তিনিচুকীয়া, ১৩ আগষ্ট:প্ৰায় এটা মাহৰ পূৰ্বৰ পৰা অসম-অৰুণাচল সীমান্তত আলফা স্বাধীনৰ এটা বৃহৎ দলে বাহৰ পাতি থকাৰ খবৰ অসম আৰক্ষীৰ হাতত আহি পৰাৰ পাছতে অভিযান তীব্ৰতৰ কৰি তোলা হৈছে জিলাখনৰ বিভিন্ন অঞ্চলত ৷ আছাম ৰাইলছৰ সহযোগত আৰক্ষীয়ে অস্ত্ৰ-শস্ত্ৰৰে সুসজ্জিত হৈ ঘন অৰণ্যতো অভিযান চলোৱা দেখা গৈছে ৷ তিনিচুকীয়া জিলাৰ আৰক্ষী অধীক্ষক অভিজিৎ গৌৰৱ দিলীপে জনাইছে যে কূটাকাঘত ৰোধৰ বাবে আৰক্ষী বাহিনী সম্পূৰ্ণ ৰূপে সষ্টম হৈ আছে ।
তিনিচুকীয়াৰ বৰগুৰিৰ চৰকাৰী উদ্যোগিক প্ৰশিক্ষণ খেলপথাৰত তিনিচুকীয়া জিলা প্ৰশাসনৰ উদ্যোগত উদযাপন কৰিবলগীয়া ৭৮ সংখ্যক স্বাধীনতা দিৱসস্থলীত আজি তিনিচুকীয়া জিলাৰ আৰক্ষী অধীক্ষক অভিজিৎ গৌৰৱ দিলীপ উপস্থিত হৈ এনেদৰে মন্তব্য কৰাৰ লগতে তিনিচুকীয়া জিলাত অতিৰিক্তভাৱে বাহিৰৰ পৰা কমাণ্ডো বাহিনী, অৰ্ধসামৰিক বাহিনী মোতায়েন কৰা হৈছে বুলি সদৰী কৰে ৷
তিনিচুকীয়া জিলাখন যিহেতু স্পৰ্শকাতৰ জিলা হিচাপে চিহ্নিত হৈ আহিছে, তাৰ বাবে তিনিচুকীয়া আৰক্ষীয়ে স্বাধীনতা দিৱসৰ পূৰ্বে যাতে কোনো কূটাঘাতমূলক ঘটনা সংঘটিত নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলাৰ লগতে প্ৰতিটো পথতেই তন্ন তন্নকৈ তালাচীৰ ব্যৱস্থা কৰিছে ।