অসম

assam

ETV Bharat / state

জন্মৰ তাৰিখ অনুসৰি ভাল ফলাফল পাবলৈ কি কি বিধি পালন কৰিব ? - RONGALI BIHU 2024 - RONGALI BIHU 2024

ASSAMESE NEW YEAR : আজি অসমীয়া নৱবৰ্ষৰ পহিলা দিন ৷ আগন্তুক বছৰটো কুশলে থাকিবলৈ নিজ নিজ জন্ম তাৰিখ তাৰিখ অনুসৰি সংখ্যাত্ববিদ তথা বাস্তুশাস্ত্ৰবিদ অৰ্চনা বৰ্মনৰ এইসমূহ টিপছ মানি চলক ৷

ASSAMESE NEW YEAR
জন্মৰ তাৰিখ অনুসৰি ভাল ফলাফল পাবলৈ কি কি বিধি পালন কৰিব ?

By ETV Bharat Assamese Team

Published : Apr 14, 2024, 10:11 AM IST

Updated : Apr 14, 2024, 10:33 AM IST

জন্মৰ তাৰিখ অনুসৰি ভাল ফলাফল পাবলৈ কি কি বিধি পালন কৰিব ?

গুৱাহাটী, 14 এপ্ৰিল : আৰম্ভ হ'ল অসমীয়া নৱবর্ষ । অসমীয়া নৱ-বৰ্ষত ভাল ফলাফল পাবলৈ কি কৰিব এই সন্দৰ্ভত জনালে সংখ্যাত্ববিদ তথা বাস্তুশাস্ত্ৰবিদ অৰ্চনা বৰ্মনে ।

১, ১০, ১৯ আৰু ২৮ তাৰিখত জন্ম হোৱা লোকসকলে পুৱা উঠি সূৰ্যক প্ৰণাম কৰিব । প্ৰণাম কৰোতে এটা ঘটি সেন্দুৰ আৰু নভগা চাউল আৰু অকমান গুৰ মিহলি কৰি সূৰ্যক প্ৰণাম কৰিব । যদি সম্ভৱ হয় তেন্তে প্ৰতিটো দেওবাৰে গৰুক ৰুটি খুৱাব । ৰুটিখন খুওৱাৰ পূৰ্বে ১১ বাৰ ৰুটীখন আপোনাৰ মূৰৰ ওপৰেৰে এন্টি ক্লক ওৱাইজত ঘূৰাই গৰুক অৰ্পণ কৰিব ।

২, ১১, ২০, ২৯ তাৰিখে জন্ম হোৱা ব্যক্তিসকলে পুৱাৰ ভাগত শিৱ লিংগত গাখীৰ ঢালিব আৰু ৰৈ যোৱা গাখীৰখিনি দুখীয়া মানুহক দান কৰিব । বিহুৰ দিনাৰ পৰা আৰম্ভ কৰিব পাৰে । লগতে পাৰিলে ৰূপৰ বাতি বা গিলাচত পানী থৈ খাব । এনে কৰিলে ভাল ফল লাভ কৰিব ।

৩, ১২, ২১ আৰু ৩০ তাৰিখে জন্ম হোৱা লোকসকলে কলগছৰ পুলি পূজা কৰিব পাৰে । পূজা কৰোতে এঘটি পানীত অকণমান হালধিগুৰি মিহলি কৰি অপৰ্ণ কৰিব । লগতে গোটা হালধি অৰ্পণ কৰিব।

৪, ১৩, ২২ আৰু ৩১ তাৰিখে জন্মহোৱা লোকসকলে আঁহত গছৰ তলত মিঠাতেলৰ চাকি জ্বলাব । মিঠাতেলৰ লগত দুটা লং আৰু অকণমন তিল দিব । প্ৰতি শনিবাৰে এনে কৰিলে আপুনি ভাল ফলাফল লাভ কৰিব ।

৫, ১৪ আৰু ২৩ তাৰিখে বুধবাৰে গৰুক কলা বুট খুৱাব। লগতে এখন সেউজীয়া ৰঙৰ ৰুমাল সদায় নিজৰ লগত ৰাখিব ।

৬, ১৫, আৰু ২৪ তাৰিখত জন্মহোৱা লোক সকলে শুকুৰবাৰে শিশুসকলৰ মাজত মিঠাই দান কৰিব । নোধুৱাকৈ কেতিয়াও কাপোৰ নিপিন্ধিব । লগতে কৃষ্ণ বা লক্ষ্মী-নাৰায়ণ মন্দিৰত ঘী দান কৰিব ।

৭, ১৬ আৰু ২৫ তাৰিখে জন্ম হোৱা লোকসকলে বুধবাৰে গণেশ মন্দিৰত ঘীৰ চাকি জ্বলাই ১১ টা দুবৰী বন আৰু ফুল অৰ্পণ কৰিব। লগতে কুকুৰক খাদ্য খুৱাব পাৰে ।

৮, ১৭ আৰু ২৬ তাৰিখে জন্ম হোৱা লোকসকলে শনিবাৰে আঁহত গছৰ তলত ক’লা বুট বা তিল অৰ্পণ কৰিব । লগতে তিল তেলৰ চাকি জ্বলাই দুটা লং অৰ্পণ কৰিব আৰু ৩ বাৰ গছ ডালৰ চাৰিওফালে পৰিক্ৰমা কৰিব ।

৯, ১৮ আৰু ২৭ তাৰিখে জন্ম হোৱা লোকসকলে হনুমান মন্দিৰত বুন্দিয়া লৈ গৈ নিজৰ মূৰৰ ওপৰেৰে ২১ বাৰ এন্টি ক্লক ওৱাইজত ঘূৰাই মন্দিৰত দান কৰিব । প্ৰতিটো মাহৰ এটা মঙলবাৰে এই কামটো কৰিলে ভাল ফল লাভ কৰিব ।

লগতে পঢ়ক:আজিৰ দিনটোৰ ৰাশিফল - Daily Horoscope For 14th April

Last Updated : Apr 14, 2024, 10:33 AM IST

ABOUT THE AUTHOR

...view details