নিউজ ডেস্ক, 26 আগষ্ট:আধাৰ কাৰ্ড ভাৰতীয় নাগৰিকৰ অন্যতম গুৰুত্বপূৰ্ণ নথি । ডাকঘৰ, কামৰ বাবে পঞ্জীয়ণ, বেংক, হাস্পতাল আদি বিভিন্ন স্থানত আধাৰ কাৰ্ডৰ প্ৰয়োজন । লগতে KYC পৰীক্ষণৰ বাবেও প্ৰয়োজনীয় প্ৰাথমিক নথি-পত্ৰৰ ভিতৰত আধাৰ কাৰ্ড অন্যতম । গতিকে আধাৰত আপোনাৰ সবিশেষ যেনে নাম, ঠিকনা, মোবাইল নম্বৰ আদি শুদ্ধ হোৱাটো বাঞ্চনীয় ।
লগতে আধাৰ নামভৰ্তি আৰু নবীকৰণ নিয়মাৱলী 2016 অনুসৰি আধাৰ কাৰ্ডধাৰীসকলে আধাৰ নামভৰ্তিৰ তাৰিখৰ পৰা প্ৰতি দহ বছৰৰ মূৰে মূৰে এবাৰ নিজৰ পৰিচয় প্ৰমাণ আৰু ঠিকনা নথিপত্ৰ আপডেট কৰিব লাগে । সেই অনুসৰি ভাৰতীয় একক পৰিচয় কৰ্তৃপক্ষই আধাৰ কাৰ্ড আপডেট কৰিবলৈ আহ্বান জনাইছে ।
আধাৰ আপডেটৰ অন্তিম তাৰিখ
14 ছেপ্টেম্বৰৰ ভিচৰত myAadhaar পৰ্টেলত আধাৰ আপডেট নথি বিনামূলীয়াকৈ আপলোড কৰাৰ অন্তিম তাৰিখ । 14 ছেপ্টেম্বৰৰ পিছত মাচুল দি আধাৰ কাৰ্ডৰ বাবে পৰিচয় প্ৰমাণ আৰু ঠিকনাৰ নথি-পত্ৰ আপডেট কৰিব লাগিব ।
14 ছেপ্টেম্বৰৰ পিছৰ পদ্ধতি
আধাৰ কাৰ্ডধাৰীসকলক আধাৰ কাৰ্ডৰ বাবে দাখিল কৰা পৰিচয় আৰু ঠিকনা প্ৰমাণৰ নথি-পত্ৰ আপলোড বা আপডেট কৰিবলৈ কয় ইউআইডিএআইয়ে । যদি কোনো ব্যক্তিয়ে 2024 চনৰ 14 ছেপ্টেম্বৰৰ পূৰ্বে আধাৰ কাৰ্ডৰ নথি-পত্ৰ আপডেট কৰা নাই তেন্তে myAadhaar পৰ্টেলত 25 টকা বা সমীপৰ আধাৰ কেন্দ্ৰত 50 টকা দি পৰিচয় আৰু ঠিকনা প্ৰমাণৰ নথি-পত্ৰ আপডেট কৰিব লাগিব ।
আধাৰ কাৰ্ড নবীকৰণৰ বাবে প্ৰয়োজনীয় নথিপত্ৰসমূহ
তলত আপুনি আপোনাৰ আধাৰ কাৰ্ডৰ নথিপত্ৰ নবীকৰণ কৰিবলৈ myAadhaar পৰ্টেলত আপলোড কৰিবলগীয়া নথিপত্ৰসমূহ উল্লেখ কৰা হৈছে ।
তলত দিয়া যিকোনো এটা প্ৰমাণ পত্ৰ
- পাছপ'ৰ্ট
- ড্ৰাইভিং লাইচেন্স
- পেন কাৰ্ড
- ভোটাৰ আইডি কাৰ্ড
- শ্ৰম কাৰ্ড
- নম্বৰৰ প্ৰমাণ পত্ৰ
- বিবাহৰ প্ৰমাণ পত্ৰ
- ৰেচন কাৰ্ড
ঠিকনাৰ প্ৰমাণ পত্ৰৰ বাবে তলত দিয়া যিকোনো এটা
- বেংকৰ পাছবুক
- বিদ্যুৎ বা গেছ সংযোগৰ চাৰ্জ
- পাছপ'ৰ্ট
- বিবাহৰ প্ৰমাণ পত্ৰ
- ৰেচন কাৰ্ড
- সম্পত্তি কৰ ৰচিদ
আধাৰ কাৰ্ড কেনেকৈ আপডেট কৰিব