নগাঁও, 17 জুলাই:বৃহত্তৰ নগাঁও জিলাত অব্যাহত আছে বাঘৰ আতংক ৷ ঢেকীয়াপতীয়া বাঘৰ আতংকত ত্ৰস্তমান হৈ আছে নগাঁৱৰ বৃহত্তৰ উত্তৰ-পশ্চিম অঞ্চলৰ বাসিন্দাসকল ৷ বিগত প্ৰায় এপষেক ধৰি নগাঁৱৰ উত্তৰ-পশ্চিম অঞ্চলত ঢেকীয়াপতীয়া বাঘে আতংকৰ সৃষ্টি কৰি অহাৰ পাছতো বাঘ খেদাত চূড়ান্তভাৱে ব্যৰ্থ হৈছে জিলা বন বিভাগ ৷ যাৰ বাবে বন বিভাগৰ বিৰুদ্ধে ক্ষুব্ধ হৈ পৰিছে সাধাৰণ ৰাইজ ৷
নগাঁৱৰ পশ্চিম অঞ্চলৰ অন্যতম গুৰুত্বপূৰ্ণ সাপ্তাহিক বজাৰ হিচাপে পৰিচিত ধিং সাপ্তাহিক বজাৰখনো বাঘৰ আতংকৰ বাবেই সম্পূৰ্ণকৈ বন্ধ হৈ পৰিছে ৷ বিগত তিনি জুলাইত প্ৰথমে নগাঁও জিলাৰ জুৰীয়াৰ জেঙনি অঞ্চলত তিনিজনকৈ লোকক আক্ৰমণ কৰি গুৰুতৰভাৱে আহত কৰিছিল বাঘটোৱে ৷ পৰৱৰ্তী সময়ত ক্ৰমান্বয়ে স্থান সলনি কৰি বাঘটোৱে পুঠিমাৰী, বলিকটীয়া, মেলেকাধিং আদি বিভিন্ন অঞ্চলত বিচৰণ কৰিবলৈ লোৱাত আতংকিত হৈ পৰে অঞ্চলবাসী ৷
লগতে পঢ়ক:কাম কৰি থাকোঁতেই যুৱকৰ কাষ পালেহি বনৰজা...তাৰ পিচত ঘটিল আচৰিত কাণ্ড - Royal Bengal Tiger Terror
মঙলবাৰৰ দিনটোত বাঘটোৱে বলিকটীয়াৰ পৰা প্ৰায় 15 কিল’মিটাৰ নিলগৰ ধিং অঞ্চলত বিচৰণ কৰিবলৈ আৰম্ভ কৰে ৷ মঙলবাৰে ধিঙৰ বিলতীয়া, ধিং চহৰত বাঘটোৱে বিচৰণ কৰাৰ তথ্য লাভ কৰে স্থানীয় লোকৰ লগতে বন বিভাগে ৷ আনকি বাঘৰ বাবে পিঞ্জৰা পতাৰ চেষ্টা কৰাৰ সময়ত বাঘটোৱে আক্ৰমণ কৰি আহত কৰে এজন বনকৰ্মীক ৷ নিশাৰ ভিতৰত বাঘটোৱে জনাঞ্চল এৰি বনাঞ্চললৈ যোৱাৰ কোনো তথ্য লাভ কৰা নাই স্থানীয় লোক অথবা বন বিভাগে ৷