যোৰহাট,২২ মে':কিছুমান দৃশ্যই সঁচাকৈয়ে আপ্লুত কৰে মন-প্ৰাণ । কিছু লোকৰ সমাজৰ বাবে অৱদানে প্ৰমাণ কৰে যে এতিয়াও জীয়াই আছে মানৱতা । বুধবাৰে তেনে এক দৃশ্যই দেখা গ'ল যোৰহাটত । সদাব্যস্ত যোৰহাট নগৰৰ ইন'স্ক ছবিগৃহত বুধবাৰে দেখা গ'ল কিছু ব্যতিক্ৰম দৰ্শকক । ইন'স্ক কৰ্তৃপক্ষই গ্ৰহণ কৰে এক প্ৰশংসনীয় পদক্ষেপ ।
ইন'স্ক কৰ্তৃপক্ষৰ উদ্য়োগত সদ্যমুক্তিপ্ৰাপ্ত 'শ্ৰীকান্ত' নামৰ ছবিখন উপভোগ কৰোৱালে যোৰহাট দৃষ্টিহীন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক । জীৱনত প্ৰৱল ইচ্ছাশক্তি আৰু মনোবল থাকিলে শাৰীৰিক প্ৰতিবন্ধকতা কেতিয়াও হেঙাৰ হ'ব নোৱাৰে, সেয়া বহু সময়ত বহু ব্যক্তিয়ে প্ৰমাণ কৰি দেখুৱাইছে ।
ঘাট, প্ৰতিঘাট, শিক্ষা ব্যৱস্থাত থকা অন্তৰায়, সকলো বাধা আৰু সংঘৰ্ষক নেওচি কিদৰে সফলতাৰ শিখৰত এগৰাকী দৃষ্টিহীন যুৱক উপনীত হ'ল তেনে এজন দৃষ্টিহীন ব্যক্তিৰ জীৱনৰ সঁচা ঘটনাক আধাৰ হিচাপে লৈ নিৰ্মাণ কৰা 'শ্ৰীকান্ত 'নামৰ ছবিখন ইন'স্ক কৰ্তৃপক্ষই যোৰহাট দৃষ্টিহীন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক উপভোগ কৰোৱায় ।