কলিয়াবৰ:২০১৭ চনৰ ১৩ আগষ্টত নগাঁও জিলাৰ কলিয়াবৰৰ হাতীমূৰা-কুকুৰাকটি পাহাৰ সংযোগী মথাউৰি ভাঙি ব্ৰহ্মপুত্ৰৰ পানীয়ে কলঙৰ বুকুয়েদি বৈ আহি ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰিছিল । সেই সময়ৰ ভয়াৱহ ছবিখন এতিয়াও সকলোৰে মনত সজীৱ হৈ আছে । সকলোৱে অসহায় লোকসকলক সহায় কৰিবলৈ দাবী জনাইছিল । চৰকাৰেও গৃহহীন লোকসকলৰ লগতে ক্ষতিগ্ৰস্ত সকলক উপযুক্ত ক্ষতিপূৰণ দিব বুলি আশ্বাস দিছিল । পিছে ক্ষতিগ্ৰস্তই সাত বছৰেই নাপালে উপযুক্ত ক্ষতিপূৰণ ।
আনহাতে, এই বৰ্ষৰ যোৱা ২ জুলাইত কলিয়াবৰৰ হাতীমূৰা মথাউৰি ছিগি ব্ৰহ্মপুত্ৰৰ পানীয়ে কলঙৰ বুকুৰে বৈ গৈ সৃষ্টি কৰিছিল প্ৰলয় । এই দ্বিতীয়টো বানপীড়িতই ইতিমধ্যে ক্ষতিপূৰণ লাভ কৰিছে যদিও প্ৰথমটো বানৰ একাংশ ক্ষতিগ্ৰস্তই আজি পৰ্যন্ত ক্ষতিপূৰণ নাপালে । সেয়ে বিগত সাত বছৰ ধৰি বানপানীৰ চৰকাৰী ক্ষতিপূৰণ নোপোৱাক লৈ সোমবাৰে দুলাল-মাধৱ,জখলাবন্ধাৰ কলংপৰীয়া একাংশ মহিলাই প্ৰতিবাদ সাব্যস্ত কৰে ।
২০১৭ চনৰ আগষ্টত হাতীমূৰা মথাউৰি ভাঙি কলিয়াবৰৰ বহু অঞ্চলত পানীয়ে প্লাৱিত কৰাৰ লগতে বহু লোকৰ ঘৰ-দুৱাৰ,খেতি,পশুধনৰ যথেষ্ট ক্ষতি কৰিছিল । ইয়াৰে বহুলোকে চৰকাৰীভাৱে ক্ষতিপূৰণ পাইছিল যদিও একাংশই চৰকাৰী বিষয়া-কৰ্মচাৰী,গাঁওপ্ৰধানৰ ভুলৰ বাবে কোনোধৰণৰ ক্ষতিপূৰণ নোপোৱাৰ অভিযোগ উত্থাপন কৰি প্ৰতিবাদমুখৰ হৈ পৰে ।
ৰাজহ চক্ৰবিষয়াৰ কাৰ্যালয়ৰ সন্মুখত ক্ষোভ :