তিনিচুকীয়া, ১৪ এপ্ৰিল:আজি পহিলা ব'হাগ ৷ পহিলা ব'হাগৰ দিনটোত তিনিচুকীয়া চহৰৰ বিমলাপ্ৰসাদ চলিহা নগৰ খেলপথাৰত বিগত বৰ্ষসমূহৰ দৰেই দিনযোৰা কাৰ্যসূচীৰে আছুৱে আয়োজন কৰিলে কেন্দ্ৰীয় মুকলি বিহু । তিনিচুকীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ সৌজন্যত সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় মুকলি বিহুৰ আয়োজন কৰা হয় ৷ আৰম্ভণিতে সদৌ অসম ছাত্ৰ সন্থাৰ পতাকা উত্তোলন কৰে সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ সভাপতি সতয় বৰগোহাঁইয়ে । ইয়াৰ পিচতেই শ্বহীদ তৰ্পণ কৰে সাধাৰণ সম্পাদক প্ৰতীম নেওগে । আনহাতে, বিহুৰ পতাকা উত্তোলন কৰে জ্যেষ্ঠ সাংবাদিক অমূল্য খাটনিয়াৰে ৷
উক্ত অনুষ্ঠানৰ পাছতে গায়ন-বায়ন পৰিবেশন কৰাৰ লগতে ভকতবৃন্দ আৰু আইমাতৃসকলৰ পৰা আশীৰ্বাদ গ্ৰহণ কৰে । সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই মুখপত্ৰ 'গতি' উন্মোচন আৰু মুকলি বিহুৰ উদ্বোধন কৰে । অনুষ্ঠানটোত তিনিচুকীয়া জিলাৰ কুৰিৰো অধিক বিভিন্ন জাতি-জনগোষ্ঠীৰ সাংস্কৃতিক দলে মুকলি বিহু পৰিবেশন কৰে ৷ তাৰ পাছতে জনপ্ৰিয় সংগীত শিল্পী ৰমেন দানহ আৰু জনপ্ৰিয় অভিনেতা তথা সংগীতশিল্পী নয়ন নীলিমে সংগীতানুষ্ঠান পৰিবেশন কৰে ৷