অসম

assam

ETV Bharat / state

66 কোটি টকাৰ য়াবা টেবলেটসহ কৰিমগঞ্জত আটক তিনি সৰবৰাহকাৰী - yaba tablets seized - YABA TABLETS SEIZED

Drive against drugs: ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীৰ আন এক বৃহৎ সফলতা ৷ কৰিমগঞ্জত ৬৬ কোটি টকাৰ য়াবা টেবলেট জব্দ ৷ ত্ৰিপুৰাৰৰ তিনি সৰবৰাহকাৰীকো গ্ৰেপ্তাৰ ৷

ANTI DRUGS MISSION ASSAM
বদৰপুৰত ৬৬ কোটি টকাৰ ড্ৰাগছ জব্দ (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Jun 12, 2024, 8:49 PM IST

কৰিমগঞ্জ, 12 জুন: অসম আৰক্ষীয়ে বিগত দুই-তিনিবছৰৰ পৰা তীব্ৰতৰ কৰিছে ড্ৰাগছবিৰোধী অভিযান ৷ তথাপিও বিভিন্ন কৌশল অৱলম্বন কৰি সৰবৰাহ কৰি থকা হৈছে নিষিদ্ধ ড্ৰাগছ ৷ বুধবাৰে কৰিমগঞ্জ আৰক্ষীয়ে জব্দ কৰে বুজন পৰিমাণৰ য়াবা টেবলেট ৷ এই টেবলেটখিনি জব্দ কৰাৰ লগতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে তিনিটাকৈ সৰবৰাহকাৰীক ৷

বদৰপুৰত ৬৬ কোটি টকাৰ ড্ৰাগছ জব্দ (ETV Bharat Assam)

বদৰপুৰৰ লামাজুৱাৰত ৬৬ কোটি টকাৰ য়াবা টেবলেটসহ গ্ৰেপ্তাৰ কৰা হয় সৰবৰাহকাৰী তিনিটাক ৷ গোপন সূত্ৰৰ পম খেদি কৰিমগঞ্জৰ লামাজুৱাৰত আৰক্ষী অধীক্ষক পাৰ্থ প্ৰতীম দাস আৰু আই জি পি পাৰ্থ সাৰথি মহন্তৰ নেতৃত্বত চলা ড্ৰাগছবিৰোধী অভিযানত আৰক্ষীয়ে এই বৃহৎ সফলতা লাভ কৰে ।

লগতে পঢ়ক:বুজন পৰিমাণৰ ড্ৰাগছসহ আৰক্ষীৰ জালত দুই যুৱক

অভিযানৰ সময়ত এখন বলেৰ’ পিক আপ ভেনত তালাচী চলাই বুজন পৰিমাণৰ য়াৱা টেবলেট জব্দ কৰে আৰক্ষীয়ে ৷ তদুপৰি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ত্ৰিপুৰাৰ খাইৰুল হুছেইন, মামুন মিঞা আৰু নবীৰ হুছেইন নামৰ সৰবৰাহকাৰী তিনিটাক ৷ সম্প্ৰতি টেবলেটখিনিৰ লগতে সৰবৰাহকাৰী তিনিটাক লৈ যোৱা হৈছে বদৰপুৰ থানালৈ ৷

ড্ৰাগছবিৰোধী এই বৃহৎ অভিযানৰ সন্দৰ্ভত আই জি পি পাৰ্থ সাৰথি মহন্তই কয়, ‘‘বিগত প্ৰায় আঢ়ৈ বছৰৰ পৰা ড্ৰাগছৰ বিৰুদ্ধে তীব্ৰভাৱে অভিযান চলি আছে ৷ নিৰ্বাচনৰ সময়ত ফৰ্চ যথেষ্ট আছিল, কিন্তু এতিয়া নাই বুলি ভাবি আছে ড্ৰাগছ ব্যৱসায়ীয়ে ৷ কিন্তু তেনেকুৱা নহয়, ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলি থাকিব ৷’’

লগতে পঢ়ক:ড্ৰাগছ আসক্ত যুৱকৰ ছুৰীকাঘাতত তেজেৰে লুতুৰি পুতুৰি এজন

উল্লেখ্য যে, বিভিন্ন সময়ত অসম আৰক্ষীয়ে ড্ৰাগছ জব্দ কৰাৰ লগতে সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰি আহিছে ৷ কিন্তু গ্ৰেপ্তাৰ কৰা ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে আইনীভাৱে কি ব্যৱস্থা গ্ৰহণ কৰা হয় সেয়া স্পষ্ট নহয় ৷ এই সন্দৰ্ভত পাৰ্থ সাৰথি মহন্তই কয়, ‘‘আৰক্ষীয়ে আৰক্ষীৰ কাম নিষ্ঠাসহকাৰে কৰি গৈছে ৷ আইনী প্ৰক্ৰিয়াত যিমানখিনি সময়ৰ প্ৰয়োজন, সেইখিনি লাগিবই ৷’’

লগতে পঢ়ক:হালোৱাটিঙত ড্ৰাগছসহ আৰক্ষীৰ জালত সৰবৰাহকাৰী

ABOUT THE AUTHOR

...view details