অসম

assam

ETV Bharat / state

ৰে'লৱে ঋণ কেলেংকাৰীত জড়িত আৰু দুই অভিযুক্তক আটক - Railway loan scam in Guwahati - RAILWAY LOAN SCAM IN GUWAHATI

Fraud arrested in Guwahati:ৰে'লৱে কর্মচাৰীৰ একাউন্ট সলনি কৰি সেই একাউণ্টৰ জৰিয়তে এটা চক্রই বেংকৰ পৰা লৈছিল ঋণ । ভুৱা বেংক একাউন্ট খুলি বেংকৰ পৰা ঋণ হিচাপে সৰকাইছিল ১০ কোটি টকা । পিচে দিন আছিল বেয়া । ধৰা পৰাৰ পিচতেই ওলাই পৰিল উৰহীৰ ওৰ ।

Fraud arrested in Guwahati
ভুৱা বেংক একাউন্ট খুলি ল'লে ঋণ (ETV BHARAT ASSAM)

By ETV Bharat Assamese Team

Published : Jun 10, 2024, 10:13 PM IST

গুৱাহাটী, ১০ জুন:ৰে'লৱে ঋণ কেলেংকাৰীত জড়িত আৰু দুজনক আটক কৰিছে আৰক্ষীয়ে ৷ লতাশিল থানাৰ আৰক্ষীয়ে ৰঙিয়াৰ পৰা আটক কৰে দুয়োজন অভিযুক্তক ৷ উত্থাপিত অভিযোগ অনুসৰি ভুৱা ষ্টাম্প প্ৰস্তুত আৰু নথি জালিয়াতিত জড়িত আছিল দুয়োজন অভিযুক্ত ৷ আনহাতে, এই ঘটনাৰ লগত জড়িত ৫ জনক ইতিমধ্য়ে গ্ৰেপ্তাৰ কৰিছে লতাশিল আৰক্ষীয়ে ৷

উল্লেখ্য যে ৰে'লৱে বিভাগৰ কৰ্মচাৰীৰ নামত ভুৱা বেংক একাউন্ট খুলি বেংকৰ পৰা ঋণ হিচাপে ১০ কোটি টকা সৰকোৱা বৃহৎ প্ৰৱঞ্চক চক্র এটাক গ্রেপ্তাৰ কৰিছে লতাশিল থানাৰ আৰক্ষীয়ে । অভিযোগ অনুসৰি ৰে'লৱে কর্মচাৰীৰ বেতন জমা হোৱা একাউন্ট সলনি কৰি সেই একাউণ্টৰ জৰিয়তে এই চক্রটোৱে বেংকৰ পৰা ঋণ লৈ আহিছিল । ঋণৰ টকা বেংকৰ পৰা উলিয়াই নিয়া এই চক্ৰটোৰ এনে দুষ্কাৰ্যৰ কথা ঘুণাক্ষৰেও জানিব পৰা নাছিল একাউণ্টৰ গৰাকীসকলে । পৰৱৰ্তী সময়ত উক্ত বেংক একাউণ্টৰ গৰাকীসকলে ঋণ পৰিশোধ নকৰা বাবে বেংকৰ পৰা জাননী লাভ কৰাতহে এই বৃহৎ প্ৰৱঞ্চনাৰ বিষয়ে অবগত হয় ।

বেংকৰ পৰা ঋণ ল'বলৈ এই চক্রটোৱে বিভিন্ন ভুৱা ছীল-চহী ব্যৱহাৰ কৰি আহিছিল । এই জালিয়াতিত জড়িত থকাৰ অভিযোগত লতাশিল থানাৰ আৰক্ষীয়ে মালিগাঁওস্থিত উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ গাণনিক অধীক্ষক ফণীন্দ্র কুমাৰক গ্রেপ্তাৰ কৰিছে । তেওঁৰ লগতে দালাল ৰমজান আলী, মনোজ বাছফ'ৰ, অজিত বাছফ'ৰ আৰু বিৰাজ দাসকো আৰক্ষীয়ে গ্রেপ্তাৰ কৰিছে ।

কেৱল ৰে'লৱে বিভাগৰ কৰ্মচাৰীয়ে নহয়, এই প্রৱঞ্চক চক্রটোৱে ৰে'লৱেত চাকৰি দিয়াৰ নামত বহু লোকৰ পৰা ১৪- ১৫ লাখকৈ টকাও সংগ্রহ কৰিছিল । এই বৃহৎ প্রবঞ্চনাৰ ঘটনা সন্দর্ভত গুৱাহাটীৰ জালুকবাৰী, ভৰলুমুখ, পাণবজাৰ, লতাশিল থানাত কেইবাটাও গোচৰ ৰুজু হৈছে ।

আৰক্ষীয়ে প্রবঞ্চক চক্রটোৰ জিম্মাৰ পৰা ১৯০ খন বেংকৰ ঋণ লোৱা প্র-পত্রও উদ্ধাৰ কৰিছে । মূলতঃ ষ্টেট বেংক আৰু পাঞ্জাব নেচনেল বেংকৰ পৰাই এই চক্রটোৱে কর্মচাৰীৰ নামত ভুৱা একাউণ্টৰ জৰিয়তে ঋণৰ টকা সৰকাই আহিছিল ।

লগতে পঢ়ক:চৰকাৰী আঁচনিৰ নামত ধন সংগ্ৰহ কৰা প্ৰৱঞ্চকক ৰাইজে গতালে আৰক্ষীক

চৰকাৰী চাকৰিৰ প্ৰলোভনেৰে কোটি টকা সংগ্ৰহ; ৰাজকোটত গ্ৰেপ্তাৰ অভিযুক্ত

ABOUT THE AUTHOR

...view details