অসম

assam

ETV Bharat / state

বৰাকে অতিক্ৰম কৰিলে বিপদসীমা - Barak river

Barak river: ৰেমলৰ প্ৰভাৱ বৰাক নদীৰ ওপৰত । ৰেমলৰ ফলত হোৱা প্ৰৱল বৃষ্টিপাতৰ ফলত ওফন্দি উঠিছে বৰাকৰ বুকু । এক ভয়াবহ বান পৰিস্থিতিৰ দিশে আগবাঢ়িছে বৰাক উপত্যকা ৷

The water level of Barak River has rises in Silchar
বৰাকে অতিক্ৰম কৰিলে বিপদসীমা (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : May 29, 2024, 10:31 PM IST

শিলচৰ,২৯ মে’: সমগ্ৰ দেশৰ লগতে ভয়ংকৰ সাগৰীয় ঘূৰ্ণিবতাহ ৰেমলৰ ব্যাপক প্ৰভাৱ পৰিছে সমগ্ৰ ৰাজ্যত । ৰেমলৰ ফলত হোৱা প্ৰৱল বৃষ্টিপাত তথা বতাহে ব্যাপক ক্ষতিসাধন কৰিছে সৰ্বসাধাৰণ ৰাইজৰ । ইফালে ধাৰাসাৰ বৰষুণৰ ফলত জলস্তৰ বৃদ্ধি পাইছে ৰাজ্যৰ নৈ-উপনৈসমূহৰ । ওফন্দি উঠিছে ৰাজ্যৰ কেইবাখনো নদীৰ বুকু । প্ৰভাৱ পৰিছে বৰাক নদীত । ৰেমলৰ ফলত হোৱা প্ৰৱল বৃষ্টিপাতৰ বাবে ভয়াবহ দিশে আগবাঢ়িছে বৰাকৰ পৰিস্থিতি, শংকিত নৈপৰীয়া ৰাইজ ।

বৰাকে অতিক্ৰম কৰিলে বিপদসীমা (ETV Bharat Assam)

এক ভয়াবহ বান পৰিস্থিতিৰ দিশে আগবাঢ়িছে বৰাক ৷ পুৱাৰে পৰা অব্যাহত থকা বৰষুণৰ বাবে যোৱা কেইবাটাও ঘন্টাত অস্বাভাৱিকভাবে বৃদ্ধি পাইছে বৰাক উপত্যকাৰ প্ৰধান নৈ বৰাক নদীৰ জলপৃষ্ঠ । ইতিমধ্যে বিপদসীমা অতিক্ৰম কৰিছে বৰাক নদীৰ জলপৃষ্ঠই ৷ বৰাক নৈৰ জলপৃষ্ঠৰ বিপদসীমা আছিল ১৯.৮৩ মিটাৰ ৷ বুধবাৰে বিয়লি তিনি বজাত বিপদসীমা অতিক্ৰম কৰি ১৯.৯৩ মিটাৰলৈ বৃদ্ধি পাইছে বৰাকৰ জলস্তৰ ৷

ঘন্টাত ২৫ ছেঃ মিঃ বেগেৰে বৃদ্ধি হৈছে বৰাকৰ জলস্তৰ ৷ বতাহ-বৰষুণৰ বাবে প্ৰশাসনৰ তৰফৰ পৰা কেতবোৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে যদিও ই জনসাধাৰণক আস্বস্ত কৰিব পৰা নাই । বুধবাৰে বৰাক উপত্যকাৰ কাছাৰ, হাইলাকান্দি আৰু কৰিমগঞ্জ জিলাত শিক্ষানুষ্ঠানসমূহ বন্ধ দিয়াৰ উপৰিও আন কেতবোৰ সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে প্ৰশাসনে । কিন্তু বৰাক নৈৰ বাঢ়নি পানীয়ে এতিয়া বিপদঘণ্টা বজাইছে বৰাকত । ইতিমধ্যে তিনিওখন জিলাত বতাহ-বৰষুণে যথেষ্ট ক্ষতিসাধন কৰিছে । ইফালে প্ৰৱল বৰষুণৰ ফলত শিলচৰ চহৰখন কৃত্ৰিম বানৰ কৱলত পৰা দেখা গৈছে ।

লগতে পঢ়ক:ৰেমলৰ ত্ৰাস: বিদ্যালয়গৃহৰ ওপৰত বাগৰি পৰিল গছ - Cyclone Remal Effect

কালিয়নী আৰু দৈগ্ৰোঙৰ ভয়ংকৰ ৰূপ : জন-জীৱনলৈ ভাবুকি - Daigrong And Kaliyoni River

ABOUT THE AUTHOR

...view details