নিউজ ডেস্ক, 7 এপ্ৰিল :বৰ্তমান সময়ত ইনষ্টাগ্ৰাম অতি জনপ্ৰিয় এপ ৷ ইনষ্টাগ্ৰামৰ এটা বিশেষ অংশ হৈছে ৰীলছ ৷ বৰ্তমান সময়ত প্ৰায়সংখ্যক ব্যৱহাৰকাৰীয়ে ৰীলছ বনোৱা দেখা যায় ৷ মেটাই 2020 চনত ইনষ্টাগ্ৰামত ৰীল মুকলি কৰিছিল আৰু তেতিয়াৰ পৰা ই দিনক দিনে জনপ্ৰিয়তা বৃদ্ধি পাই আহিছে।
এই ৰীলসমূহ কোনো ব্যৱহাৰকাৰীয়ে ইচ্ছা কৰিলে ডাউনলোড কৰিবলৈও ইনষ্টাগ্ৰামে অনুমতি দিয়ে । কিন্তু বহু সময়ত আমি এই ৰীলছসমূহ তৃতীয় পক্ষৰ এপৰ সহায়েৰে ডাউনলোড কৰিব লগা হয় ৷
সেয়েহে এণ্ড্ৰইড অথবা আইফোনত ইনষ্টাগ্ৰাম ৰীল কেনেদৰে ডাউনলোড কৰিব লাগে উল্লেখ কৰা হৈছে -
ইনষ্টাগ্ৰাম ৰীলত ব্যৱহাৰকাৰীসকলক ৬০ ছেকেণ্ড লৈকে দীঘল ভিডিঅ' বনাব পাৰে ৷ সেইসমূহ ইনষ্টাগ্ৰামৰ এক্সপ্ল’ৰ পেজত দেখা পোৱা যায় ৷ ৰীল ডাউনলোড কৰাৰ এটা সহজ কৌশল ৷ ইয়াত কোনো তৃতীয় পক্ষৰ এপ জড়িত নাই। আপুনি ইনষ্টাগ্ৰামৰ পৰাই ৰীলটো ডাউনলোড কৰিবলৈ পাৰিব ৷
আপোনাৰ এণ্ড্ৰইড বা আইঅ’এছ স্মাৰ্টফোনত ইনষ্টাগ্ৰাম এপটো খোলক।