ETV Bharat / state

ধৰ্মেন্দ্ৰ নাথৰ হত্য়াকাৰীক কঠোৰ শাস্তি প্ৰদানৰ আশ্বাস মুখ্যমন্ত্ৰীৰ - ASSAM CM ON RANGIA YOUTH MURDER

প্ৰয়াত ধৰ্মেন্দ্ৰ নাথৰ বাসগৃহত উপস্থিত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা । যুৱকজনৰ পৰিয়ালক প্ৰদান কৰিলে ৫ লাখ টকাৰ চেক ।

Rangia Sensational murder
ধৰ্মেন্দ্ৰ নাথৰ বাসগৃহত উপস্থিত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Jan 12, 2025, 8:07 PM IST

ৰঙিয়া: কেইদিনমান পূৰ্বে বিজেপিৰ ৰাজ্যিক সভাপতিৰ গৃহ সমষ্টিত সংঘটিত এটা হত্যাকাণ্ডক কেন্দ্ৰ কৰি উত্তাল হৈ পৰিছিল ৰঙিয়া । ৰঙিয়াৰ খৈৰাবাড়ীৰ মালধাপাৰাৰ আশ্ৰমত বনভোজ খাবলৈ যোৱা ধৰ্মেন্দ্ৰ নাথ নামৰ এজন যুৱকে বনভোজ শেষ হোৱাৰ পিছত এজন বিজেপি নেতাৰ বাহনত খুন্দা মাৰিছিল।

ইয়াৰ পিছতে নিৰুদ্দেশ হৈছিল ধৰ্মেন্দ্ৰ নাথ । কেইদিনমান পিছত নিৰুদ্দিষ্ট যুৱকজনৰ মৃতদেহ উদ্ধাৰ হোৱাত পৰিস্থিতিয়ে জটিল ৰূপ ধাৰণ কৰে । এই যুৱকজনৰ গৃহতেই দেওবাৰে উপস্থিত হয় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ।

ধৰ্মেন্দ্ৰ নাথৰ বাসগৃহত উপস্থিত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (ETV Bharat Assam)

দেওবাৰে ৰঙিয়াৰ দক্ষিণ বৰদলস্থিত প্ৰয়াত ধৰ্মেন্দ্ৰ নাথৰ বাসগৃহত উপস্থিত হৈ শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে পৰিয়ালবৰ্গৰ লগত মত-বিনিময় কৰে মুখ‍্যমন্ত্ৰীগৰাকীয়ে । লগতে ধৰ্মেন্দ্ৰ নাথৰ পৰিয়ালক ৫ লাখ টকাৰ চেক প্ৰদান কৰি ঘটনাটোৰ লগত জড়িত প্ৰত্যোকজন দোষীক কঠোৰ শাস্তি প্ৰদান কৰাৰ আশ্বাস প্ৰদান কৰি মুখ‍্যমন্ত্ৰীগৰাকীয়ে কয়," হত্য়াকাণ্ডৰ বিষয়টো মোৰ দৃষ্টিগোচৰ হোৱাৰ লগে লগে মই ভৱেশ কলিতাৰ লগত আলোচনা কৰিছিলো । মই আজি পৰিয়ালটোৰ খবৰ ল'লো । চৰকাৰে যিমান পাৰে পৰিয়ালটোক সহায় কৰিব । দোষীয়ে যাতে শাস্তি পায় তাৰ বাবে আমি যি ব্য়ৱস্থা কৰিব লাগে সেয়া কৰিম ।" আনহাতে,মুখ‍্যমন্ত্ৰীগৰাকীয়ে পঞ্চায়ত নিৰ্বাচন সন্দৰ্ভত মন্তব্য় প্ৰকাশ কৰি কয়," আগন্তুক মেট্ৰিক আৰু উচ্চতৰ মাধ‍্যমিক পৰীক্ষাৰ পূৰ্বে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত নহয় ।"

মুখ্যমন্ত্ৰীগৰাকীক সংগ দিয়ে ৰঙিয়া সমষ্টিৰ বিধায়ক তথা ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই । ইফালে, মুখ‍্যমন্ত্ৰীগৰাকীৰ সাক্ষাতৰ পিছত মৃত ধৰ্মেন্দ্ৰ নাথৰ পৰিয়ালে সন্তোষ প্ৰকাশ কৰিছে । ইতিমধ্যে আৰক্ষীয়ে উক্ত ঘটনাটোৰ লগত জড়িত থকাৰ অভিযোগত বিজেপি নেতাসহ ৯ অভিযুক্তক গ্ৰেপ্তাৰ গ্ৰেপ্তাৰ কৰিছে ।

লগতে পঢ়ক:বনভোজ খাবলৈ যোৱা যুৱকক হত্যা: এটা এটাকৈ জালত পৰিছে ধৰ্মেন্দ্ৰ নাথৰ ঘাতক - RANGIA YOUTH MURDER CASE

নিৰুদ্দিষ্ট যুৱকক উদ্ধাৰ কৰিবলৈ আৰক্ষীক সময়সীমা,থানা ঘেৰাও - PROTEST IN RANGIA

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.