নিউজ ডেস্ক, 3 ছেপ্টেম্বৰ:ব্ৰাজিলত X নিষিদ্ধ কৰাৰ বাবে উচ্চতম ন্যায়ালয়ে এই গোচৰৰ সোমবাৰে অনলাইন শুনানি অনুষ্ঠিত কৰে । বিচাৰপীঠৰ 11 জন ন্যায়াধীশৰ ভিতৰত 5 জন ন্যায়াধীশ ইয়াত উপস্থিত আছিল । ন্যায়াধীশ আলেকজেণ্ডাৰ ডি মোৰেছো ইয়াত উপস্থিত আছিল ।
ব্ৰাজিলৰ উচ্চতম ন্যায়ালয়ৰ পেনেলে সোমবাৰে সৰ্বসন্মতিক্ৰমে ইলন মাস্কৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্ম X ক দেশজুৰি ব্লক কৰাৰ সিদ্ধান্তৰ প্ৰতি সমৰ্থন আগবঢ়ায় ।
X ৰ ওপৰত নিষেধাজ্ঞা
আইনৰ দ্বাৰা প্ৰয়োজনীয় স্থানীয় আইনী প্ৰতিনিধিৰ নাম প্ৰকাশ কৰিবলৈ অস্বীকাৰ কৰাৰ বাবে যোৱা শুকুৰবাৰে ন্যায়াধীশ আলেকজেণ্ডাৰ ডি মোৰেছে X ৰ ওপৰত নিষেধাজ্ঞাৰ আদেশ দিয়ে । তথ্য অনুসৰি যেতিয়ালৈকে মাস্কে আদালতৰ নিৰ্দেশ মানি নলয় আৰু বাকী থকা জৰিমনা ভৰিব নোৱাৰে তেতিয়া পৰ্যন্ত এক্সৰ ওপৰত নিষেধাজ্ঞা অব্যাহত থাকিব ।
জানিব পৰা মতে বাকী থকা জৰিমনা 30 লাখ মাৰ্কিন ডলাৰতকৈ অধিক ।
যোৱা সপ্তাহত প্ৰদান কৰা ৰায়দানত ন্যায়াধীশ ডি মোৰেছে কয় যে ইলন মাস্কে ব্ৰাজিলৰ সাৰ্বভৌমত্ব আৰু বিশেষকৈ ন্যায়পালিকাৰ প্ৰতি সম্পূৰ্ণ অসন্মান প্ৰকাশ কৰিছে । মাস্ক আৰু তেওঁৰ সমৰ্থকসকলে ন্যায়াধীশ আলেকজেণ্ডাৰ ডি মোৰেছেক স্বৈৰাচাৰী হিচাপে প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিছে ।