নিউজ ডেস্ক, 29 ছেপ্টেম্বৰ:প্ৰায়েফেক্টৰীৰ চাদত ডাঙৰ পাত্ৰৰ দৰে কিবা এটা দেখা যায় । ৰূপালী ৰঙৰ এই বস্তুটো কেতিয়াবা ঘূৰি থকা আমি প্ৰত্যক্ষ কৰো । প্ৰতিজন সাধাৰণ মানুহৰ মনত এয়া কি হয় বুলি প্ৰশ্ন জাগে ? কাৰখানাৰ টিংতেই ইয়াক কিয় সংলগ্ন কৰা হয় বুলিও মনলৈ প্ৰশ্ন আহে ? আমাৰ এই প্ৰতিবেদনযোগে জানো আহক ই কি আৰু ইয়াৰ কাম কি---
ঘূৰণীয়া ৰূপালী ৰঙৰ বাটিটো কি?
তীখাৰে নিৰ্মিত এই বৃত্তাকাৰ পাত্ৰবোৰ কাৰখানাৰ চাদত কম দূৰত্বত স্থাপন কৰা হয় । কাৰখানাটোৰ চাদত স্থাপন কৰা এই তীখাৰ পাত্ৰবোৰৰ নাম হৈছে Turbo Ventilator । ই এক অতি উপযোগী যন্ত্ৰ যিটো তাপ আঁতৰাবলৈ ব্যৱহাৰ কৰা হয় ।
টাৰ্বো ভেণ্টিলেটৰ কি?
ৰাস্তাৰে গ’লে ৰাস্তাত বহুতো কাৰখানা দেখিবলৈ পোৱা যায় । ভালদৰে চালে সকলো কাৰখানাৰ চাদত অন্ততঃ 3-4টা চিকচিকিয়া ৰূপালী ৰঙৰ ঘূৰণীয়া পাত্ৰ আছে । এইবোৰক টাৰ্বো ভেন্টিলেটৰ বোলা হয় । টাৰ্বো ভেণ্টিলেটৰৰ কাম হ’ল কাৰখানাৰ পৰা তাপ আৰু ৰাসায়নিক নিৰ্গমন আঁতৰোৱা, যাৰ ফলত শ্ৰমিকসকলৰ বাবে সুস্থ পৰিৱেশ নিশ্চিত কৰা হয় । ই এক প্ৰকাৰৰ চিলিং ফেন যি গৰম বতাহ আঁতৰাবলৈ ব্যৱহাৰ কৰা হয় ।