তিনিচুকীয়া, ২৩ মে’: তিনিচুকীয়া জিলাৰ টঙনাগাঁও চাহ বাগিচাত ১১ গৰাকীকৈ লোকৰ কলেৰাসদৃশ বেমাৰত আক্ৰান্ত হৈ মৃত্যু হোৱা বুলি খবৰ বিয়পি পৰাৰ পাছতে ৰাজ্যজুৰি সৃষ্টি হৈছিল তীব্ৰ চাঞ্চল্যৰ ৷ সমান্তৰালভাৱে জিলা প্ৰশাসনৰ তৎপৰতাত স্বাস্থ্য বিভাগে গ্ৰহণ কৰে সকলো পদক্ষেপ । তাৰ পাছতে বৃহস্পতিবাৰে তিনিচুকীয়াৰ জিলা আয়ুক্ত স্বপ্নীল পালে এখন সংবাদমেলৰ জৰিয়তে সদৰী কৰে যে মৃত্যু হোৱা কোনো এজন লোক কলেৰা বেমাৰত আক্ৰান্ত হোৱা নাছিল ৷
স্বাস্থ্য বিভাগে টঙনাগাঁও চাহ বাগিচাৰ কুলিবিল লাইনত উপস্থিত হৈ পৰ্যবেক্ষণ কৰাৰ লগতে মৃত লোকসকলৰ পৰিয়ালৰ পৰা সকলো বিৱৰণ গ্ৰহণ কৰে আৰু নমুনাৰ ফৰেনছিক পৰীক্ষা সম্পন্ন কৰে ৷ সকলো তথ্য লাভ কৰাৰ পাছত মৃত ১১ গৰাকীৰ ৯ গৰাকীৰ দেহতেই কলেৰা ৰোগৰ কোনো লক্ষণ নাই বুলি নিশ্চিত হোৱাৰ লগতে এগৰাকীও লোক কলেৰাসদৃশ ৰোগত আক্ৰান্ত হোৱা নাছিল বুলি উল্লেখ কৰে ৷
লগতে পঢ়ক:আশ্চৰ্যকৰ ! চিতাৰ পৰাই তুলি নিলে বৃদ্ধাৰ মৃতদেহ - Suspicious death in tinsukia