ধেমাজি:চৰকাৰে এইবাৰ প্ৰতি কুইণ্টল ধানৰ ন্যূনতম সমৰ্থন মূল্য 2,300 টকা নিৰ্ধাৰণ কৰিছে । ইতিমধ্য়ে ন্যূনতম সমৰ্থন মূল্যত কৃষকৰ পৰা ধান ক্ৰয় প্ৰক্ৰিয়া আৰম্ভ হৈছে । এই আঁচনিৰ অংশৰূপে অসম খাদ্য আৰু অসামৰিক যোগান নিগম পৰিসীমিতৰ অধীনত ধেমাজি জিলাতো আৰম্ভ হৈছে ধান ক্ৰয় কৰা প্ৰক্ৰিয়া ৷
চিলাপথাৰত 17149.20 কুইন্টল ধান ক্ৰয় :
জিলাখনৰ পৰা ১৬ হেজাৰ মেট্ৰিক টন ধান ক্ৰয় কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰি ইতিমধ্যে গোগামুখ, চিলাপথাৰ আৰু ধেমাজিত মুঠ তিনিটা ক্ৰয় কেন্দ্ৰ স্থাপন কৰি কৃষকৰ পৰা ধান ক্ৰয় কৰি থকা হৈছে ৷ এইক্ষেত্ৰত ধেমাজি ধান ক্ৰয় কেন্দ্ৰৰ পৰিচালক নৱ গগৈয়ে সংবাদ মাধ্যমৰ আগত কয়, “ বৰ্তমানলৈকে চিলাপথাৰত 17149.20 কুইন্টল, গোগামুখত 11106.49 কুইন্টল আৰু ধেমাজিত 3431.60 কুইন্টল ধান ক্ৰয় কৰা হৈছে যদিও গুদামবোৰ প্ৰায় ভৰ্তি হৈছে । ইয়াৰ ফলত ধান ক্ৰয় কৰা বন্ধ হৈ যোৱাৰ উপক্ৰম হৈছে ৷ এইক্ষেত্ৰত মিলৰ মালিকসকলৰ পৰা প্ৰয়োজনীয় সহযোগিতা লাভ কৰা নাই ৷ "