অসম

assam

ETV Bharat / state

তিনিচুকীয়া পৌৰসভাৰ পৌৰপতিৰ পদত্যাগ - TINSUKIA MUNICIPALITY CHAIRMAN

বহু চৰ্চাৰ অন্তত পদত্যাগ তিনিচুকীয়া পৌৰসভাৰ পৌৰপতি পবিত্ৰ গগৈৰ । ১৫ টা ৱাৰ্ডেৰে গঠিত পৌৰসভাত পৌৰপতিৰ বিৰুদ্ধে পৰে ১১ টা ভোট ।

Tinsukia municipality chairman resigns
তিনিচুকীয়া পৌৰসভাৰ পৌৰপতিৰ পদত্যাগ (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Nov 7, 2024, 5:27 PM IST

তিনিচুকীয়া : অৱশেষত বহু চৰ্চাৰ অন্তত বৃহস্পতিবাৰে পদত্যাগ কৰে তিনিচুকীয়া পৌৰসভাৰ পৌৰপতি পবিত্ৰ গগৈয়ে । ১৫ টাকৈ ৱাৰ্ডেৰে গঠিত তিনিচুকীয়া পৌৰসভাত ১০ গৰাকীকৈ ৱাৰ্ড কমিছনাৰে ১৪ অক্টোবৰত পৌৰপতি পবিত্ৰ গগৈৰ বিৰুদ্ধে আনিছিল অনাস্থা প্ৰস্তাৱ ।

পৌৰসভা আইন অনুসৰি পৌৰপতিৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱৰ উত্থাপনৰ পাচতে জিলা আয়ুক্তই এক পত্ৰৰ জৰিয়তে পৌৰপতিক সংখ্যাগৰিষ্ঠতা প্ৰদৰ্শন কৰিবলৈ ২০ দিন সময় নিৰ্ধাৰণ কৰি দিছিল । কিন্তু সংখ্যাগৰিষ্ঠতা প্ৰদৰ্শন কৰিবলৈ সক্ষম নোহোৱাত বৃহস্পতিবাৰে দিনৰ ১১ বজাত জিলা আয়ুক্তৰ ওচৰত পৌৰপতি পবিত্ৰ গগৈয়ে পৌৰপতি পদৰ পৰা পদত্যাগ কৰে ।

তিনিচুকীয়া পৌৰসভাৰ পৌৰপতিৰ পদত্যাগ (ETV Bharat Assam)

ইয়াৰ সমান্তৰালভাৱে ২০ দিনৰ সময়সীমা অতিক্ৰম কৰাত বৃহস্পতিবাৰে পৌৰসভাৰ কাৰ্যকৰী বিষয়াৰ উপস্থিতিত উক্ত অনাস্থা প্ৰস্তাৱ সন্দৰ্ভত এক ভোটিং প্ৰক্ৰিয়া সম্পন্ন কৰে । উক্ত ভোটিঙত পৌৰপতি পবিত্ৰ গগৈৰ বিৰুদ্ধে ১১ টাকৈ ভোট পৰে । পৌৰপতিৰ বিৰুদ্ধে ১১ টাকৈ ভোট পৰাৰ পাচতে পৌৰপতি পদ একপ্ৰকাৰে পবিত্ৰ গগৈয়ে এৰিবলৈ বাধ্য হয় । বিগত দিনসমূহত চহৰখনৰ উন্নয়নমূলক কাম-কাজত ৱাৰ্ড কমিছনাৰসকল পৌৰপতিৰ বিৰুদ্ধে অসন্তুষ্ট হোৱাৰ অভিযোগ উত্থাপন কৰা অনাস্থাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৯ নম্বৰ ৱাৰ্ডৰ ৱাৰ্ড কমিছনাৰ পুলক চেতিয়াই ।

পদত্যাগ পত্ৰ (ETV Bharat Assam)

ৱাৰ্ড কমিছনাৰ পুলক চেতিয়া উল্লেখ কৰা অনুসৰি, পৌৰপতি পবিত্ৰ গগৈয়ে অনাস্থা প্ৰস্তাৱ দাখিল কৰা ৱাৰ্ড কমিছনাৰসকলৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ত গোচৰো দাখিল কৰিছিল । কিন্তু উচ্চ ন্যায়ালয়ে ইতিমধ্যে অনাস্থা অনা ৱাৰ্ড কমিছনাৰসকলৰ পক্ষত ৰায়দান প্ৰদান কৰিছে ।

পদত্যাগ পত্ৰ (ETV Bharat Assam)

উল্লেখ্য যে তিনিচুকীয়া পৌৰসভাৰ ১৫ টা ৱাৰ্ডৰ আটাইকেইটা ৱাৰ্ডেই বিজেপিৰ দখলত । তাৰ পাচতো ইতিমধ্যে দুবাৰকৈ অনাস্থা প্ৰস্তাৱৰ জৰিয়তে পৌৰপতি সলনি কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে । প্ৰথমবাৰ জয়ন্ত বৰুৱাক সৰ্বসন্মতিক্ৰমে পৌৰপতিৰ দায়িত্ব দিয়াৰ পাচত প্ৰায় ৮ মাহৰ পাচত পদত্যাগ কৰিবলৈ বাধ্য কৰায় । পৰৱৰ্তী সময়ত পুনৰ পবিত্ৰ গগৈক পৌৰপতিৰ দায়িত্ব দিয়ে যদিও বহুদিনৰ পৰা পৌৰসভাৰ ভিতৰত চলি যুঁজখনৰ পাচত বৃহস্পতিবাৰে পদত্যাগ কৰিবলৈ বাধ্য হয় পৌৰপতি পবিত্ৰ গগৈয়ে ।

তেনে পৰিস্থিতিত এতিয়া তিনিচুকীয়া পৌৰসভাত পৰৱৰ্তী পৌৰপতি কোন হ’ব তাক লৈ চলিছে সৰৱ চৰ্চা ৷ এক তথ্য অনুসৰি, শুকুৰবাৰে তিনিচুকীয়া পৌৰসভাত ১৫ গৰাকী ৱাৰ্ড কমিছনাৰ, স্থানীয় বিধায়ক সঞ্জয় কিষাণ আৰু স্থানীয় সাংসদ সৰ্বানন্দ সোণোৱালৰ ভোটৰ জৰিয়তে নিৰ্বাচিত হ’ব একেটা কাৰ্যকালতে তৃতীয়গৰাকী পৌৰপতি ।

লগতে পঢ়ক :পাপ্পু যাদৱ কোন ? চিনি নাপায় মুখ্যমন্ত্ৰীয়ে
লগতে পঢ়ক :দক্ষিণৰ চলচ্চিত্ৰ নিৰ্মাতাৰ ছবিত মুখ্য ভূমিকাত অসমৰ প্ৰীতি কংকণা

ABOUT THE AUTHOR

...view details