সৰুপথাৰ, 5 মে' : এখন শস্যপথাৰৰ এটি দৃশ্যই চিন্তিত কৰি তুলিছে স্থানীয় লোকসকলক ৷ গোলাঘাট জিলাৰ নামবৰ হাবিত থকা ‘গৰম পানী উঁহ’ সদৃশ দৃশ্য উপলব্ধ হৈছে সৰুপথাৰৰ এখন কৃষি পথাৰত । সৰুপথাৰৰ মৰাণ গাঁৱৰ কৃষি পথাৰত পানীৰ বুৰবুৰণি দেখিবলৈ পোৱা গৈছে । যিয়ে চিন্তিত কৰি তুলিছে স্থানীয় লোকসকলক ৷
খেতিৰ বাবে কঠিঁয়া সিঁচিবলৈ চহাই থোৱা কৃষিভূমিত এতিয়া অহৰহ পানীৰ বুৰবুৰণি । অকল এঠাইতে নহয় পথাৰৰ অন্য ঠাইতো সেই বুৰবুৰণি দেখিবলৈ পোৱা গৈছে । কেইবাদিনো ধৰি ধাৰাবাহিকভাৱেএই বুৰবুৰণিৰ দৃশ্য দেখিবলৈ পোৱা গৈছে বুলি স্থানীয় লোকে জনায় । কৃষি ভূমিখনৰ 10-15 ফুটলৈ দেখিবলৈ পোৱা পানীৰ বুৰবুৰণিয়ে গাঁওখনৰ ৰাইজক যথেষ্ট শংকিত কৰি পেলাইছে ।
প্ৰকৃততে ভূ-গৰ্ভৰ পৰা গেছ নিৰ্গত হৈছে নে প্ৰাকৃতিক তৈল খাদৰ স্থান নে গৰম পানীৰ উঁহৰ সৃষ্টি হ'ব আদিকে ধৰি স্থানীয় ৰাইজৰ মনত বিভিন্ন প্ৰশ্ন উত্থাপিত হৈছে । অৱশ্যে উক্ত স্থানত অইল ইণ্ডিয়া লিমিটেডে কোনো তৈল খাদ স্থাপন কৰা নাই বুলি স্থানীয় লোকে জনায় ৷ কিন্তু উক্ত স্থানৰ পৰা কিছু আঁতৰত অইলে কোনো কাম কৰিছিল বুলি স্থানীয় লোকে উল্লেখ কৰে ৷