অসম

assam

ETV Bharat / state

বয়ন বিপ্লৱৰ সূচনাৰে কৰ্মসংস্থাপনৰ নিদৰ্শন তেজপুৰৰ এগৰাকী মহিলাৰ - ASSAM HANDLOOM PRODUCTS

আনৰ বয়ন উদ্যোগলৈ আহি একপি ফটো উঠা লোকেও লাভ কৰে চৰকাৰী সাহায্য ৷ এই আক্ষেপ যুৱ উদ্যোগী তথা এঞ্জেলা ইণ্ডাষ্ট্ৰীৰ স্বত্বাধিকাৰী নিবেদিতা পাঠকৰ ।

Tezpur weaver Nibedita Pathak
বয়ন বিপ্লৱৰ সূচনাৰে কৰ্মসংস্থাপনৰ নিদৰ্শন তেজপুৰৰ এগৰাকী মহিলাৰ (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Nov 7, 2024, 1:51 PM IST

তেজপুৰ : অসমীয়া শিপিনীৰ হাতৰ পৰশত যাদু আছে । এই উক্তি বহু যুগ পূৰ্বেই ব্যৱহাৰ হোৱা, কিন্তু ইয়াৰ প্ৰভাৱ এতিয়াও অসমীয়া থলুৱা শিপিনীৰ মাজত আছে । তেজপুৰ চহৰৰ কাষতে থকা 'এঞ্জেলা ইণ্ডাষ্ট্ৰী' যেন এতিয়া ইয়াৰে এক নিদৰ্শন ।

"চৰকাৰী সাহায্যৰ বাবে তাঁতবাতি কৰি থকা সময়তকৈ এযোৰ পাটৰ কাপোৰ প্ৰস্তুত কৰিব পাৰো ।" এই মন্তব্য এঞ্জেলা ইণ্ডাষ্ট্ৰীৰ স্বত্বাধিকাৰী নিবেদিতা পাঠকৰ । ইটিভি ভাৰতৰ লগত হোৱা এক টেলিফোনিক বার্তালাপত তেওঁ কয়, "অসমীয়া সাজ পৰিধানৰ বাবে এতিয়া সকলোৱে আগ্ৰহী আৰু ইয়াৰ বজাৰ যথেষ্ট ভাল ।"

নিবেদিতা পাঠক (ETV Bharat Assam)

অসমীয়া শিপিনীৰ এক বৰ্ণিল ইতিহাস আছে ৷ তাঁতশালত সৰগ ৰচিব পৰা এই শিল্পই কিন্তু এতিয়া তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে ৷ এনে প্ৰত্যাহ্বানৰ মাজতে তেজপুৰৰ ঐতিহ্যমণ্ডিত ঘৰপৰা চুবুৰীত নিবেদিতা পাঠক নামৰ এগৰাকী উদ্যমী মহিলাই পৰিচালনা কৰি গৈছে এনে এক বয়ন উদ্যোগ ৷

বিগত ২০০৮ বর্ষতে এই বয়ন ক্ষেত্ৰত জড়িত পাঠকে এঞ্জেলা ইণ্ডাষ্ট্ৰী নামৰে প্ৰথমে ২০২১ চনত মাত্ৰ এখন তাঁতশালেৰে আৰম্ভ কৰিছিল এই ক্ষুদ্ৰ উদ্যোগটো ৷ ক'ভিডকালীন সময়ত সন্মুখীন হোৱা প্ৰত্যাহ্বান আৰু বিভিন্নজনৰ পৰা প্ৰৱঞ্চনাৰ সন্মুখীন হৈয়ো পৰাজয় স্বীকাৰ নকৰি তেওঁ কিছুদিনৰ পাচতে তাঁতশালৰ সংখ্যা তিনিখন আৰু তাৰপিছত চাৰিখনলৈ বৃদ্ধি কৰে ৷

শিপিনীৰ সৈতে নিবেদিতা পাঠক (ETV Bharat Assam)

উদ্যোগী মহিলাগৰাকীৰ প্ৰয়াসত বৰ্তমান এই ক্ষুদ্ৰ উদ্যোগটোত তাঁতশালৰ সংখ্যা আঠখন ৷ উল্লেখযোগ্য যে অভয়াপুৰীতো তেওঁৰ আন তিনিখন তাঁতশাল আছে ৷ তেওঁ কয়, "অতি সোনকালে আৰু ৪ খন তাঁতশাল সংযোগ কৰিম । বৰ্তমান মুঠ ১১ গৰাকী শিপিনী জড়িত থকাৰ লগতে ইয়াৰে আনুষংগিক কামৰে জড়িত হৈ আছে কেইবাটাও পৰিয়াল ৷ নতুন প্ৰজন্মৰ যুৱকেও আত্মসংস্থাপনৰ পথ মুকলি কৰিবলৈ সক্ষম হৈছে এই ক্ষুদ্ৰ উদ্যোগৰ জৰিয়তে ৷"

