তিনিচুকীয়া : এছিয়া মহাদেশৰ ভিতৰত প্ৰথম টোপাল তেল ক’ত লাভ কৰিছিল আপুনি বাৰু জানেনে ? হয়, এছিয়া মহাদেশৰ ভিতৰত প্ৰথম টোপাল তেল লাভ কৰিছিল অসমৰ তিনিচুকীয়া জিলাৰ ডিগবৈ চহৰত । তথ্য অনুসৰি, সময় আছিল তেতিয়া 1825 চন । ব্ৰিটিছ সেনাৰ লেফটেনেণ্ট আৰ ৱিলকস্কে (R Wilcox) জংঘলত চিকাৰ কৰিবলৈ যোৱাৰ সময়ত সন্ধান লাভ কৰিছিল তেলজাতীয় পদাৰ্থৰ আৰু লিখি গৈছিল অসমত যথেষ্ট পৰিমাণে তেলজাতীয় পদাৰ্থ থকাৰ কথা । সেইবাবেই অসমত প্ৰথম তেলৰ আৱিষ্কাৰক হিচাপে লেফটেনেণ্ট আৰ ৱিলকস্কক স্বীকৃতি দিয়া হয় ।
পৰৱৰ্তী সময়ত পুনৰ 1867 চনত Assam Railway and Trading Company-এ ডিব্ৰুগড়ৰ পৰা মাৰ্ঘেৰিটালৈ ডব্লিউ এল লেক (WL Lake) নামৰ এগৰাকী অভিযন্তাক ৰে'ললাইন নিৰ্মাণ কৰিবলৈ দায়িত্ব দিয়ে । সেই অভিযন্তাগৰাকীয়ে ডিগবৈত হাতীৰ ভৰিত তেলজাতীয় পদাৰ্থ প্ৰত্যক্ষ কৰে ।
তাৰ পাছতে ডব্লিউ এল লেকে পৰীক্ষা কৰি ডিগবৈত পনীয়া সোণৰ (Liquid Gold) আৱিষ্কাৰ কৰে ৷ চৰ্চিত যে ডিগবৈ পূৰ্বতে ডিগবৈ নলা নামেৰে জনাজাত আছিল । ডিগবৈত প্ৰথমে 1889 চনত তেল আৱিষ্কাৰ হোৱাৰ স্থানত ১ নং তৈলখাদত (Well No-1) 662 ফুট গভীৰতালৈ খনন কৰিছিল আৰু 1890 চনৰ নৱেম্বৰ মাহত সম্পূৰ্ণ কৰিছিল ।
পৰৱৰ্তী সময়ত তেলৰ সন্ধান লাভ কৰাৰ নিশ্চিত হোৱাৰ পাছত ১ নং তৈলখাদত 1891 চনত কাৰিকৰীভাৱে খননকাৰ্য আৰম্ভ কৰি এছিয়া মহাদেশৰ ভিতৰত প্ৰথম টোপাল তেল লাভ কৰা হয় ৷
তাৰ পাছতে 1901 চনত 100 গৰাকী শ্ৰমিকক লৈ বৃটিছে আৰম্ভ কৰে এছিয়া মহাদেশৰ প্ৰথমটো ৰিফাইনেৰী ডিগবৈ শোধনাগাৰৰ কাম । যিটো শোধনাগাৰে ভাৰতবৰ্ষত এক উদ্যোগ ইতিহাসৰ সৃষ্টি কৰে আৰু আজি উক্ত শোধনাগাৰটোৱে 123 টাকৈ বৰ্ষ অতিক্ৰম কৰিলে ।
প্ৰথমটো খনন কৰা তৈলখাদৰ স্থানত শোধনাগাৰ কৰ্তৃপক্ষই এটা সংগ্ৰহালয় (Museum) স্থাপন কৰি এই সকলো তথ্য সুন্দৰকৈ সংৰক্ষণ কৰাৰ লগতে প্ৰদৰ্শনী হিচাপে ঐতিহাসিক সকলো সঁজুলি সংৰক্ষণ কৰি থৈছে আৰু এই সংগ্ৰহালয়ত ৰখা সঁজুলি আৰু তথ্যই আপোনাক লৈ যাব ১৯০১ চনৰ পৌৰাণিক ডিগবৈ চহৰলৈ ।