অসম

assam

বিদেশী ন্যায়াধিকৰণৰ ৰায়ৰ বিৰুদ্ধে ন্যায়ালয়ৰ দ্বাৰস্থ হ’ব এ আই ইউ ডি এফ - Foreigners sent to detention camp

By ETV Bharat Assamese Team

Published : Sep 3, 2024, 8:47 PM IST

AIUDF MLA Rafiqul Islam: বৰপেটাৰ বিদেশী ঘোষিত ২৮ জন লোকক সোমবাৰে গোৱালপাৰা ডিটেনছন কেম্পলৈ প্ৰেৰণ কৰা হয় ৷ ইয়াৰ পাছতেই এই ঘটনাক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰে এ আই ইউ ডি এফৰ বিধায়ক ৰফিকুল ইছলামে । বিদেশী ন্যায়াধিকৰণৰ ৰায়ক প্ৰত্যাহ্বান জনাই দলটোৱে গুৱাহাটী উচ্চ ন্যায়ালয়ত গোচৰ তৰাৰ কথা ব্য়ক্ত কৰে বিধায়ক ৰফিকুল ইছলামে ৷

AIUDF MLA Rafiqul Islam
এ আই ইউ ডি এফৰ জনীয়াৰ বিধায়ক ৰফিকুল ইছলাম (Etv Bharat Assam)

বৰপেটা, ৩ ছেপ্টেম্বৰ:বৰপেটাৰ বিদেশী ন্যায়াধিকৰণৰ ৰায়ৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ত দ্বাৰস্থ হ’ব এ আই ইউ ডি এফ ৷ বৰপেটাৰ ২৮ লোকক অবৈধ ভাৰতীয় বুলি ঘোষণা কৰি গোৱালপাৰা ডিটেনছন কেম্পলৈ প্ৰেৰণ কৰা বিদেশী ন্যায়াধিকৰণৰ ৰায়ক প্ৰত্যাহ্বান জনাই গুৱাহাটী উচ্চ ন্যায়ালয়ত গোচৰ তৰিব এ আই ইউ ডি এফৰ অধ্যক্ষ বদৰুদ্দিন আজমলে ৷ প্ৰয়োজন হ’লে উচ্চতম ন্যায়ালয়ৰো দ্বাৰস্থ হ’ব এ আই ইউ ডি এফৰ অধ্যক্ষগৰাকী ৷ এ আই ইউ ডি এফৰ জনীয়াৰ বিধায়ক ৰফিকুল ইছলামে মঙলবাৰে বৰপেটাত সংবাদমাধ্যমৰ আগত এই কথা ব্যক্ত কৰে ৷

এ আই ইউ ডি এফৰ জনীয়াৰ বিধায়ক ৰফিকুল ইছলাম (Etv Bharat Assam)

বিদেশী ন্যায়াধিকৰণে কিছুদিন পূৰ্বে অবৈধ বিদেশী ঘোষণা কৰা বৰপেটা জিলাৰ ২৮ লোকক সোমবাৰে গোৱালপাৰাৰ ডিটেনছন শিবিৰলৈ প্ৰেৰণ কৰিছিল ৷ বৰপেটা জিলাৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ পৰা নিৰাপত্তা বেষ্টনীৰ মাজেৰে আৰক্ষীৰ এখন বাছেৰে এই লোকসকলক গোৱালপাৰালৈ প্ৰেৰণ কৰা হয় । ইয়াকে লৈ সংশ্লিষ্ট লোকসকলৰ আত্মীয় বুলি দাবী কৰা যথেষ্টসংখ্যক লোক আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সন্মুখত সমবেত হয় ।

নিজৰ ভাতৃ-ভগ্নী তথা আত্মীয়-স্বজনক এনেদৰে ডিটেনছন শিবিৰলৈ প্ৰেৰণ কৰাত বৰপেটা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ চৌহদত শোকাকুল পৰিবেশৰ সৃষ্টি হয় ৷ ইয়াৰ পাছতেই আজি অৰ্থাৎ মঙলবাৰে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে এ আই ইউ ডি এফৰ জনীয়াৰ বিধায়ক ৰফিকুল ইছলামে ৷ বিধায়ক ইছলামে এই ঘটনাত তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি একেটা পৰিয়ালৰ পিতৃ, মাতৃ, ভাতৃ যদি ভাৰতীয়, তেন্তে আন এগৰাকী লোকক বিদেশী ন্যায়াধীকৰণে কেনেকৈ বিদেশী ঘোষণা কৰিব পাৰে বুলি প্ৰশ্ন কৰে ।

তৰুণ গগৈৰ চৰকাৰৰ সময়ত ২০০১ চনৰ পৰা ২০১৬ চনলৈ ৩.৫০ লাখ লোকৰ বিৰুদ্ধে বিদেশী ন্যায়াধিকৰণত গোচৰ ৰুজু কৰাৰ অভিযোগ কৰি বিধায়কগৰাকীয়ে সোমবাৰে ডিটেনছন কেম্পলৈ প্ৰেৰণ কৰা ২৮ জন লোকৰ ভিতৰত ২০ গৰাকী লোকৰ বিৰুদ্ধে কংগ্রেছ চৰকাৰে বিদেশীৰ গোচৰ ৰুজু কৰাৰ অভিযোগ কৰে । হিমন্ত বিশ্ব শৰ্মা কংগ্ৰেছৰ দিনত শিকি অহা কাম এতিয়া কাৰ্যকৰী কৰি মুছলমানক হাৰাশাস্তি কৰি আহিছে বুলি অভিযোগ কৰে ৷

তেওঁ সংখ্যালঘু লোকৰ ওপৰত চলাই অহা অত্যাচাৰ বন্ধ কৰিবলৈ মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনাই সংখ্যালঘু লোকক অত্যাচাৰ-উৎপীড়ন কৰি কোনো ডাঙৰ মানুহ হ’ব নোৱাৰে বুলি মুখ্যমন্ত্রীক উদ্দেশ্যি মন্তব্য কৰে ।

লগতে পঢ়ক:২৮ বিদেশী নাগৰিকক গোৱালপাৰাৰ ডিটেনচন কেম্পলৈ প্ৰেৰণ - Foreigners sent to detention camp

ABOUT THE AUTHOR

...view details