অসম

assam

ETV Bharat / technology

16 বছৰৰ তলৰ শিশুৰ বাবে নিষিদ্ধ হ’ব ছ’চিয়েল মিডিয়া - SOCIAL MEDIA BANNED FOR CHILDREN

Social media ban: শিশু-কিশোৰৰ বাবে নিষিদ্ধ হ’ব ছ’চিয়েল মিডিয়া ৷ শীঘ্ৰেই এই সন্দৰ্ভত প্ৰণয়ন কৰা হ’ব নতুন আইন ৷

Australia's sensational decision - they are banned from social media!
australia-proposes-ban-on-social-media-for-children-under-16 (ETV Bharat)

By ETV Bharat Tech Team

Published : Nov 8, 2024, 11:06 AM IST

হায়দৰাবাদ: সম্প্ৰতি ছ’চিয়েল মিডিয়াৰ প্ৰভাৱ সৰ্বত্ৰ । ডেকা-বুঢ়া সকলোৱে ব্যৱহাৰ কৰে ছ’চিয়েল মিডিয়া । কিন্তু এই ছ’চিয়েল মিডিয়াই নেতিবাচক প্ৰভাৱ পেলোৱাৰ আশংকা অধিক শিশু-কিশোৰৰ জীৱনত । ছ’চিয়েল মিডিয়াৰ বাবে শিশুসকলে হতাশাৰ লগতে আন বহুতো সমস্যাত ভুগিছে । ইয়াৰ বাবে সমগ্ৰ বিশ্বতে উদ্বেগ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে । এই ক্ষেত্ৰত অষ্ট্ৰেলিয়া চৰকাৰে নতুন আইন ৰূপায়ণৰ প্ৰস্তাৱ আগবঢ়াইছে ।

অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এণ্টনি আলবানিছে 16 বছৰৰ তলৰ শিশুৰ বাবে ছ’চিয়েল মিডিয়া নিষিদ্ধ কৰাৰ বাবে আইন প্ৰৱৰ্তন কৰাৰ কথা ঘোষণা কৰিছে ।তেওঁ কয় যে অভিভাৱকৰ পৰা অহা অভিযোগৰ ভিত্তিত এই পদক্ষেপ গ্ৰহণ কৰা হৈছে । ইয়াৰ বাবে তেওঁলোকে বয়স পৰীক্ষণ ব্যৱস্থা ৰূপায়ণৰ চেষ্টা কৰিছে । অহা বছৰৰ শেষৰ ফালে এই আইন কাৰ্যকৰী হোৱাৰ সম্ভাৱনা আছে ।

ছ’চিয়েল মিডিয়াৰ ব্যৱহাৰে শিশু-কিশোৰৰ যথেষ্ট অনিষ্ট সাধন কৰিছে । ইয়াৰ অত্যধিক ব্যৱহাৰে শিশুৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ ওপৰত কুপ্ৰভাৱ পেলায় ৷ ছ’চিয়েল মিডিয়াত অশ্লীল দৃশ্য আৰু ছবি ভাইৰেল হোৱাত অষ্ট্ৰেলিয়া চৰকাৰে উদ্বেগ প্ৰকাশ কৰিছে । এই প্ৰসংগত আলবানিজে সংবাদমেলত কয় যে এইবোৰ ৰোধ কৰাৰ বাবে এই বছৰ অষ্ট্ৰেলিয়াৰ সংসদত এখন আইন প্ৰৱৰ্তন কৰা হ’ব ।

জনপ্ৰতিনিধিয়ে এই আইনখন গৃহীত কৰাৰ 12 মাহৰ পিছত কাৰ্যকৰী হ’ব বুলি আলবানিজে প্ৰকাশ কৰে । বিৰোধী লিবাৰেল সদস্যসকলেও ইয়াক সমৰ্থন কৰিছিল বুলিও তেওঁ কয় । পিতৃ-মাতৃৰ সন্মতি থকা শিশু বা ইতিমধ্যে একাউণ্ট থকা শিশুৰ বাবে কোনো ৰেহাই নাথাকিব বুলি স্পষ্ট কৰা হৈছে । আলবানিজে কয় যে ছ’চিয়েল মিডিয়া প্লেটফৰ্মসমূহেও শিশুসকলক ছ’চিয়েল মিডিয়াত প্ৰৱেশ কৰাত বাধা দিয়াৰ বাবে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰাটো প্ৰয়োজন ।

যোৱা বছৰ ফ্ৰান্সে 15 বছৰৰ তলৰ শিশুৰ ছ’চিয়েল মিডিয়াৰ ব্যৱহাৰ নিষিদ্ধ কৰাৰ প্ৰস্তাৱ দিছিল । কিন্তু ব্যৱহাৰকাৰীসকলে অভিভাৱকৰ সন্মতি সাপেক্ষে এই নিষেধাজ্ঞা গৃহীত কৰিবলৈ সক্ষম হৈছিল । আনহাতে, আমেৰিকাত 13 বছৰৰ তলৰ শিশুৱে ছ’চিয়েল মিডিয়াত প্ৰৱেশ কৰিবলৈ পিতৃ-মাতৃৰ সন্মতিৰ প্ৰয়োজন ।

লগতে পঢ়ক: আপোনাৰ ব্লক লিষ্টত থকাজনেও এতিয়াৰে পৰা চাব পাৰিব আপোনাৰ X পোষ্ট !

সামাজিক মাধ্যমত ফটো শ্বেয়াৰ কৰাৰ পূৰ্বে সাৱধান; শূন্য হৈ পৰিব পাৰে আপোনাৰ বেংক একাউণ্ট ! - Tactics Used by Cyber criminals

ABOUT THE AUTHOR

...view details