অসম

assam

ETV Bharat / state

বাণিজ্যিক-পৰ্যটনৰ সম্ভেদ বিচাৰি ডিব্ৰুগড়ত উপস্থিত থাইলেণ্ডৰ ৰাষ্ট্ৰদূত পাটাৰাত হংটং - Thai Ambassador visit Dibrugarh - THAI AMBASSADOR VISIT DIBRUGARH

Thai Ambassador visit Dibrugarh: বাণিজ্যিক আৰু পৰ্যটনৰ সম্ভেদ বিচাৰি সোমবাৰে উপস্থিত হয় থাইলেণ্ডৰ ৰাষ্ট্ৰদূত পাটাৰাত হংটং ৷ ডিব্ৰুগড়ৰ আয়ুক্ত কাৰ্যালয়ৰ বিভিন্ন বিভাগৰ লগতে অনুষ্ঠান প্ৰতিষ্ঠানৰ সৈতে আলোচনাত মিলিত হয় থাইলেণ্ডৰ ৰাষ্ট্ৰদূতগৰাকী ৷

Thai Ambassador visit DibrugarhThai Ambassador visit Dibrugarh
ডিব্ৰুগড়ৰ আয়ুক্ত কাৰ্যালয়ত থাইলেণ্ডৰ ৰাষ্ট্ৰদূত পাটাৰাত হংটং (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Aug 19, 2024, 10:44 PM IST

ডিব্ৰুগড় ১৯ আগষ্ট: প্ৰাকৃতিক সম্পদ আৰু পৰ্যটন ক্ষেত্রত ভৰপূৰ দেশৰ ভিতৰতে এখন আগশাৰীৰ ৰাজ্য হিচাপে সুকীয়া পৰিচয় আছে অসমৰ । অসমৰ বিভিন্ন সম্পদক লৈ ভাৰতবৰ্ষই বিভিন্ন ৰাষ্ট্ৰৰ সৈতে বাণিজ্যিক সম্পৰ্ক স্থাপন কৰিবলৈ সক্ষম হৈছে । তেনে সময়ত উত্তৰ-পূৱৰ দুৱাৰমুখ হিচাপে বিবেচিত হোৱা ডিব্ৰুগড় চহৰত আজি অৰ্থাৎ সোমবাৰে বাণিজ্যিক আৰু পৰ্যটনৰ সম্ভেদ বিচাৰি উপস্থিত হয় থাইলেণ্ডৰ ৰাষ্ট্ৰদূত পাটাৰাত হংটং ।

ডিব্ৰুগড়ৰ আয়ুক্ত কাৰ্যালয়ত থাইলেণ্ডৰ ৰাষ্ট্ৰদূত পাটাৰাত হংটং (ETV Bharat Assam)

বাণিজ্যিক আৰু পৰ্যটনৰ ক্ষেত্রত ভাৰত আৰু থাইলেণ্ডৰ মাজত গঢ়ি উঠিব পৰা সম্পৰ্কত ডিব্ৰুগড় জিলাত এই ক্ষেত্ৰত থকা ব্যাপক সম্ভাৱনা সমূহৰ বুজ ল'বলৈ ডিব্ৰুগড়ত উপস্থিত হয় থাইলেণ্ডৰ ৰাষ্ট্ৰদূতগৰাকীৰ । ডিব্ৰুগড়ত উপস্থিত হৈ ডিব্ৰুগড়ৰ আয়ুক্ত কাৰ্যালয়ত আলোচনাত মিলিত হ'ল বিভিন্ন বিভাগৰ লগতে অনুষ্ঠান প্ৰতিষ্ঠানৰ সৈতে । ৰাষ্ট্ৰদূতগৰাকীয়ে বিশেষকৈ জিলা প্ৰশাসন তথা উদ্যোগ-বাণিজ্য বিভাগ, পৰ্যটন বিভাগ আৰু অন্যান্য কেইবাটাও বিভাগ আৰু অনুষ্ঠান-প্ৰতিষ্ঠানৰ বিষয়ববীয়াৰে সৈতে মিলিত হৈ জিলাখনৰ সামগ্ৰিক পৰিস্থিতি বুজ লয় ।

