হায়দৰাবাদ: যোৱা কিছু বছৰত ভাৰতৰ বজাৰত প্ৰৱেশ কৰা নতুন গাড়ী নিৰ্মাতা কোম্পানীসমূহৰ ভিতৰত অন্যতম হৈছে ফ্ৰান্সৰ গাড়ী নিৰ্মাতা চিট্ৰ’য়েন । শেহতীয়াকৈ কোম্পানীটোৱে মুকলি কৰিছে নিজৰ শেহতীয়া ক’পে এছ ইউ ভি চিট্ৰ’য়েন বেছাল্ট । 2025 চনৰ আৰম্ভণিৰ লগে লগে কোম্পানীটোৱে ইয়াৰ মূল্য বৃদ্ধি কৰিছে । এতিয়া এই গাড়ীখনৰ আৰম্ভণি মূল্য 8.25 লাখ টকা (এক্স শ্ব’ৰুম), যিটো পূৰ্বতকৈ 26 হাজাৰ টকা বেছি ।
ই এখন কমপেক্ট এছ ইউ ভি, যাৰ মূল্য আছিল ছাব 4 মিটাৰ এছ ইউ ভিৰ স্তৰত । কোম্পানীয়ে আশা কৰিছিল যে এই গাড়ীৰ বিক্ৰী প্ৰশংসনীয় হ’ব, কিন্তু বাস্তৱত চিট্ৰ’ন ইণ্ডিয়াৰ বজাৰ ভাল নাছিল ।
আকৰ্ষণীয় মূল্যৰ পিছতো কোম্পানীটোৱে যোৱা মাহত মাত্ৰ 79 ইউনিট চিট্ৰ’য়েন বেছাল্ট বিক্ৰী কৰিছিল । 2025 চনৰ ভিতৰত চিট্ৰ’য়েন বেছাল্টৰ মূল্য পূৰ্বতকৈ কম আকৰ্ষণীয় হ’ব, কিয়নো শেহতীয়াকৈ ইয়াৰ মূল্য বৃদ্ধি পাইছে । মুকলি মূল্যৰ তুলনাত এই গাড়ীৰ এক্স-শ্ব’ৰুম মূল্য সৰ্বাধিক 28 হাজাৰ টকা বৃদ্ধি কৰিছে কোম্পানীয়ে ।
চিট্ৰ’য়েন বেছাল্ট তিনিটা ট্ৰিমত বিক্ৰী কৰা হৈছে - ইউ, প্লাছ আৰু মেক্স । ইয়াৰ এণ্ট্ৰি লেভেল ইউ ট্ৰিম কেৱল প্ৰাকৃতিকভাৱে এস্পিৰেটেড পেট্ৰ’ল ইঞ্জিনৰ সৈতে বিক্ৰী কৰা হৈছে যদিও ইয়াৰ টপ-স্পেক মেক্স ভেৰিয়েণ্ট কেৱল টাৰ্বো পেট্ৰ’ল ইঞ্জিনৰ সৈতেহে বিক্ৰী কৰা হৈছে । ইয়াৰ মিড-ভেৰিয়েণ্ট প্লাছত প্ৰাকৃতিকভাৱে এস্পিৰেটেড আৰু টাৰ্বো-পেট্ৰ’ল দুয়োটাৰে সৈতে আহে ।