অসম

assam

ETV Bharat / state

নতুন বছৰত মুখ্যমন্ত্রীৰ প্ৰতি কি আহ্বান জনালে বিৰোধী দলপতিয়ে ? - OPPOSITION LEADER DEBABRATA SAIKIA

পুৰণি বছৰটো শেষ হোৱাৰ প্ৰাকক্ষণত চৰকাৰ তথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ কটাক্ষ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই । মুখ্যমন্ত্ৰীক জনালে কেইবাটাও আহ্বান ।

What is the opposition leader's appeal to the chief minister in the New Year
নতুন বছৰত মুখ্যমন্ত্রীৰ প্ৰতি কি আহ্বান জনালে বিৰোধী দলপতিয়ে ? (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Dec 31, 2024, 5:01 PM IST

গুৱাহাটী:নতুন বছৰত প্ৰতিশ্ৰুতিসমূহ পূৰণৰ বাবে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনালে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই । বছৰটোৰ শেষৰ দিনা দিছপুৰস্থিত বিৰোধী দলৰ দলপতিৰ কাৰ্যালয়ত এখন সংবাদমেল সম্বোধন কৰি তেওঁ চৰকাৰখনলৈ কেতবোৰ দাবী উত্থাপন কৰে । তেওঁ জনতা ভৱন চৌহদত বৃহৎ দেৱাল দি ঢাকি ৰখা বি আৰ আম্বেদকাৰৰ প্ৰতিমূৰ্তি মুকলি কৰি দিয়াৰ লগতে আম্বেদকাৰৰ নামত এটা ৰাষ্ট্ৰীয় গৱেষণা কেন্দ্ৰ মুকলি কৰাৰ বাবে চৰকাৰৰ প্ৰতি আহ্বান জনায় ।

বিৰোধী দলপতিগৰাকীয়ে কয়, "আন্দোলন বৰ্জিত পৰিৱেশ দিয়াৰ মুখ্যমন্ত্রীৰ প্ৰতিশ্ৰুতি অসাৰ প্ৰতিপন্ন হৈছে । নতুন বছৰটোত চৰকাৰখনে ৰাইজৰ ক্ষোভ প্ৰশমনৰ চেষ্টা কৰক । আনহাতে ভিজন ডকুমেণ্টত দিয়া প্ৰতিশ্ৰুতিসমূহ পূৰণৰ বাবে চৰকাৰখনে চেষ্টা কৰক । আগন্তুক দিনত যাতে ৰাজ্যখনত আৰু এনকাউণ্টাৰ নহয় তাৰ ব্যৱস্থা লওক চৰকাৰখনে । মুখ্যমন্ত্রীৰ নিৰ্দেশৰ পূৰ্বে আৰক্ষীয়ে নিজৰ দায়িত্ব পালনৰ পৰিৱেশ গঢ়ি তোলক । আৰক্ষীয়ে এজাহাৰ দিলেও কাম নকৰাৰ পৰিৱেশ দূৰ হওক ।"

নতুন বছৰত মুখ্যমন্ত্রীৰ প্ৰতি কি আহ্বান জনালে বিৰোধী দলপতিয়ে ? (ETV Bharat Assam)

বিৰোধী দলপতিগৰাকীয়ে লগতে কয়,"আৰক্ষী ৰাজনৈতিক প্ৰভাৱমুক্ত হোৱা নাই । আমি বিচাৰোঁ আৰক্ষী নিৰপেক্ষ হওক । আৰক্ষীয়ে প্ৰভাৱমুক্ত হৈ ৰাইজৰ স্বাৰ্থত কাম কৰক । অসমক দেশৰ পাঁচখন আগশাৰীৰ ৰাজ্যৰ ভিতৰত কৰাৰ কথা কোৱা হৈছে যদিও জি এছ টি পিৰ ক্ষেত্রৰ শেষৰ ফালৰ পৰা অসম পাঁচ নম্বৰত আছে । বিভিন্ন ক্ষেত্রত অসম তলৰ ফালে আছে । চৰকাৰে সুশাসনৰ সংকল্প লওক নতুন বছৰটোত । ভুৱা কৃষক চিনাক্ত কৰি প্ৰকৃত কৃষকক আঁচনিৰ সুবিধা দিয়াৰ ব্যৱস্থা কৰক ।"