এই অনুষ্ঠানত ডিব্ৰুগড় জিলা প্ৰশাসনৰ হৈ ডিব্ৰুগড়ৰ জিলা আয়ুক্ত বিক্ৰম কৈৰীয়ে ৰাষ্ট্ৰদূতগৰাকীক আদৰণি জনোৱাৰ লগতে অসম চৰকাৰৰ পৰ্যটন সঞ্চালকালয়ৰ হৈ যুটীয়া সঞ্চালক হৃদয়ৰঞ্জন দাসে ৰাষ্ট্ৰদূতগৰাকীক আদৰণি জনায় । ইয়াৰ পাছতে ৰাষ্ট্ৰদূতগৰাকীয়ে ডিব্ৰুগড়ত থকা প্ৰতিষ্ঠান ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ এণ্ড পলিমাৰ লিমিটেড, অইল ইণ্ডিয়া লিমিটেড দুলীয়াজান, ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰ কৰৰ্প'ৰেশ্বন লিমিটেড, নামৰূপ তাপবিদ্যুৎ কেন্দ্র, উত্তৰ-পূৱ বিদ্যুৎ শক্তি নিগম লিমিটেড, অসম পেট্ৰ'কেমিকেলছ লিমিটেড, অসম গেছ কোম্পানী লিমিটেড আৰু চাহ উদ্যোগৰ সৈতে জড়িত বিভিন্ন সন্থা তথা অনুষ্ঠান-প্ৰতিষ্ঠানৰ বিষয়ববীয়াৰ সৈতে মত বিনিময় কৰে ।

এই অনুষ্ঠানসমূহৰ উৎপাদন আৰু থাইলেণ্ডৰ বাণিজ্য‌ ক্ষেত্ৰৰ সৈতে হ'ব পৰা সম্পৰ্কৰ বিষয়ত থাইলেণ্ডৰ ৰাষ্ট্ৰদূতগৰাকীয়ে আলোচনা কৰে বুলি জানিব পৰা গৈছে । এই আলোচনাত থাইলেণ্ডৰ ৰাষ্ট্ৰদূত পাটাৰাত হংটঙে ডিব্ৰুগড়ক কেন্দ্ৰ কৰি দুয়োখন দেশৰ মাজত পৰ্যটন আৰু বাণিজ্যিক সম্পৰ্ক গঢ়ি তুলিব পৰা যথেষ্ট থল আছে বুলি উল্লেখ কৰিছে বুলি জানিবলৈ দিছে ডিব্ৰুগড়ৰ জিলা আয়ুক্ত বিক্রম কৈৰীয়ে । উল্লেখ্য যে ডিব্ৰুগড়ত থকা ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ এণ্ড পলিমাৰ লিমিটেড, ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰ কৰৰ্প'ৰেশ্বন লিমিটেড আৰু অসম পেট্ৰ'কেমিকেলছ লিমিটেডত উৎপাদিত সামগ্ৰী বিশ্বৰ বিভিন্ন দেশত বজাৰ দখল কৰি ইতিমধ্যে বাণিজ্যিক সম্পৰ্ক স্থাপন কৰিবলৈ সক্ষম হৈছে । তেনেস্থলত পুনৰ থাইলেণ্ডৰ সৈতে আন এক বাণিজ্যিক সম্পৰ্ক স্থাপন হ'লে দেশৰ বাবে এক আশাৰ খবৰ কঢ়িয়াই আনিব ডিব্ৰুগড়ত থকা উদ্যোগসমূহে ।

লগতে পঢ়ক:বাস্তৱায়িত হ’ব নে ডিমা হাছাও আৰু কাৰ্বি আংলং জিলাক সামৰি পৃথক স্বায়ত্তশাসিত ৰাজ্য গঠনৰ সপোন ? - DEMANDS FOR AUTONOMOUS STATE

ABOUT THE AUTHOR

...view details