অসম

assam

ETV Bharat / state

কাজিৰঙাৰ কাকগোঁসানী থানত পৰম্পৰাগত দুৰ্গাপূজা

Durga Puja at Kakgosani Than : স্বৰ্গদেউ গদাধৰ সিংহ স্মৃতি বিজড়িত কাজিৰঙাৰ কাকগোঁসানী থানত আজি মহা সপ্তমী ।

By ETV Bharat Assamese Team

Published : 5 hours ago

Durga Puja at Kakgosani Than
কাজিৰঙাৰ কাকগোঁসানী থানত পৰম্পৰাগত দুৰ্গাপূজা (ETV Bharat Assam)

কাজিৰঙা, ১০ অক্টোবৰ : পৰম্পৰাগত ৰীতি-নীতিৰে দুৰ্গোৎসৱ উদ্‌যাপন কৰিছে স্বৰ্গদেউ গদাধৰ সিংহ স্মৃতি বিজড়িত কাজিৰঙাৰ কাকগোঁসানী থানে ৷ আনহাতে, বৃহস্পতিবাৰে মহা সপ্তমীৰ দিনা কাজিৰঙাৰ কাকগোঁসানী থানত ২ টা ম’হ দেৱীৰ শ্ৰীচৰণত উৎসৰ্গা কৰা হ’ব ৷

তদুপৰি, কেইবা শতাধিক ছাগলী আৰু হাঁহ-পাৰ ইতিমধ্যেই সাজু কৰা হৈছে ৷ কাকগোঁসানী থান পৰিচালনা সমিতিৰ সভাপতি টংকেশ্বৰ বৰা, সম্পাদক কনক দলে আৰু সহকাৰী সম্পাদক পৰেশ দুৱৰাই জনোৱা অনুসৰি, অত্যাচাৰী শাসক ল’ৰাৰজাৰ ভয়ত গদাপাণি কোঁৱৰে পলাই আহি কাজিৰঙাৰ পাণবাৰী হৈ হহৈয়া বিলৰ পাৰত আশ্ৰয় লৈছিল ৷ গদাপাণিয়ে কাক বাঁহৰ ভিতৰত দুৰ্গাদেৱীৰ মূৰ্তি এটা লগত লৈ আহিছিল ৷

কাজিৰঙাৰ কাকগোঁসানী থানত পৰম্পৰাগত দুৰ্গাপূজা (ETV Bharat Assam)

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ গাতে লাগি থকা হহৈয়া বিলৰ পাৰত থকা এজোপা ঔটেঙা গছৰ তলত গদাপাণি এদিন দিনত শুই থাকোঁতে গছৰ পৰা ঔটেঙা এটা গদাপাণিৰ গাত পৰে ৷ লগে লগে গদাপাণিয়ে সাৰ পায় ৷ কিন্তু দুৰ্গাদেৱীক ইমান আৰাধনা কৰাৰ পাছতো দেৱীয়ে ৰক্ষা নকৰি গাত ঔটেঙা পেলাই দিছে বুলি খঙতে গদাপাণিয়ে হাতত থকা কাক বাঁহৰ ভিতৰত থকা দুৰ্গাৰ মূৰ্তিটো হহৈয়া বিলৰ পানীত পেলাই দিয়ে ৷

অৱশ্যে কিছু সময়ৰ পাছতেই ল’ৰাৰজাৰ সৈন্য অহাৰ উমান পাই উক্ত স্থানৰ পৰা গদাপাণিয়ে পলায়ন কৰে ৷ পৰৱৰ্তী সময়ত কাজিৰঙা এলেকাৰে এগৰাকী লোকে উক্ত মূৰ্তি সম্বন্ধে সপোন দেখি ৰাইজৰ সহযোগত মূৰ্তিটো উদ্ধাৰ কৰি পূজা-অৰ্চনা কৰে ৷ প্ৰথমতে হহৈয়া বিলৰ পাৰত পূজা কৰা মূৰ্তিটো পৰৱৰ্তী সময়ত আজিৰ কাকগোঁসানী থান থকা ঠাইলৈ আনে ৷

