অসম

assam

ETV Bharat / state

হতাশা-মানসিক অস্থিৰতাত ভূগিছে নেকি ? বাইহাটাৰ ৰাহুলে আমেৰিকাত কি উদ্ভাৱন কৰিলে জানেনে ?

বাইহাটা চাৰিআলিৰ ৰাধাকুছি গাঁৱৰ যুৱ গৱেষক ৰাহুল ইছলামৰ আমেৰিকাত সাফল্য । মানুহৰ মানসিক ৰোগ চিনাক্তকৰণৰ এপ উদ্ভাৱন ।

By ETV Bharat Assamese Team

Published : 5 hours ago

Youth from Baihata invents mental illness detection app in America
মানসিক ৰোগ চিনাক্তকৰণৰ এপ উদ্ভাৱন (ETV Bharat Assam)

বাইহাটা চাৰিআলি:মনত অদম্য হেঁপাহ আৰু একগ্ৰতা থাকিলে কিদৰে সফলতাৰ শিখৰত আৰোহণ কৰিব পাৰি তাকেই প্রতিপন্ন কৰি দেখুৱালে বাইহাটা চাৰিআলিৰ সমীপৰ এজন যুৱকে । উৎসৱৰ আনন্দৰ মাজতে অসমলৈ আহিল আৰু এটা ভাল খবৰ ।

বাইহাটা চাৰিআলিৰ ৰাধাকুছি গাঁৱৰ এজন যুৱকে অৰ্জন কৰিছে সাফল্য । যুৱকজনৰ সাফল্যত আনন্দিত পৰিয়ালৰ লগতে গাঁওবাসী । গাঁওখনৰ অতি মেধা সম্পন্ন যুৱ গৱেষক ৰাহুল ইছলামে আমেৰিকাত উৰুৱাইছে সাফল্যৰ বিজয়ধ্বজা । ৰাহুলে নিজৰ কৰ্মদক্ষতাৰে আমেৰিকাৰ নিউজাৰ্ছিৰ হোবাকেনত থকা ৰাষ্ট্ৰখনৰ আগশাৰীৰ বিশ্ববিদ্যালয় ষ্টিভেনছ ইনষ্টিটিউট অৱ টেকনোলজিত কৰা এক গৱেষণাৰ জৰিয়তে মানৱ সমাজলৈ দিছে এক উপহাৰ ।

মানসিক ৰোগ চিনাক্তকৰণৰ এপ উদ্ভাৱন (ETV Bharat Assam)

যুৱ গৱেষকগৰাকীয়ে তেওঁৰ গৱেষণাৰ জৰিয়তে উদ্ভাৱন কৰি উলিয়াইছে হতাশাত ভোগা ব্যক্তিসকলক চিনাক্তকৰণৰ বাবে এক ম'বাইল এপ্লিকেচন । যিটো এপৰ জৰিয়তে চকু আৰু মুখ স্কেন কৰি মানুহ এজন কিমান হতাশাত ভুগি আছে সেয়া নিৰ্ণয় কৰিব পৰা যাব বুলি উল্লেখ কৰে অসমৰ এইগৰাকী যুৱ গৱেষকে ।

ছাং বন বায়েৰ নামৰ অধ্যাপকগৰাকীৰ নেতৃত্বত চলা গৱেষণাত সহযোগী গৱেষক আছিল বাইহাটা চাৰিআলিৰ ৰাধাকুছি গাঁৱৰ ৰাহুল ইছলাম । সৰুৰে পৰা অতি মেধাসম্পন্ন ৰাহুলৰ সফলতাত উৎফুল্লিত পৰিয়ালৰ লগতে অঞ্চলবাসী ৰাইজ । কামৰূপ জিলাৰ বাইহাটা চাৰিআলি অঞ্চলৰ এখন গাঁৱৰ পৰা গৈ এতিয়া এনেদৰে সাফল্যৰ শিখৰত আৰোহণ কৰিব পৰা কাৰ্যত এতিয়া আনন্দত আত্মহাৰা হৈ পৰিছে ৰাহুল ইছলামৰ অভিভাৱকৰ লগতে বৃহত্তৰ বাইহাটা চাৰিআলি অঞ্চলবাসী । উল্লেখ্য যে ৰাহুলে গুৱাহাটীত থকা ভাৰতীয় তথ্য-প্ৰযুক্তি প্ৰতিষ্ঠানৰ পৰা কম্পিউটাৰ বিজ্ঞানত স্নাতক ডিগ্ৰী অৰ্জন কৰা পিছত উচ্চ শিক্ষাৰ বাবে আমেৰিকালৈ গৈছিল ।

লগতে পঢ়ক:মিঠা কমলাৰ গোন্ধত আমোলমোল বিশ্বনাথ; ছটা জাতৰ কমলাই দখল কৰিছে ৰাজ্যৰ বজাৰ

মুকলিৰ ১৫ দিনতে কাজিৰঙালৈ আগমন ১৩ হাজাৰৰো অধিক পৰ্যটকৰ: লক্ষাধিক টকাৰ ৰাজহ সংগ্ৰহ

ABOUT THE AUTHOR

...view details