গুৱাহাটী, ১৪ মে':আজি CJM আদালতত হাজিৰ কৰোৱা হয় সোমবাৰে গ্ৰেপ্তাৰ কৰা দুই দুধৰ্ষ বাংলাদেশী উগ্ৰপন্থীক । আদালতত হাজিৰ কৰোৱাৰ পাছতেই ৯ দিনৰ বাবে অসম আৰক্ষীৰ বিশেষ শাখাৰ জিম্মালৈ প্ৰেৰণ কৰে দুই বাংলাদেশী উগ্ৰপন্থীক । বাহাৰ মিঞা, ৰাচেল হক নামৰ দুই উগ্ৰপন্থীক গুৱাহাটী ৰে'ল ষ্টেচনৰ এক নং প্লেটফৰ্মৰ পৰা সোমবাৰে গ্রেপ্তাৰ কৰিছিল অসম আৰক্ষীৰ বিশেষ শাখাই ।
দুয়োটা বাংলাদেশী উগ্ৰপন্থী সংগঠন আনচাৰুলা বাংলা টীমৰ সদস্য বুলি প্ৰথমিক অনুসন্ধানত পোহৰলৈ আহে । উগ্ৰপন্থী দুটাই গুৱাহাটী হৈ আগৰতলা দিশেৰে বাংলাদেশলৈ যোৱাৰ বাবে গুৱাহাটী ৰে’ল ষ্টেচনত টিকট কাটি থাকোতেই ক্ৰাইম ব্ৰাঞ্চ আৰু বিশেষ শাখাই গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷
জানিব পৰা মতে ভুৱা নথি-পত্ৰেৰে ভাৰতত প্ৰৱেশ কৰিছিল দুই বাংলাদেশী উগ্ৰপন্থীয়ে ৷ ইয়াৰ লগতে দীৰ্ঘদিন পূৰ্বেই ভাৰতত প্ৰৱেশ কৰিছিল বুলি জেৰাত পোহৰলৈ আহে ৷ জানিব পৰা মতে AQISC ৰ নেতাক আধাৰ কাৰ্ডকে ধৰি বিভিন্ন নথি-পত্ৰ প্ৰস্তুত কৰি সহায় কৰিছিল ধৃত উগ্ৰপন্থী দুজনে । বাংলাদেশৰ ব্ৰাহ্মণবাৰী জিলাত বাহাৰ মিঞাৰ ঘৰ বুলি জানিব পৰা গৈছে । আনহাতে ধৃত আনটো উগ্ৰপন্থী ৰাচেল হকৰ ঘৰ বাংলাদেশৰ ঢাকাৰ নেত্ৰকণাত বুলি তথ্য প্ৰকাশ পাইছে ।