অসম

assam

ETV Bharat / state

এখন বিশেষ বিয়াত ব্যস্ত হৈ পৰিল দৰঙৰ চিনাকোণাবাসী - Frog Marriage

Frog Marriage in Darrang: পৰম্পৰা নে অন্ধবিশ্বাস ! এখন গাঁৱত প্ৰতি বছৰে পাতি অহা হয় এখন বিশেষ বিয়া । লোকবিশ্বাস অনুসৰি এই বিয়াখনৰ জৰিয়তে গাওঁখনত নহয় বসন্ত ৰোগকে ধৰি আন কোনো অপায়-অমংগল । তদুপৰি এই বিয়াখনত শৰাই আগবঢ়ালে নিঃসন্তান দম্পত্তিয়ে সন্তান লাভ কৰাৰ বিশ্বাসো চলি আহিছে । পিছে কাক কোনে বিয়া পাতি নিয়ে এই বিবাহ অনুষ্ঠানত ? জানিবলৈ পঢ়ক এই প্ৰতিবেদন ।

By ETV Bharat Assamese Team

Published : May 19, 2024, 8:51 AM IST

Villagers organized traditional frog marriage desiring rain in Darrang
এখন বিশেষ বিয়াত ব্যস্ত হৈ পৰিল দৰঙৰ চিনাকোণাবাসী (ETV Bharat Assam)

এখন বিশেষ বিয়াত ব্যস্ত হৈ পৰিল দৰঙৰ চিনাকোণাবাসী (ETV Bharat Assam)

মঙলদৈ, ১৯ মে' :এখন শতিকা জুৰি চলি অহা পৰম্পৰাগত বিয়া । লোকবিশ্বাস মতে এই বিয়াখনৰ জৰিয়তে দূৰ হয় মানুহৰ অপায়-অমংগল । এই বিয়াখনে কৃষকক পৰিত্ৰাণ দিয়ে খৰাং বতৰৰ পৰা । মাতি আনে বৰষুণ । হয়, আমি ক'বলৈ ওলাইছো অবিভক্ত দৰং জিলাৰ নিজ চিনাকোণাৰ গাঁওবাসীয়ে পাতি অহা এখনপৰম্পৰাগত ভেকুলীৰ বিয়া ।

প্ৰতিবছৰৰ দৰে এইবাৰো জেঠ মাহত গাঁওবাসীয়ে ব্যাপক উৎসাহৰে তথা ধুমধামৰে আয়োজন কৰিছে বিয়াখনৰ । প্ৰধানতঃ প্ৰতি বছৰে বাৰিষাৰ আগমুহূৰ্তত যাতে খেতিয়কৰ খেতিৰ সময়ত কৃষকসকলৰ বুকুৰ আপোন পথাৰখন বৰষুণে জীপাল কৰি তোলে, সেই কামনাৰে স্থানীয় ৰাইজে পৰম্পৰাগতভাৱে সম্পাদন কৰি আহিছে ভেকুলীৰ বিয়াখন ।

গাঁওবাসীৰ মতে প্ৰায় শতিকাজুৰি এই বিয়াখন পাতি অহা হৈছে গাঁওখনত । গাঁওখনৰ এক পৰম্পৰাগত উৎসৱলৈ পৰিণত হৈছে ভেকুলী বিয়াখন । আটকধুনীয়া কৈ মণ্ডপ সাজি, পৰম্পৰাগত ধৰ্মীয় ৰীতি-নীতিৰে সম্পাদন কৰি অহা এই ভেকুলীৰ বিয়াখনত অৱশ্যেই আন কিছু লোকবিশ্বাসো সংপৃক্ত হৈ আহিছে বুলি সকলোৰে মুখে মুখে চৰ্চিত হৈ আহিছে ।

তেওঁলোকৰ বিশ্বাস এই ভেকুলীৰ বিয়াখন অনুষ্ঠিত কৰিলে, গাঁওখনত নহয় বসন্ত ৰোগকে ধৰি কোনো অপায়-অমংগল । তদুপৰি এই ভেকুলীৰ বিয়াখনত শৰাই আগবঢ়ালে নিঃসন্তান দম্পত্তিয়ে সন্তান লাভ কৰাৰ বিশ্বাসো বহু পুৰণি । কেইবাটাও লোকবিশ্বাসক সৰোগত কৰি শতিকাজুৰি অনুষ্ঠিত হৈ অহা এই ভেকুলী বিয়াখন পৰৱৰ্তী দিনবোৰতো গাঁওবাসীয়ে অনুষ্ঠিত কৰি যাব বুলি উল্লেখ কৰে ।

ককা-আজুককাৰ দিনৰে পৰা পাতি অহা পৰম্পৰা আৰু জনবিশ্বাস ৰক্ষা কৰি শুকুৰবাৰে অনুষ্ঠিত কৰা ভেকুলীৰ বিয়াত পৰম্পৰাগত নৃত্য-গীতেৰে আনন্দ স্ফুৰ্তিত মগন হোৱা দেখা গ’ল গাঁওবাসীক ।

লগতে পঢ়ক:Frog Marriage: বৰষুণ লাগে! তিতাবৰত ভেকুলী বিয়া

পানীৰ সংকটত সমগ্ৰ মধ্য অসম: কামপুৰ কঠিয়াতলীৰ ৰাইজে পাতিলে ভেকুলী বিয়া

ABOUT THE AUTHOR

...view details