যোৰহাট: ৰাজ্যত দিনক দিনে বৃদ্ধি পাইছে হাতী-মানুহৰ সংঘাত । বন বিভাগৰ বিৰুদ্ধে হাতী-মানুহৰ এই সংঘাত ৰোধ কৰাত প্ৰায়েই ব্যৰ্থ হোৱাৰ অভিযোগ উথাপিত হৈ আহিছে । কেতিয়াবা যদি হাতীৰ আক্ৰমণত মানুহৰ মৃত্য়ু হৈছে আন কেতিয়াবা আকৌ মানুহে আক্ৰমণ কৰিছে বন্য়হস্তীক । এনেদৰেই ৰাজ্য়ৰ বিভিন্ন প্ৰান্তৰ দৰে যোৰহাটতো চলি আছে সংঘাত । বন্য়হস্তীলৈ শংকিত হ'লেও একাংশই আকৌ বনাঞ্চললৈ গৈ লুৰি আছে শুকান খৰি ।
অনুমতি বিহীনভাৱে শনিবাৰে আবেলি ভাগত শুকান খৰি সংগ্ৰহৰ বাবে মৰিয়নী হোলোঙাপাৰাৰ গিৱন অভয়াৰণ্যত প্ৰৱেশ কৰিছিল ৫ গৰাকীকৈ মহিলাই । গিৱনত শুকান খৰি বিচাৰি থকাৰ সময়তে বন্যহস্তী অহাৰ সংকেত লাভ কৰিছিল মহিলাকেইগৰাকীয়ে । ফলত বন্যহস্তীৰ আক্ৰমণ পৰা নিজকে ৰক্ষা কৰিবলৈ মহিলাকেইগৰাকীয়ে বনাঞ্চলৰ পৰা বেগেৰে ওলাই আহে । দুৰ্ভাগ্য়বশতঃ এগৰাকী মহিলা উজুটি খাই বনাঞ্চলত পৰি যায় । চাৰিগৰাকী মহিলা সুকলমে ওলাই আহে যদিও এগৰাকী বনাঞ্চলৰ ভিতৰতে সন্ধানহীন হৈ পৰে । নিশা পৰ্যন্ত মহিলাগৰাকী ঘূৰি নহাত বিধায়ক ৰূপজ্যোতি কুৰ্মী, বন বিভাগ, আৰক্ষীয়ে মহিলাগৰাকীৰ সন্ধানত নিশাই গিৱনত প্ৰৱেশ কৰে ।
মৃতদেহৰ অৱশিষ্ট উদ্ধাৰ :
নিশা অভিযানৰ অন্তত মহিলাগৰাকীৰ মৃতদেহৰ অৱশিষ্ট উদ্ধাৰ হয় । অকলশৰীয়া মহিলাগৰাকীক বৃহৎ হাতী জাকে গচকি, দলিয়াই পেলাইছিল । ফলত ছেদেলি-ভেদেলি হৈ পৰে শৰীৰৰ বিভিন্ন অংশ । হাতীৰ আক্ৰমণত কৰুণভাৱে মৃত্যুক আঁকোৱালি লোৱা মহিলাগৰাকী হ'ল অঞ্জনা চামচিৰ ।