গুৱাহাটী,১২ অক্টোবৰ :আজি বিজয়া দশমী । প্ৰতিবছৰে দশমীৰ দিনা বিশেষকৈ প্ৰতিমা বিসৰ্জনৰ সময়ত গুৱাহাটীত ব্যাপত যান-জঁট হোৱা দেখা যায় । যাৰ ফলত পথচাৰী তথা যাত্ৰীসকল বিভিন্ন সমস্যাৰ সন্মুখীন হয় । সেয়ে প্ৰতিমা বিসৰ্জনৰ লগত সংগতি ৰাখি গুৱাহাটীৰ যান-বাহন আৰক্ষীয়ে পথ নিৰ্দেশনা জাৰি কৰিছে । এই নিৰ্দেশনা শনিবাৰ আৰু দেওবাৰৰ বাবে জাৰি কৰা হৈছে । দুৰ্গা পূজা কমিটীসমূহক প্ৰতিমা বিসৰ্জনৰ ক্ষেত্ৰত বিশেষ নিৰ্দেশনা দিয়া হৈছে ।
লাচিত ঘাটত বিসৰ্জনৰ সময়ত প্ৰতিমা অনা বাহনৰ চলাচলত নিৰ্দেশনা :
- চানমাৰিৰ ফালৰ পৰা অহা প্ৰতিমা কঢ়িওৱা সকলো বাহন গুৱাহাটী ক্লাব হৈ এম চি ৰোড বাৰোৱাৰী হৈ গুৱাহাটী উচ্চ ন্যায়ালয় হৈ লাচিত ঘাটলৈ যাব ।
- টোকোবাৰী, পল্টনবজাৰ, উলুবাৰী, ৰিহাবাৰী, বিৰুবাৰী, চাত্ৰিবাৰী, বিষ্ণুপুৰ, আঠগাঁও আৰু ফটাশিল অঞ্চলৰ পৰা অহা প্ৰতিমা কঢ়িওৱা বাহনবোৰ আৰ্য নগৰ-এ.কে আজাদ ৰোড-নেপালী মন্দিৰ হৈ বিশাল পইণ্ট হৈ পানবজাৰ-আৰবিআই পইণ্ট হৈ জিএনবি ৰোড হৈ কেএলবি ৰোড হৈ লাচিত ঘাটলৈ যাব লাগিব ।
- কুমাৰপাৰা আৰু লালগণেশ অঞ্চলৰ পৰা অহা বাহনবোৰ বিষ্ণুপুৰ ৰোড চাবিপুল আৰ্য নগৰ-এ.কে. আজাদ ৰোড হৈ নেপালী মন্দিৰ-গোধুলী বজাৰ হৈ বিশাল পইণ্ট-পানবজাৰ হৈ লাচিত ঘাটলৈ যাব ।
- ৰাজগড়, ভঙাগড় আৰু খ্ৰীষ্টানবস্তি অঞ্চলৰ পৰা অহা প্ৰতিমা কঢ়িওৱা বাহনবোৰ জিএছ ৰোড-ভাঙাগড়-ৰাজগড় ৰোড-কমাৰ্চ কলেজ পইণ্ট হৈ চান্দমাৰি-গুৱাহাটী ক্লাব-এমচি ৰোড হৈ এফচি ৰোড হৈ এমজি ৰোডহৈ লাচিত ঘাটলৈ যাব লাগিব ।
- গণেশগুৰি, দিছপুৰ আৰু কাহিলীপাৰা অঞ্চলৰ পৰা অহা প্ৰতিমা কঢ়িওৱা বাহনবোৰ গণেশগুৰিৰ পৰা জু ৰোড হৈ জিএনবি ৰোড হৈ গুৱাহাটী ক্লাব-এম চি ৰোড হৈ এফ চি ৰোড-এম জি ৰোড হৈ লাচিত ঘাটলৈ যাব লাগিব ।
- উলুবাৰীৰ পৰা বি বৰুৱা ৰোড হৈ টিচি পইণ্টলৈ কোনো প্ৰতিমা কঢ়িওৱা বাহন চলাচল কৰিবলৈ অনুমতি দিয়া নহ'ব । লাচিত ঘাটত বিসৰ্জনৰ পিছত সকলো প্ৰতিমা কঢ়িওৱা বাহন এম.জি ৰোড-ডি.জি ৰোড বা এ.টি ৰোড হৈ যাব লাগিব ।