গুৱাহাটী :আজি মহাশিৱৰাত্রি। সনাতনীধর্মী লোকসকলৰ বাবে আজি এটা বিশেষ দিন । আজিৰ এই দিনটোতে মা পাৰ্বতী আৰু মহাদেৱৰ বিবাহ অনুষ্ঠিত হৈছিল বুলি কোৱা হয় । সেয়ে লোকবিশ্বাস অনুসৰি শিৱৰাত্রিৰ দিনা শিৱৰ ব্ৰত পালন কৰিলে মনৰ আশা সোনকালে পূৰণ হয় বা মনে বিচৰা ফল পোৱা যায় ।
তদুপৰি বছৰটো যিমানখিনি ব্ৰত কৰা যায়,সেই গোটেইখিনি ব্ৰত মিলি যি পুণ্য পোৱা যায়,সেই পুণ্য কেৱল শিৱৰাত্রিৰ ব্ৰত কৰিলেই লাভ কৰিব পাৰি । শিৱৰাত্ৰিত চাৰি প্ৰহৰৰ পূজা হয় । সেয়েহে ৰাতি পূজা কৰা হয় । কিন্তু কোনো কোনো ক্ষেত্ৰত এক প্ৰহৰৰ পূজা কৰিয়ে সামৰি থোৱা হয় ।
শিৱ পূজাত কি ধৰণৰ সামগ্ৰী অৰ্পণ কৰিলে ভাল ফল লাভ কৰিব ?
শিৱলিংগত পানী, গাখীৰ, মৌ, দৈ আদিৰে অভিষেক কৰা দেখা যায় । বিশেষকৈ শিৱলিংগত যদি আপুনি পানী ঢালে তেন্তে মনৰ প্ৰশান্তি ঘূৰি আহে । আনহাতে, মানসিক শান্তিৰ বাবে শিৱলিংগত গাখীৰ অৰ্পণ কৰিব পাৰে । একাগ্ৰতা, স্থিৰতাৰ বাবে দৈ, ঘি, মৌ অৰ্পণ কৰিব পাৰে । তদুপৰি চাউল আৰু তিলো আপুনি শিৱলিংগত অৰ্পণ কৰিব পাৰে । ফল হিচাপে মহাদেৱৰ চৰণত যিকোনো গোটা ফল অৰ্পণ কৰিব পাৰে । আনহাতে, চাকি জ্বলালে সদায় দুগছ চাকি জ্বলাব লাগে, ঘি চাকি জ্বলাব পাৰিলে ভাল ।
শিৱ পূজাত কি কি ফুল অৰ্পণ কৰিব লাগে ?
ফুলৰ ক্ষেত্ৰত শিৱলিংগত নীলা বা বগা অপৰাজিতা ফুল, যিকোনো বগা ফুল, ধতুৰা ফুল, দোৰোণ আৰু আকণ ফুল অৰ্পণ কৰিব পাৰে । লগতে বেলপাত, বেল শিৱলিংগত অৰ্পণ কৰাটো অপৰিহাৰ্য । ধতুৰা আৰু আকন্দৰ ফুল মহাদেৱৰ খুবেই প্রিয় ।
শিৱলিংগত কি কি অৰ্পণ কৰিলে কেনে ফল লাভ কৰিব ?
১) বিবাহত যদি বাধা আহিছে তেন্তে গাখীৰৰ লগত কেশৰ মিহলি কৰি শিৱলিংগত অৰ্পণ কৰিব পাৰে ।
২) কিবা কামৰ বাবে যদি নিজকে দোষী অনুভৱ হৈ আছে তেন্তে পানীৰ লগত ক’লা তিল মিহলি কৰি শিৱলিংগত অৰ্পণ কৰিব পাৰে ।