অসম

assam

ETV Bharat / technology

প্ৰয়োজন নহ’ব স্মাৰ্টফোনৰ... শীঘ্ৰেই ম’বাইলৰ বিকল্প হ’ব নিউৰালিংক - Neuralink

Neuralink Brain Chip: প্ৰয়োজন নহ’ব ম’বাইল ফোনৰ, নতুন টেকনলজিৰ সফল প্ৰয়োগ ৷ ম’বাইল ফোনৰ বিকল্প নিউৰালিংক দৰাচলতে হয় কি ? সবিশেষ জানো আহক ৷

By ETV Bharat Tech Team

Published : Jun 21, 2024, 11:32 AM IST

Elon Musk says that phones will soon become obsolete, and the way forward is the Neuralink brain chip
শীঘ্ৰেই বিলুপ্ত হোৱাৰ পথত ম’বাইল ফোন...বিকল্প হ’ব নিউৰালিংক (TWITTER)

হাতে হাতে ম’বাইল ফোন ৷ সেই দিন অচিৰেই অতীত হ'ব যেতিয়া ম’বাইল ফোন মিউজিয়ামত সংৰক্ষিত হ'ব আৰু ইয়াৰ বাবে দায়ী হ'ব কেৱল এজন ব্যক্তি আৰু সেই ব্যক্তি আন কোনো নহয় তেওঁ হৈছে ইলন মাস্ক ৷

টেছলাৰ চিইঅ' মাস্কে সম্প্ৰতি নতুন প্রযুক্তি অনাৰ চিন্তা চৰ্চা কৰি আছে ৷ যি প্রযুক্তিয়ে এই পৃথিৱীৰ পৰা বিদায় দিব স্মার্টফোনকা আপুনি মই তেতিয়া ম’বাইলৰ সলনি এই প্ৰযুক্তিৰ পিচতহে দৌৰাৰ চিন্তা কৰিম আৰু এই দিন নিচেই সমাগত ৷

এই বিশেষ প্রযুক্তিৰ নিউৰালিংক চিপ, যি ইতিমধ্যে সফলভাৱে মানুহৰ মস্তিষ্কত বহুওৱা হৈছে ৷ এই প্রযুক্তিক লৈ এক্স প্লেটফর্মত ইলন মাস্কে বিশেষ পোষ্টো কৰিছে তেওঁৰ চিন্তাধাৰাৰ সৈতে সংপৃক্ত হৈ পৰিব এই নিউৰালিংক ইণ্টাৰফেছ যদি চিপ হিচাপে মানুহৰ মস্তিষ্কত বহুওৱা হয়, তেন্তে কেনে হ'ব সেই মগজুৰ কাম-কাজ ?

এই চিপ বহুওৱা লোকে কিয় স্মার্টফোন ব্যৱহাৰ নকৰিব ? মস্তিষ্কই কেনেকৈ ফোনৰ কাম কৰিব ?

ইলনৰ এই নতুন প্রযুক্তি প্রকৃততে কি ?

নিউৰালিংক কোম্পানীৰ চিইঅ' হৈছে ইলন মাস্কৰ এই কোম্পানীয়ে ব্রেইন চিপ প্ৰযুক্তিৰ ওপৰত কাম কৰা আৰম্ভ কৰিছে ৷ বিগত সময়সমূহত ফিকছন ছবিসমূহত দেখুওৱা মতে এইবাৰ বাস্তৱত কৰিবলৈ আগবাঢ়িছে মাস্ক ৷

ইতিমধ্যে এটি সফল ট্রান্সপ্লেন্টো কৰিছে নিউৰালিংকে এক্স প্লেটফৰ্মত নিজৰ এটা এআই জেনেৰেটেড ছবি পোষ্ট কৰিছে মাস্কে ৷ ছবিৰ পৰাই বুজা যায় যে ফোনৰ দৰে মস্তিষ্কৰ পৰা নিয়ন্ত্ৰণ হ'ব সকলোবোৰ ৷ এই পোষ্টত তেওঁ নিউৰালিংক ইণ্টাৰফেচৰ কথা কৈছে ৷

অর্থাৎ আগন্তুক দিনত এই সংক্রান্তীয় কিছু কাম কৰাৰ পৰিকল্পনা কৰিছে মাস্কে তেওঁ পোষ্টত লগতে লিখিছে, ‘‘ইউজাৰে এতিয়াৰ পৰা নিজৰ ধাৰণাৰে স্মার্টফোন নিয়ন্ত্রণ কৰিব পাৰিব, ভৱিষ্যতে আৰু ফোনৰো দৰকাৰ নপৰিব আপুনি কেৱল নিউৰালিংকেৰেই সকলোবোৰ কাম আগবঢ়াই নিব পাৰিব ৷’’

নিউৰালিংক প্রযুক্তি কি ?

নিউৰালিংক হ'ল এনে এক ৰ’বটিক প্রযুক্তি যি আপোনাৰ মস্তিষ্কৰ সৈতে যুক্ত হ'ব ৷ যিহেতু এয়া এটা চিপ, সেয়ে ভাৱনাৰেই স্মার্টফোন, টেব আৰু কম্পিউটাৰো ভাৱনাৰেই নিয়ন্ত্রণ কৰিব পৰা যাব ৷

সম্পূৰ্ণ ৱায়াৰলেছ উপায়েৰে ডাটা ট্ৰাঞ্চফাৰ কৰিব পৰা যাব ৷ ঠিক যেনেকৈ ৱায়াৰলেছ ইয়াৰফোনযোগে গান শুনিব পাৰি ৷ ভৱিষ্যতে এনে এক ডিভাইছেই মস্তিষ্কত ইনষ্টল কৰিব পৰা যাব যিয়ে পৃথিৱীৰ পৰা ম’বাইল ফোনৰ অস্তিত্ব শেষ কৰিব এলন মাস্কৰ এই চিন্তাক বহুতে উপলুঙা কৰিছে যদিও মাস্কৰ দাবী অচিৰেই এয়া সঁচা হোৱাৰ পথত ৷

লগতে পঢ়ক:পুৰণি ম'বাইল-লেপটপ ক্ৰয় কৰাৰ পূৰ্বে বিপদত নপৰিবলৈ কি কি কথা জানিব লাগে, পঢ়ক এই প্ৰতিবেদন - Buying a Used gadgets

ABOUT THE AUTHOR

...view details