গুৱাহাটী: বছৰৰ শেষত অসমৰ সাহিত্য জগতলৈ এক সুখবৰ । বিশিষ্ট কবি সমীৰ তাঁতীলৈ আগবঢ়োৱা হৈছে সাহিত্য অকাডেমি বঁটা । ‘ফৰিংবোৰে বাটৰ কথা জানে’ শীৰ্ষক কবিতা পুথিখনৰ বাবে তেওঁলৈ এই সন্মান আগবঢ়োৱা হৈছে । বিশিষ্ট কথাশিল্পীগৰাকীলৈ আগবঢ়োৱা এই সম্মানে অসমৰ সাহিত্য জগতলৈ আনন্দৰ বাৰ্তা কঢ়িয়াই আনিছে ।
বঁটা ঘোষণাৰ পিছত বিশিষ্ট কবিগৰাকীয়ে গুৱাহাটীত সাংবাদিকৰ আগত কয় যে, ২০১৮ চনত ‘ফৰিংবোৰে বাটৰ কথা জানে’ কবিতা পুথিখন লিখা হৈছিল । ২০২১ চনত কবিতা পুথিখন প্ৰকাশ হোৱাৰ পিছত ২০২২ চনত এই কবিতা পুথিখন উন্মোচন কৰা হৈছিল । তেওঁ লগতে কয় যে ১৯৮৭ চনত তেওঁ পৰ্যটন বিভাগৰ কেবাগৰাকী বিষয়াৰ লগত উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখন ভ্ৰমণৰ সুযোগ পাইছিল । এই ভ্ৰমণকালত লাভ কৰা বিভিন্ন অভিজ্ঞতা আৰু অনুভৱৰ পৰা কবিতাবোৰ লিখিছিল । পিছত সুদীৰ্ঘকাল এইবোৰ সংশোধিত আৰু পৰিমাৰ্জিত কৰি কবিতা পুথি আকাৰে প্ৰকাশ কৰা হয় । কবিতাবোৰত বিশেষকৈ উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন সমস্যা, ৰাজনৈতিক বিষয় আৰু উগ্ৰপন্থাৰ সমস্যা আদি দিশবোৰ প্ৰতিফলিত হৈছে ।
ইফালে এই বঁটা লাভ সন্দৰ্ভত সমীৰ তাঁতীয়ে কয়, "লেখকে কোনো প্ৰাপ্তিৰ বাবে সৃষ্টি নকৰে । বিশাল জনগণৰ স্বপ্ন, বিষাদ, আনন্দ, হাঁহি, কান্দোন আদি তুলি ধৰি মানৱতাৰ বাবে সৃষ্টি কৰে ।"
উল্লেখ্য যে, ১৯৭৯ চনত 'নাগৰিক' কাকতত সমীৰ তাঁতীৰ প্ৰথমটো কবিতা প্ৰকাশ পায় । বৰ্তমানলৈকে সমীৰ তাঁতীৰ কেবাখনো কবিতাপুথি, সমালোচনা আৰু গদ্য সাহিত্যৰ সংকলন, আফ্ৰিকীয় কবিতা আৰু জাপানী প্ৰেমৰ কবিতাৰ দুখন অনুদিত গ্ৰন্থ প্ৰকাশ পোৱাৰ লগতে তেওঁৰ সম্পাদনাৰে দুখন গল্প সংকলন প্ৰকাশ পাইছে । যুদ্ধভূমিৰ কবিতা (১৯৮৫), শোকাকুল উপত্যকা (১৯৯৩), সময় শব্দ সপোন (১৯৯৬), কদম ফুলাৰ ৰাতি (২০০১) আদি তেওঁৰ প্ৰকাশিত উল্লেখযোগ্য কবিতা সংকলন । তেওঁৰ দুখন কবিতা পুথি ‘বিগলিত প্ৰাৰ্থনা’, ‘ল’গ পাম ক’ৰবাত এদিন’ শেহতীয়াকৈ প্ৰকাশ পাইছে ।