ডিব্ৰুগড়: নিয়তিৰ কৰুণ পৰিহাস ! কোনেও ভবা নাছিল বুবুৰ যে এনে অৱস্থা হ’ব বুলি ৷ নিশালৈকে হাঁহি-মাতি, নাচি-বাগি হুলস্থূল কৰি থকা বুবুৰ বাবে সোমবাৰে পুৱালৈ যেন ৰৈ আছিল কাল ৷ ডিব্ৰুগড়ৰ লাহোৱালৰ চেঁচা দলঙত সংঘটিত হোৱা এক ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈ চিৰদিনৰ বাবে চকু মুদিলে বুবু ওৰফে ঈশান গগৈয়ে ৷
জানিব পৰা মতে, ডিব্ৰুগড়-দুলীয়াজান, জয়পুৰ-নাহৰকটীয়া পথত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনাটো । AS 06 AK 8716 নম্বৰৰ এখন বাহনে নিয়ন্ত্ৰণ হেৰুৱাই নদীত পৰি যোৱাৰ ফলতে এই দুৰ্টনাটো সংঘটিত হয় বুলি প্ৰত্যক্ষদৰ্শীয়ে মতপ্ৰকাশ কৰে ।
ঘটনা পোহৰলৈ অহাৰ পাছতে স্থানীয় ৰাইজে নদীত পৰি থকা বাহনখনৰ পৰা চাৰিজন যুৱকক উদ্ধাৰ কৰি সংকটজনক অৱস্থাত অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে । গাড়ীৰ পৰা উদ্ধাৰ কৰা কেইজন অখিৰাজ গগৈ (28), ত্ৰিদীপ গগৈ (30), লাটু গগৈ (26), বিপ্লৱ গগৈ (28) বুলি জানিব পৰা গৈছে ।
ইফালে বাহনখনৰ ভিতৰত আৰু এজন যুৱক আবদ্ধ হৈ থকা বুলি জানিব পাৰি ঘটনাৰ স্থানত আৰক্ষী আৰু SDRF বাহিনীৰ লোক উপস্থিত উদ্ধাৰ অভিযান চলায় । কিছু সময়ৰ পাচতে দুৰ্ঘটনাত পতিত হৈ নদীৰ বুকুত পৰি ৰোৱা বাহনখনৰ পৰা ঈশান গগৈ নামৰ যুৱকজনক মৃত অৱস্থাত উদ্ধাৰ কৰে উদ্ধাৰকাৰী দলে ৷ এই দুৰ্ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত এক শোকাকুল পৰিৱেশৰ সৃষ্টি হয় ৷