অসম

assam

ETV Bharat / state

টকাৰ ওপৰত শুই দলৰ পৰা নিলম্বিত বেঞ্জামিন বসুমতাৰী - Benjamin Basumatary Viral Photo

UPPL clarifies about viral photo: বেঞ্জামিন বসুমতাৰীৰ টকাৰ ওপৰত শুই থকাৰ দৃশ্য সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পিচতে ইউ পি পি এল দলৰ সংবাদমেল ৷ দলৰ প্ৰাথমিক সদস্য পদৰ পৰা অনিৰ্দিষ্ট কাললৈ নিলম্বন বেঞ্জামিন বসুমতাৰীক ৷

By ETV Bharat Assamese Team

Published : Mar 27, 2024, 7:16 PM IST

UPPL PRESS MEET
অনিৰ্দিষ্ট কাললৈ নিলম্বন বেঞ্জামিন বসুমতাৰীক

ইউ পি পি এল দলৰ সংবাদমেল

ওদালগুৰি, 27 মাৰ্চ : ইউ পি পি এল দলৰ প্ৰাথমিক সদস্য পদৰ পৰা অনিৰ্দিষ্ট কাললৈ নিলম্বন বেঞ্জামিন বসুমতাৰীক ৷ ভৈৰাগুৰি ভি চি ডি চিৰ অধ্যক্ষ পদৰ পৰাও অপসাৰিত কৰা হৈছে তেওঁক ৷ সংবাদমেল যোগে এই কথা জানিবলৈ দিছে ইউ পি পি এল দলৰ জিলা সচিব ৰাজু কুমাৰ নাৰ্জাৰীয়ে ৷ বি টি চিৰ ওদালগুৰি জিলাৰ ভৈৰাগুৰি ভি চি ডি চিৰ অধ্যক্ষ বেঞ্জামিন বসুমতাৰীৰ টকাৰ ওপৰত শুই থকাৰ দৃশ্য সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পিচতে ইউ পি পি এল দলে এক সংবাদমেল অনুষ্ঠিত কৰে ৷ ওদালগুৰি জিলাৰ টংলাত ইউ পি পি এল দলৰ জিলা সচিব ৰাজু কুমাৰ নাৰ্জাৰীয়ে এক সংবাদমেল অনুষ্ঠিত কৰি এই ঘটনা সন্দৰ্ভত দলৰ স্থিতি স্পষ্ট কৰে ৷

সংবাদমেলত ইউ পি পি এল দলৰ নেতা ৰাজু কুমাৰ নাৰ্জাৰীয়ে জানিবলৈ দিয়ে যে, সামাজিক মাধ্যমত ভাইৰেল হোৱা এই ফটো জানুৱাৰী মাহতেই লাভ কৰিছিল ৷ এই সন্দৰ্ভত ওদালগুৰি জিলা ইউ পি পি এল কমিটিয়ে দলৰ কেন্দ্ৰীয় সমিতিলৈ এক পত্ৰ প্ৰেৰণ কৰিছিল ৷ এই পত্ৰৰ ভিত্তিত 2024 চনৰ 10 জানুৱাৰীতেই অভিযুক্ত বেঞ্জামিন বসুমতাৰীক ইউ পি পি এল দলৰ প্ৰাথমিক সদস্য পদৰ পৰা অনিৰ্দিষ্ট কাললৈ নিলম্বন কৰা হৈছিল ৷

বেঞ্জামিন বসুমতাৰীক দলৰ পৰা নিলম্বন কৰি দলক কোনো কাৰণতে প্ৰতিনিধিত্ব কৰিব নোৱাৰিব বুলি উল্লেখ কৰি অনুশাসন কমিটিৰ পৰামৰ্শ অনুসৰি তেওঁক ভৈৰাগুৰি ভি চি ডি চিৰ অধ্যক্ষৰ পদৰ পৰা মুকলি কৰি দিবলৈ নিৰ্দেশ জাৰি কৰা হৈছিল ৷ পৰৱৰ্তী সময়ত চলিত বৰ্ষৰ 10 ফেব্ৰুৱাৰীত ভৈৰাগুৰি ভিচিডিচিৰ অধ্যক্ষ বেঞ্জামিন বসুমতাৰীৰ অনৈতিক কাৰ্যকলাপৰ বাবে তেওঁক জনপ্ৰতিনিধিৰ অনুপযুক্ত আৰু ই সাধাৰণ জনসাধাৰণলৈ নেতিবাচক বাৰ্তা প্ৰেৰণ কৰা বুলি উল্লেখ কৰি পদৰ পৰা তেওঁক অপসাৰণ কৰা হয় বুলি সংবাদমেলত জানিবলৈ দিয়ে ৰাজু কুমাৰ নাৰ্জাৰীয়ে ৷

আনহাতে এই ফটো বৰ্তমান একাংশ সংবাদ মাধ্যম আৰু বিৰোধী দলে ভাইৰেল কৰি ইউ পি পি এল দলৰ ভাৱমূৰ্তি ম্লান কৰিবলৈ চেষ্টা কৰা বুলি ৰাজু নাৰ্জাৰীয়ে অভিযোগ কৰে ৷ লগতে এই চেষ্টা দুৰ্ভাগ্যজনক বুলিও আখ্যা দিয়ে তেওঁ ৷ ৰাজু নাৰ্জাৰীয়ে কয় যে, বেঞ্জামিন বসুমতাৰী এতিয়া ইউ পি পি এল দলৰ কৰ্মী নহয় ৷ তেখেতক দলৰ প্ৰাথমিক সদস্যৰ পদৰ পৰাও বহিস্কাৰ কৰা হৈছে ৷ বেঞ্জামিন বসুমতাৰীৰ বিৰুদ্ধে এই ঘটনা সন্দৰ্ভত কোনো আইনী ব্যৱস্থা গ্ৰহণ কৰিলে সেয়া ব্যক্তিগতভাৱে লোৱা ব্যৱস্থাহে হ’ব ৷ সেই ব্যৱস্থা ইউ পি পি এলৰ সদস্য হিচাবে লোৱা নহয় বুলি উল্লেখ কৰে তেওঁ ৷

লগতে পঢ়ক :টকাৰ পাহাৰ; সামাজিক মাধ্যমত ভাইৰেল ভৈৰাগুৰি ভিচিডিচিৰ অধ্যক্ষ বেঞ্জামিন বসুমতাৰী - BENJAMIN BASUMATARY VIRAL PHOTO

ABOUT THE AUTHOR

...view details