জোনাই, 19 মে’:ধেমাজিৰ উচ্চশিক্ষাৰ অনুষ্ঠান চিলাপথাৰ মহাবিদ্যালয়ত সংঘটিত হৈছে এক ভয়ানক কাণ্ড ৷ অধ্যক্ষৰ প্ৰহাৰত সংকটজনক অৱস্থাত চিকিৎসাধীন মহাবিদ্যালখনত কৰ্মৰত এগৰাকী মহিলা কৰ্মচাৰী ৷
ঘটনাৰ বিৱৰণী অনুসৰি, শনিবাৰে মধু চাহু নামৰ চতুৰ্থ বৰ্গৰ মহিলা কৰ্মচাৰীগৰাকীয়ে মহাবিদ্যালয়তে নিজ কৰ্ম সম্পাদন কৰি থকা অৱস্থাত অধ্যক্ষগৰাকীয়ে বিশেষ কাৰণত তেওঁক মাতে ৷ পিছে মহিলাগৰাকীয়ে এই আদেশ শুনা নোপোৱাৰ কথাটোতে খড়্গহস্ত হৈ পৰে মহাবিদ্যালয়খনৰ অধ্যক্ষ ড৹ লক্ষীনাথ পেগু ৷ তাৰপিছতে খঙত অগ্নিশৰ্মা পেগুৱে মধু চাহুক হাতত থকা তিনিখনকৈ গধুৰ ফাইলেৰে মূৰত প্ৰহাৰ কৰা বুলি উত্থাপিত হৈছে অভিযোগ ৷
উল্লেখ্য যে, মহাবিদ্যালয়খনৰ অধ্যক্ষৰ কোঠালিৰ বাহিৰৰ বাৰান্দাত সংঘটিত হয় এই ঘটনা ৷ অধ্যক্ষগৰাকীৰ এই প্ৰহাৰৰ ফলত মূৰ, মুখৰ লগতে নাকত গুৰুতৰভাৱে আঘাত পায় মধু চাহু নামৰ মহিলা কৰ্মচাৰীগৰাকীয়ে ৷ মহাবিদ্যালয়ৰ আন আন কৰ্মচাৰীসকলে ততালিকে তেওঁক ভৰ্তি কৰোৱায় চিলাপথাৰ মডেল চিকিৎসালয়ত ৷