হায়দৰাবাদ: স্মাৰ্টফোন নিৰ্মাতা কোম্পানী এপলে ইউৰোপীয় সংঘৰ দেশসমূহত নিজৰ তিনিটা আইফোন মডেলৰ বিক্ৰী বন্ধ কৰি দিছে । ইউৰোপৰ বেছিভাগ দেশৰ অনলাইন ষ্ট’ৰৰ পৰা ‘আইফোন 14’, ‘আইফোন 14 প্লাছ’ আৰু ‘আইফোন SE (3য় জেন)’ মডেল আঁতৰাই পেলাইছে । এতিয়া অফলাইন ষ্ট’ৰতো বিক্ৰীৰ বাবে উপলব্ধ নহয় এইকেইটা মডেল । ইউৰোপীয় সংঘৰ (ইউৰোপীয় ইউনিয়ন)ৰ নিয়মৰ বাবে এপলে এই সিদ্ধান্ত ল’বলগীয়া হৈছিল ।
আঁৰৰ কাৰণ !
ইউৰোপীয় ইউনিয়নে সিদ্ধান্ত লৈছে যে 2022 চনত ইয়াৰ 27 খন দেশতে বিক্ৰীৰ বাবে উপলব্ধ ফোন আৰু আন কিছুমান গেজেটত ইউএছবি-চি প’ৰ্ট থাকিব লাগিব । ইলেক্ট্ৰনিক আৱৰ্জনা হ্ৰাস কৰাৰ বাবে এই সিদ্ধান্ত লোৱা হৈছে । অৱশ্যে এপলে প্ৰথমে এই সিদ্ধান্তৰ বিৰোধিতা কৰিছিল যদিও পিছলৈ মানি লৈছিল । ফলত কোম্পানীটোৱে ‘আইফোন 14’, ‘আইফোন 14 প্লাছ’, আৰু ‘আইফোন SE (3য় জেন)’ৰ চাৰ্জিঙৰ বাবে ইউএছবি-চি প’ৰ্ট নথকাৰ বাবে বন্ধ কৰিবলগীয়া হয় ।
যোৱা এসপ্তাহ ধৰি এপলে নিজৰ পুৰণি ষ্টক ক্লিয়াৰ কৰি আছে । এতিয়ালৈকে ই অষ্ট্ৰিয়া, বেলজিয়াম, ডেনমাৰ্ক, ফিনলেণ্ড, ফ্ৰান্স, জাৰ্মানী, আয়াৰলেণ্ড, ইটালী, নেদাৰলেণ্ড, ছুইডেন আৰু আন কেইবাখনো দেশৰ দোকানবোৰৰ পৰা এই সামগ্ৰীসমূহ আঁতৰাই পেলাইছে । ছুইজাৰলেণ্ডতো এই তিনিটা আইফোন মডেলৰ বিক্ৰী বন্ধ হৈ পৰিছে । যদিও ছুইজাৰলেণ্ড ইউৰোপৰ অংশ নহয়, তথাপিও সেই দেশৰ বেছিভাগ নিয়ম ইউৰোপীয় সংঘৰ আইনৰ সৈতে মিল আছে । লগতে এই আইফোন মডেলসমূহ উত্তৰ আয়াৰলেণ্ডত আৰু ক্ৰয় কৰিব নোৱাৰিব ।