জোনাই, 15 মে’ :ৰাজ্যজুৰি ক্ৰমাৎ বৃদ্ধি হৈছে চুৰিকাণ্ডৰ ঘটনা ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে ধেমাজি জিলাৰ জোনাইত এটা চোৰৰ উপদ্ৰৱে নিদ্ৰা কাঢ়িছে ৰাইজৰ ৷ ঘটনা অনুসৰি বিগত বহু দিনৰ পৰাই জোনাই ভিন্ন প্ৰান্তত প্ৰতিদিনে চুৰিকাণ্ড সংঘটিত হৈ আহিছে ৷ এই কথা জোনাই আৰক্ষীক জনোৱাৰ পিচতে আৰক্ষীয়ে চোৰৰ শুংসূত্ৰ উলিয়াবলৈ পৰা নাছিল ৷
কিন্তু মঙলবাৰে দিন বেয়া আছিল চোৰৰ ৷ প্ৰথমে জোনাই ষ্টেট বেংকৰ বিপৰীত দিশে থকা তথা 515 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে থকা URBAN CAFE ত চিচিটিভি কেমেৰাত বন্দী হোৱা এটা দৃশ্যই সকলোকে হতভম্ব কৰিছে ৷ এই দৃশ্যটো হৈছে মঙলবাৰৰ, তেতিয়া সময় পুৱা প্ৰায় 5.30 টা বাজিছে ৷ কেফেখনৰ ভিতৰৰ দুখন চোফাত পুৱা শুই আছিল দুজন কৰ্মচাৰী ৷ এনেতে কেফেৰ ছাটাৰ উঠাই সোমাই আহিল হেলমেট আৰু হাফপেণ্ট পৰিধান কৰা এটা হাই প্ৰফাইল চোৰ ৷ চোৰটোৱে ইফালে-সিফালে চাই আগবাঢ়ি যায় কেফেখনৰ কাউণ্টাৰৰ দিশে ৷ কাউণ্টাৰৰ ওপৰত এগৰাকী কৰ্মচাৰীৰ চাৰ্জিং কৰি ৰখা এটা ম’বাইল চোৰটোৱে নিচিন্তমনে নিজৰ পিচফালৰ পকেটত ভৰাই ওলাই গুচি যায় যদিও গমকে নাপায় শুই থকা দুই কৰ্মচাৰীয়ে ৷
এই সকলো দৃশ্য চিচিটিভি কেমেৰাত বন্দী হয় যদিও সম্ভৱতঃ চোৰটোৱে জ্ঞাত যে কেফেখনত কেমেৰা থকাৰ কথা ৷ সেইবাবে চোৰটোৱে হেলমেট পৰিধান কৰি চুৰি কৰিবলৈ আহিছিল ৷
তাৰ পিচতে কেফেখনৰ লোকে জোনাই আৰক্ষীক ঘটনাৰ কথা অৱগত কৰিছিল যদিও আজি পৰ্যন্ত কোনো চোৰক কৰায়ত্ত কৰি শাস্তি দিয়া পৰিলক্ষিত নহ’ল ৷