তেওঁ লগতে কয়, "অনলাইন ট্ৰেডিঙৰ নামত হোৱা বিয়াগোম কেলেংকাৰীৰ উচিত তদন্তৰ ব্যৱস্থা কৰি বিনিয়োগ কৰাসকলৰ ধন ঘূৰাই দিয়াৰ ব্যৱস্থা কৰক । ৰাইজৰ ব্যাপক প্ৰতিবাদৰ পাছতো চৰকাৰে অসমত ৩৫ শতাংশ স্মাৰ্ট মিটাৰ লগালে । মুখ্যমন্ত্রীয়ে ৰাইজৰ স্বাৰ্থৰ কথা চিন্তা কৰা নাই । কাৰ স্বাৰ্থত স্মাৰ্ট মিটাৰ লগোৱা হৈছে সেই কথা স্পষ্ট হ'ব লাগে ।"

মুখ্যমন্ত্ৰীলৈ আহ্বান জনাই শইকীয়াই কয়, "দুৰ্নীতিৰ বিৰুদ্ধে কোৱা ধৰণে মুখ্যমন্ত্রীয়ে পদক্ষেপ গ্ৰহণ কৰিব লাগে । জলবায়ু পৰিৱৰ্তনক প্ৰত্যাহ্বান হিচাপে চৰকাৰখনে ল'ব লাগে আৰু সেই ধৰণে পদক্ষেপ গ্ৰহণ কৰিব লাগে । ক্ষুদ্ৰ চাহ খেতিয়কৰ কথা চিন্তা কৰিব লাগে । বৃহৎ জলবিদ্যুৎ প্ৰকল্পৰ প্ৰভাৱ সন্দৰ্ভত চৰকাৰে গুৰুত্ব দিয়া উচিত । ছয় জনগোষ্ঠীৰ জনজাতিকৰণ, শ্ৰমিকৰ মজুৰি বৃদ্ধি, সীমান্তৰ কাইটীয়া তাঁৰৰ ব্যৱস্থা আদি প্ৰতিশ্ৰুতি আজিও চৰকাৰখনে পূৰণ কৰিবলৈ সক্ষম হোৱা নাই । নিৰ্বাচনী প্ৰতিশ্ৰুতি পূৰণ কৰা নাই ।"

অসম চুক্তি সন্দৰ্ভত জ্যেষ্ঠ কংগ্ৰেছী নেতাগৰাকীয়ে কয়, "অসম চুক্তি আখৰে আখৰে পালন কৰাৰ কথা কৈছিল । কিন্তু ইয়াৰ বিপৰীতে বাংলাদেশীক নাগৰিকত্ব দিয়াৰ ব্যৱস্থা কৰিলে । ৰাজহুৱা শিক্ষা ব্যৱস্থাটোক উন্নত কৰাৰ ব্যৱস্থা কৰক চৰকাৰখনে । ঋণ লোৱাৰ বিপৰীতে নতুন অৰ্থনীতিৰ ব্যৱস্থা কৰক । এডভাণ্টেজ আসামৰ দ্বিতীয় সংস্কৰণৰ পূৰ্বে প্ৰথমখনৰ বিনিয়োগ সন্দৰ্ভত শ্বেতপত্র প্ৰকাশৰ বাবে মই চৰকাৰৰ প্ৰতি দাবী জনাইছোঁ ।" সংবাদমেলত উপস্থিত থাকে প্ৰদেশ কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰা ।

লগতে পঢ়ক:দেশৰ শীৰ্ষ ১০ ধনী মুখ্যমন্ত্ৰীৰ তালিকাত অসমৰ মুখ্যমন্ত্ৰী; কিমান সম্পত্তি আছে হিমন্ত বিশ্ব শৰ্মাৰ ? - ADR RICHEST CMS LIST

নতুন বছৰৰ অংগীকাৰ: ৩৯ বছৰ পিছত আকৌ গাঁৱে চহৰে যাব অগপ - AGP PARTY

ABOUT THE AUTHOR

...view details