পাট-মুগা কাপোৰ বয়নত গুৰুত্ব আৰোপ কৰা নিবেদিতা পাঠকে কয় যে কোনো ধৰণৰ চৰকাৰী সাহায্য নতুবা ঋণ অবিহনেই তেওঁ এই কাম কৰি গৈছে ৷ চৰকাৰী মেৰপেঁচৰ বাবেই তেওঁ চৰকাৰী সাহায্যৰ আশাও ত্যাগ কৰা বুলি প্ৰকাশ কৰে ৷ তেওঁ এই সন্দৰ্ভত কয়, "থলুৱা বয়ন শিল্পলৈ আহিছে অশনি সংকেত ৷ পাটৰ নামত আন বিভিন্ন সূতাৰে বহিঃৰাজ্যত বোৱা কাপোৰে অসমৰ পাটৰ কাপোৰলৈ আনিছে তীব্ৰ প্ৰত্যাহ্বান ৷ তাতে সঁচা অৰ্থত থলুৱা বয়ন শিল্পৰে জড়িতসকলৰ বহুতেই বঞ্চিত হ’বলগীয়া হৈছে চৰকাৰী সাহায্য নতুবা ঋণৰ সুবিধাৰ পৰা ৷ ইয়াৰ বিপৰীতে আনৰ বয়ন উদ্যোগলৈ আহি একপি ফটো উঠা লোকেও লাভ কৰে চৰকাৰী সাহায্য ৷"

শিপিনীৰ সৈতে নিবেদিতা পাঠক (ETV Bharat Assam)

এইগৰাকী উদ্যমী মহিলাই আক্ষেপৰে কয় যে এনে কাৰণতেই তেওঁ এতিয়া চৰকাৰী সাহায্যৰ আশাই ত্যাগ কৰে ৷ বৰ্তমান কলকাতাৰ বজাৰত অসমীয়া সাজ-পোছাকৰ আদৰ বৃদ্ধি পাইছে আৰু এক সুকীয়া বজাৰ দখল কৰিবলৈ সক্ষম হৈছে । বৰ্তমান আমেৰিকাৰ পৰা ৪ টা নতুন অৰ্ডাৰ লাভ কৰিছে এইগৰাকী মহিলাই ।

পাট, মুগা, টচ আৰু কটনৰ উন্নত মানৰ কাপোৰ বোৱাত গুৰুত্ব আৰোপ কৰি আহিছে এইগৰাকী উদ্যমী মহিলাই ৷ এখন উপযুক্ত বজাৰৰ সমস্যাৰ বিষয়ে উল্লেখ কৰি তেওঁ লগতে কয় যে প্ৰকৃততে চৰকাৰে গুৰুত্ব আৰোপ কৰিলে এই বয়ন শিল্প ৰাজ্যৰ আত্মসংস্থাপনৰ ক্ষেত্ৰত এক বৃহৎ উদ্যোগ হিচাপে গঢ় ল’ব পাৰে ৷ শিপিনী,ব্যৱসায়ী সকলোৱেই ইয়াৰ দ্বাৰা উপকৃত হ’ব পাৰে, যদিহে কৰ্মদক্ষতা আৰু কামৰ প্ৰতি হাবিয়াস বৃদ্ধি কৰা হয় ৷

তাঁতশালত ব্যস্ত শিপিনী (ETV Bharat Assam)

তদুপৰি, একাংশ দক্ষ শিপিনীৰ অমনোযোগৰ বাবেই দক্ষতা হেৰুৱাই পেলাইছে বুলি উল্লেখ কৰি তেওঁ কয়, "নতুন প্ৰজন্মক কামৰ পৰা উপযুক্ত উপাৰ্জনৰ উদাহৰণ দেখুৱাব নোৱাৰিলে তেওঁলোক তেনে কামৰ বাবে আকৰ্ষিত কিয় হব !"

স্বামী প্ৰসেনজিৎ বৈশ্যই যথেষ্ট অনুপ্ৰেৰণা যোগাইছে বুলি প্ৰকাশ কৰা পাঠকে তেওঁৰ তাঁতশালত বোৱা বস্ত্ৰ দেশৰ লগতে বিদেশৰ লোকেও ক্ৰয় কৰা বুলি প্ৰকাশ কৰি কয় যে পশ্চিমবংগ, দিল্লী তথা আমেৰিকালৈয়ো তেওঁ কাপোৰ প্ৰেৰণ কৰিছে ৷ তেওঁ ৰাজ্যৰ বয়ন শিল্পৰ প্ৰতি অহা প্ৰত্যাহ্বানৰ বিষয়ে উনুকিয়াই কয়, "বাহিৰৰ ব্যৱসায়ীয়ে ইয়াৰে আৰ্হি নকল কৰি কম মূল্যৰ সূতাৰে কম মূল্যত একেই কাপোৰ বৈ উলিয়াই ৷ এনে কাৰণত ৰাজ্যৰ পাটৰ লগতে এড়ী শিল্পত ব্যাপক নেতিবাচক প্ৰভাৱ পেলাইছে ৷"

তাঁতশালত ব্যস্ত শিপিনী (ETV Bharat Assam)

উন্নত মানৰ কাপোৰ বোৱাত গুৰুত্ব আৰোপ কৰা এইগৰাকী উদ্যমী মহিলাই তেজপুৰত আৰম্ভ কৰা এনে উদ্যোগে শিক্ষিত নিবনুৱাসকলৰ বাবে এক নিদৰ্শন দাঙি ধৰিছে ৷

লগতে পঢ়ক :এনে এজন পিতৃ লাভ কৰিলে কেতিয়াও সপোন পূৰ নোহোৱাকৈ নাথাকে এগৰাকী কন্যাৰ
লগতে পঢ়ক :'গুৱাহাটীৰ হাওঁফাওঁ’ গড়ভঙা অভয়াৰণ্যৰ স্বীকৃতি বাতিল; ন্যায়ালয়ৰ শপতনামা দাখিলৰ নিৰ্দেশ অসম চৰকাৰক

ABOUT THE AUTHOR

...view details