰ্মচাৰীসকলক প্ৰদান কৰা টোকাত কয়, "প্ৰভাকৰে সিদ্ধান্ত লৈছে যে এতিয়াই তেওঁৰ নিজৰ কেৰিয়াৰৰ ক্ষেত্ৰত বৃহৎ সিদ্বান্ত লোৱাৰ সময় । 12 বছৰ ধৰি গুগলত দলসমূহৰ নেতৃত্ব দিয়াৰ পিছত তেওঁ কম্পিউটাৰ বিজ্ঞান ক্ষেত্ৰলৈ ঘূৰি আহি গুগলৰ মুখ্য প্ৰযুক্তিবিদৰ ভূমিকা গ্ৰহণ কৰিব । ৰাঘৱনৰ বৰ্তমানৰ ভূমিকাৰ ঠাইত গুগলৰ প্ৰবীণ তথা ৰাঘৱনৰ নেতৃত্বৰ দলৰ সদস্য নিক ফক্সে স্থান লাভ কৰিব ।"
গুগলৰ জ্ঞান আৰু তথ্য (কে এণ্ড আই) দলৰ সালসলনিৰ মাজতে এই কথা প্ৰকাশ পাইছে । পিচাইয়ে কয় যে “দলসমূহক একত্ৰিত কৰিলে প্ৰতিক্ৰিয়াৰ লুপ উন্নত হ’ব, জামিনী এপত আমাৰ নতুন মডেলসমূহৰ দ্ৰুত নিয়োগ সক্ষম হ’ব, আমাৰ প্ৰশিক্ষণৰ পিছৰ কাম অধিক কাৰ্যক্ষমভাৱে আগবাঢ়িব আৰু আমাৰ উন্নত উৎপাদনৰ গতি বৃদ্ধি পাব।”
প্ৰভাকৰ ৰাঘৱন কোন?