অসম

assam

৩৫ কোটি টকা ব্যয়েৰে গুৱাহাটীত জাবৰ নিষ্কাশন প্ৰকল্প - Waste disposal plant in Guwahati

GMC Waste Disposal Project : গুৱাহাটীৰ জাবৰ-জোঁথৰ নিষ্কাশনৰ বাবে অভিলাষী প্ৰকল্প । ৩০০ মেট্ৰিক টন জাবৰ নিষ্কাশনৰ‌ পদক্ষেপ পৌৰ নিগমৰ ।

By ETV Bharat Assamese Team

Published : 5 hours ago

Published : 5 hours ago

GMC Waste Disposal Project
গুৱাহাটীত ৩৫ কোটি ব্যয়সাপেক্ষ জাবৰ নিষ্কাশন প্ৰকল্প (Photo Source GMC)

গুৱাহাটী, ৩ অক্টোবৰ : গুৱাহাটী পৌৰ নিগমে প্ৰথমবাৰৰ বাবে গুৱাহাটীত দৈনিক সৃষ্টি হোৱা জাবৰ-জোঁথৰৰ এক বৃহৎ অংশ বিজ্ঞানসন্মতভাৱে নিষ্কাশনৰ পদক্ষেপ গ্ৰহণ কৰিছে ।

গুৱাহাটী পৌৰ নিগমে গুৱাহাটীত দৈনিক সৃষ্টি হোৱা ৩০০ মেট্ৰিক টন জাবৰ বিজ্ঞানসন্মতভাৱে নিষ্কাশন কৰাৰ পদক্ষেপ গ্ৰহণ কৰিছে । পূৰ্বতে এনেধৰণে বৃহৎ পৰিমাণৰ জাবৰ-জোঁথৰ পৌৰ নিগমে নিষ্কাশন কৰাৰ পদক্ষেপ ল'ব পৰা নাছিল । কিন্তু এতিয়া পৌৰ নিগমে গুৱাহাটীত দৈনিক সৃষ্টি হোৱা ৩০০ মেট্ৰিক টন জাবৰ বিজ্ঞানসন্মতভাৱে নিষ্কাশন কৰাৰ পদক্ষেপ গ্ৰহণ কৰিছে । অৱশ্যে গুৱাহাটী পৌৰ নিগমৰ তথ্য মতে, গুৱাহাটীত দৈনিক ৭০০ মেট্ৰিক টন জাবৰৰ সৃষ্টি হয় । কিন্তু প্ৰশ্ন হৈছে, এই পদক্ষেপ গ্ৰহণৰ পিচতো এতিয়াও বাকী ৪০০ মেট্ৰিক টন জাবৰ নিষ্কাশন নোহোৱাকৈয়ে থাকি যাব ।

জাবৰ নিষ্কাশনস্থলীত গুৱাহাটী পৌৰ নিগমৰ প্ৰতিনিধি (Photo Source GMC)

জাবৰ নিষ্কাশনৰ নতুন প্ৰকল্পটো কি

গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াই এই সন্দৰ্ভত কয়, "গুৱাহাটী পৌৰ নিগমে গুৱাহাটীত দৈনিক সৃষ্টি হোৱা ৩০০ মেট্ৰিক টন জাবৰ বিজ্ঞানসন্মতভাৱে নিষ্কাশন কৰাৰ পদক্ষেপ গ্ৰহণ কৰিছে । গান্ধী জয়ন্তীৰ দিনা এই প্ৰকল্পটো আনুষ্ঠানিকভাৱে মুকলি কৰা হৈছে । যোৱা ১৭ মে'ত এই প্ৰকল্পটো পৰীক্ষামূলকভাৱে আৰম্ভ কৰা হৈছিল ।"

তেওঁ লগতে কয়, "বৰাগাঁৱৰ জাবৰ পেলোৱা স্থানতে এই প্ৰকল্পটো আৰম্ভ কৰা‌ হৈছে । এই প্ৰকল্পটো ৰূপায়ণ কৰাৰ বাবে M/S Geron engineering Pvt. Ltd. নামৰ কোম্পানীটোক দায়িত্ব দিয়া হৈছে । এই প্ৰকল্পটো ৰূপায়ণৰ বাবে ৩৫ টকা কোটি ধাৰ্য কৰা হৈছে । কোম্পানীটোৱে গুৱাহাটীত দৈনিক সৃষ্টি হোৱা ৩০০ মেট্ৰিক টন জাবৰৰ পৰা সাৰ আৰু RDF ( Refuse derived fuel) উৎপাদন‌ কৰিব । এই RDF চিমেণ্ট কোম্পানীয়ে ক্ৰয় কৰিব ।

জাবৰ নিষ্কাশনস্থলীত গুৱাহাটী পৌৰ নিগমৰ প্ৰতিনিধি (Photo Source GMC)

বাকী ৪০০ মেট্ৰিক টন জাবৰৰ কি হ'ব

গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াই দিয়া তথ্য মতে, গুৱাহাটীত বর্তমান দৈনিক উৎপন্ন হোৱা ৭০০ মেট্রিক টন জাবৰ পৌৰ নিগমৰ মুঠ ২৪ খন কমপেক্টৰ ট্রাক আৰু ডাম্পাৰেৰে কঢ়িয়াই পশ্চিম বৰাগাঁৱৰ ওচৰৰ বেলৰতলত জাবৰ পেলোৱা স্থানত (Damping ground) পেলায় ।

কিন্তু গুৱাহাটীত এই অতিৰিক্তভাৱে থাকি যোৱা ৪০০ মেট্ৰিক টন জাবৰৰ কি হ'ব বুলি সোধা প্ৰশ্নৰ উত্তৰত মেয়ৰ শৰণীয়াই কয়, "বাকী ৪০০ মেট্ৰিক টন জাবৰ বিজ্ঞানসন্মতভাৱে ভৱিষ্যতে পৰ্যায়ক্ৰমে নিষ্কাশন কৰ হ'ব । সদ্যহতে এই ৩০০ মেট্ৰিক টন জাবৰৰ নিষ্কাশন প্ৰকল্পটো সফলভাৱে ৰূপায়ণ হ'লে পৰৱৰ্তী‌ সময়ত ৪০০ মেট্ৰিক টন জাবৰৰ বিজ্ঞানসন্মতভাৱে নিষ্কাশনৰ কামত আগবাঢ়িব পৰা যাব ।"

লগতে পঢ়ক :মধুৰ-ঐতিহাসিক ক্ষণ: অসমীয়া ভাষাই পালে ধ্ৰুপদী ভাষাৰ স্বীকৃতি - Classical Language
লগতে পঢ়ক :ৰাজ্যত সকলো ধৰণৰ লটাৰী বন্ধ কৰাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ - Lottery ban in Assam

ABOUT THE AUTHOR

...view details