কাকগোঁসানী থানত একান্তমনে প্ৰাৰ্থনা কৰিলে মনোকামনা পূৰ্ণ হয় বুলি জনবিশ্বাস আছে ৷ বহুতৰ ক্ষেত্ৰত মনোকামনা পূৰণ হোৱাৰ বাবেই প্ৰত্যেক বছৰেই বিভিন্ন ভক্তৰ সমাগম ঘটে এই থানলৈ ৷ যাৰ বাবেই সোতৰ শতিকাত স্থাপন কৰা থানখনত প্ৰত্যেক বছৰে উলহ-মালহেৰে দুৰ্গাপূজা অনুষ্ঠিত কৰি অহা হৈছে ৷

থান সমিতিয়ে জনোৱা অনুসৰি, প্ৰতিবছৰে দুই ধৰণে দুৰ্গাপূজা অনুষ্ঠিত হয় এই কাকগোঁসানী থানত ৷ ব’হাগ মাহত বাসন্তী পূজা হিচাপে দুৰ্গাদেৱীৰ আৰাধনা কৰা এই কাকগোঁসানী থানে কাজিৰঙাৰ জনগণক ৰক্ষা কৰাৰ লগতে ৰাষ্ট্ৰীয় উদ্যানকো সুৰক্ষিত কৰি ৰাখিছে বুলি সকলোৱে বিশ্বাস কৰে ৷ ইপিনে, কাজিৰঙাৰ মুখ্য কেন্দ্ৰস্থল কঁহৰাৰ বাৰোৱাৰী দুৰ্গাপূজা মণ্ডপ আটকধুনীয়াকৈ সজোৱা হৈছে ৷

৭৭ সংখ্যক কঁহৰা বাৰোৱাৰী দুৰ্গাপূজাৰ এইবাৰৰ বিষয়বস্তু 'শৃংখলিত ছাত্ৰ সমাজ' ৷ শেহতীয়াকৈ একাংশ ছাত্ৰই অসামাজিক কাৰ্যকলাপত ব্যস্ত থকাৰ প্ৰতি লক্ষ্য ৰাখি দুৰ্গাপূজা সমিতিয়ে উঠি অহা প্ৰজন্মৰ মানসিকতা সলনি কৰাৰ বাবেই এই পদক্ষেপ গ্ৰহণ কৰিছে বুলি জনাইছে উদ্‌যাপন সমিতিৰ সভাপতি দায়েৰীপ্ৰসাদ উপাধ্যায়, সম্পাদকদ্বয় অংশুমান কৰ আৰু ৰিংকু শৰ্মাই ৷

আনহাতে, মণ্ডপটি এইবাৰ মহা মৃত্যুঞ্জয় মন্দিৰৰ আৰ্হিত নিৰ্মাণ কৰিছে ৷ ইয়াৰ উপৰি কাজিৰঙাৰ হাতীখুলিৰো দুঠাইত দুৰ্গাপূজা অনুষ্ঠিত কৰিছে ৷ ইফালে কাজিৰঙাৰ মণ্ডপে মণ্ডপে ঘূৰিছে মন্ত্ৰী অতুল বৰা ৷ বোকাখাতৰ ৬৫ খন দুৰ্গাপূজা মণ্ডপত দেৱী দৰ্শন কৰাৰ উল্লেখ কৰি ওলগ জনালে ৰাজ্যবাসীক ৷

লগতে পঢ়ক :লোকাৰণ্য কামাখ্যা ধাম; নৱৰাত্ৰিৰ পৰা অব্যাহত কুমাৰী পূজা
লগতে পঢ়ক :শ্ৰীশ্ৰীমহিষমৰ্দিনী দশভূজা দুৰ্গা মন্দিৰত ২৮০ বছৰে নিৰলে চলিছে পূজা-উপাসনা

ABOUT THE AUTHOR

...view details